বৰপেটাৰ কাৰাইখাইতিত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ কাৰাইখাইতি বজাৰত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই কাছুমাৰা আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোকজনক ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে।আৰক্ষীৰ অভিযোগ অনুসৰি, ৰফিকুল ইছলামে কাৰাইখাইতি বজাৰত দীৰ্ঘদিন ধৰি চিকিৎসকৰ পৰিচয় দি অবৈধভাৱে চিকিৎসা সেৱা আগবঢ়াই আহিছিল। ইয়াৰ উপৰি, তেওঁ অবৈধভাৱে গৰ্ভপাত কৰোৱাৰ কামতো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি, স্বয়ম্ভু চিকিৎসকজনে এখন ফাৰ্মাচীও অবৈধভাৱে চলাই আহিছিল। কাছুমাৰা আৰক্ষীয়ে অভিযান চলাই ৰফিকুল ইছলামৰ ফাৰ্মাচীৰ পৰা বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে।ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ হোৱা ৰফিকুল ইছলামৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *