ক’ভিড মহামাৰীতকৈ ভয়াৱহ মহামাৰী ৰোগৰ প্ৰাদুৰ্ভাব

বিশ্বজুৰি পুনৰ মহামাৰী প্লেগ (Plague) ৰোগৰ আতংকৰ সৃষ্টি হৈছে ৷ ক’ভিড মহামৰীতকৈও অধিক ভয়াৱহ প্লেগ বেমাৰ ৰাছিয়াৰ পৰা বিয়পিছে বুলি বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে ৷ যাৰ বাবে ৰাছিয়াৰ ২০০ জনৰো অধিক লোকক কোৱাৰেণ্টাইনত ৰখা বুলি জানিব পৰা গৈছে ৷ সমান্তৰালকৈ ৰাছিয়াৰ কেইবাখনো চিকিৎসালয়ক কোৱাৰেণ্টাইন জ’ন হিচাবে ঘোষণা কৰি বন্ধ কৰি দিছে প্ৰশাসনে ৷ৰাছিয়াত শেহতীয়াকৈ আৰম্ভ হৈছে কোৱাৰেণ্টাইন প্ৰক্ৰিয়া ৷ দেশখনত নতুনকৈ প্ৰৱেশ কৰা নাগৰিকক পৃথককৈ ৰখা হৈছে ৷ বিমান বন্দৰৰ পৰা বা বাছেৰে যোৱা মানুহক পৰিয়ালৰ সৈতে লগ হ’বলৈ দিয়া নাই চিকিৎসকে ৷ ৰাজহুৱা স্থানৰ পৰা যোৱা লোকক পৃথককৈ ৰখা হৈছে ৷ ৰাছিয়াৰ স্থানীয় সংবাদ মাধ্যম TASS-এ দাবী কৰা অনুসৰি, সেই গৱেষণা কেন্দ্ৰত কৰ্মত এগৰাকী মহিলা গৱেষকৰ প্লেগ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *