ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি। পূজাৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন পূজা মণ্ডপত আৰম্ভ হৈছে প্ৰস্তুতিৰ কাম। পূজা মণ্ডপ সজাই-পৰাই তোলাৰ লগতে আলোকসজ্জা আৰু অন্যান্য কামতো ব্যস্ত হৈ পৰিছে উদ্যোক্তাসকল।সমান্তৰালভাৱে ব্যস্ততা বৃদ্ধি পাইছে মৃৎশিল্পীসকলৰো। দিন-ৰাতি একাকাৰ কৰি দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে শিল্পীসকল। মাটি, খেৰ আৰু অন্যান্য সামগ্ৰীৰে নিপুণ হাতেৰে প্ৰতিমাক ৰূপ দিয়াৰ কাম এতিয়া পূৰ্ণগতিত চলিছে।প্ৰতিমাৰ আকাৰ আৰু নক্সা অনুসৰি শিল্পীসকলে দিনে-নিশাই কাম কৰি আছে। প্ৰথমে মাটিৰে প্ৰতিমাৰ গাঁথনি প্ৰস্তুত কৰাৰ পিছত ধাপে ধাপে মাটিৰ প্ৰলেপ, শুকোৱা, ৰং কৰা আৰু অলংকাৰ সংযোজনৰ কাম সম্পন্ন কৰা হৈছে।দুৰ্গা পূজাৰ আগমনৰ লগে লগে ৰাজ্যজুৰি সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ। পূজা উপলক্ষে বজাৰতো বৃদ্ধি পাইছে ব্যস্ততা। সামগ্ৰিকভাৱে আগন্তুক দুৰ্গোৎসৱক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী।
ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি
