Blog

অন্য দুই আয়ুক্তক উপেক্ষাৰ অভিযোগ; মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপ সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

অন্য দুই আয়ুক্তক উপেক্ষাৰ অভিযোগ; মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপ সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

দেশৰ স্বতন্ত্ৰ সাংবিধানিক প্ৰতিষ্ঠান নিৰ্বাচন আয়োগক লৈ উত্থাপিত অভিযোগে সমগ্ৰ দেশজুৰি অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰে আন দুই আয়ুক্তক অন্ধকাৰত ৰাখি একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণৰ অভিযোগক লৈ আজি উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। জ্ঞাণেশ কুমাৰৰ স্বৈৰাচাৰিত্বৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আজি কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত তিনিজনীয়া বিশেষ বিচাৰপীঠে উত্থাপিত অভিযোগসমূহৰ সন্দৰ্ভত এসপ্তাহৰ ভিতৰত উত্তৰ দাখিলৰ নিৰ্দেশ দিয়ে। শুনানিকালত বিচাৰপীঠে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰি কয় যে নিৰ্বাচন আয়োগৰ উত্তৰ পৰীক্ষাৰ অন্তত যদিহে প্ৰমাণ ওলায়…
Read More

আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণৰক্ষা; বিশ্বজুৰি বন্দিত ভাৰতীয় পাইলট স্মিত মাচ্চাৰলৈ ম্যানকাইণ্ড ফাৰ্মাৰ এক কোটি টকাৰ পুৰস্কাৰ

আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণৰক্ষা; বিশ্বজুৰি বন্দিত ভাৰতীয় পাইলট স্মিত মাচ্চাৰলৈ ম্যানকাইণ্ড ফাৰ্মাৰ এক কোটি টকাৰ পুৰস্কাৰ

মধ্য আকাশত যাত্ৰীবাহী বিমানত সংঘটিত ভয়ংকৰ আক্ৰমণৰ মাজতো অসীম সাহসিকতাৰে ১৭৪ গৰাকী লোকৰ জীৱন ৰক্ষা কৰা ভাৰতীয় কেপ্টেইন স্মিত মাচ্চাৰক লৈ এতিয়া বিশ্বজুৰি চলিছে ব্যাপক চৰ্চা। ডুবাইৰ পৰা ইজৰাইলৰ তেল আভিভ অভিমুখে যাত্ৰা কৰা ফ্লাইডুবাইৰ এফজেড১০৭৩ নম্বৰৰ বিমানখনত ৩০ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনা। সহ-পাইলটৰ আকস্মিক আক্ৰমণ আৰু প্ৰাণঘাতী পৰিস্থিতিৰ সন্মুখীন হৈয়ো অলপো বিচলিত নহৈ বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰাই বিশ্ববাসীৰ দৃষ্টিত প্ৰকৃত নায়ক হিচাপে পৰিগণিত হয় এইগৰাকী ভাৰতীয় বৈমানিক। কেপ্টেইন মাচ্চাৰৰ এই অসাধাৰণ বীৰত্ব আৰু সংকটকালীন নেতৃত্বক ভূয়সী প্ৰশংসা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ নাম উজ্বলোৱা এই…
Read More
চীনক ধূলিসাৎ কৰি এছিয়ান গেমছৰ হকীত ভাৰতীয় মহিলা দলৰ স্বৰ্ণ জয়; মিজোৰামৰ দুই কন্যালৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা লালদুহোমা চৰকাৰৰ

চীনক ধূলিসাৎ কৰি এছিয়ান গেমছৰ হকীত ভাৰতীয় মহিলা দলৰ স্বৰ্ণ জয়; মিজোৰামৰ দুই কন্যালৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা লালদুহোমা চৰকাৰৰ

জাপানৰ মাটিত ভাৰতীয় ক্ৰীড়া ইতিহাসত সংযোজিত হ’ল আন এক সোণালী অধ্যায়। আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা হকীৰ ফাইনেলত পৰাক্ৰমী চীনক একমাত্ৰ গ’লৰ ব্যৱধানত ধৰাশায়ী কৰি সোণৰ পদক আঁজুৰি আনিলে ভাৰতীয় কন্যাই। দেশক এই ঐতিহাসিক গৌৰৱ উপহাৰ দিয়া দলটোৰ মূল স্তম্ভ হিচাপে জিলিকি উঠিল মিজোৰামৰ দুই প্ৰতিভাশালী খেলুৱৈ লালমেছিয়ামী আৰু লালথান্টলুৱাংগি। ৰাজ্যখনৰ এই দুই ক্ৰীড়া তাৰকাৰ অবিস্মৰণীয় সফলতাত উৎফুল্লিত হৈ প্ৰতিগৰাকীলৈ ২৫ লাখ টকাকৈ নগদ পুৰস্কাৰেৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিছে মিজোৰাম চৰকাৰে। প্ৰথম অৱস্থাত নিজ ৰাজ্যতেই হকী ষ্টিকেৰে সপোন দেখা আৰম্ভ কৰা এই দুগৰাকী খেলুৱৈয়ে পৰৱৰ্তী পৰ্যায়ত থেনজল হকী একাডেমীত কঠোৰ অনুশীলনেৰে নিজকে আন্তঃৰাষ্ট্ৰীয় মানৰ খেলুৱৈ হিচাপে গঢ়ি তুলিছিল। তেওঁলোকৰ…
Read More
দিল্লীত কৰ্তব্যৰত তিনি মহিলা সাংবাদিকক যৌন নিগ্ৰহৰ গুৰুতৰ অভিযোগ; এচিপিৰ বিৰুদ্ধে থানা ঘেৰাও কৰি প্ৰতিবাদ

দিল্লীত কৰ্তব্যৰত তিনি মহিলা সাংবাদিকক যৌন নিগ্ৰহৰ গুৰুতৰ অভিযোগ; এচিপিৰ বিৰুদ্ধে থানা ঘেৰাও কৰি প্ৰতিবাদ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে ৰাজধানী দিল্লী। বিগত তিনি দিন ধৰি ৰাজধানীত অব্যাহত আছে বিভিন্ন দল-সংগঠন, ব্যক্তিৰ প্ৰতিবাদ। আৰু এই প্ৰতিবাদৰ সময়তে পুনৰ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে দিল্লী আৰক্ষী। প্ৰতিবাদত অংশ লোৱা মহিলা প্ৰতিবাদী আৰু প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকৰ সৈতে অশালীন আচৰণৰ অভিযোগত দিল্লী আৰক্ষীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে ছাত্ৰ মহল আৰু সচেতন সমাজ। এই ঘটনাই ৰাষ্ট্ৰীয় ৰাজধানীৰ নিৰাপত্তা ব্যৱস্থা আৰু আৰক্ষীৰ ভূমিকাৰ ওপৰতো গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, যন্তৰ-মন্তৰত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীয়ে যৌন নিগ্ৰহ চলোৱাৰ অভিযোগ উত্থাপন হয়। এগৰাকী ভুক্তভোগী…
Read More
এছিয়ান গেমছৰ স্বৰ্ণজয়ী মিজোৰামৰ দুই খেলুৱৈলৈ চৰকাৰৰ উপহাৰ

এছিয়ান গেমছৰ স্বৰ্ণজয়ী মিজোৰামৰ দুই খেলুৱৈলৈ চৰকাৰৰ উপহাৰ

এছিয়ান গেমছৰ স্বৰ্ণজয়ী মিজোৰামৰ দুই খেলুৱৈলৈ চৰকাৰৰ উপহাৰ ৷ ভাৰতীয় মহিলা হকী দলৰ অন্যতম স্বৰ্ণজয়ী সদস্য লালৰেমচিয়ামি আৰু লালথানতলুৱাংগীক মিজোৰাম চৰকাৰে ২৫ লাখকৈ টকা প্ৰদান কৰিব ৷বিগত ২ অক্টোবৰত জাপানৰ কাকামিগাহাৰাত(Kakamigahara) অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা হকীৰ ফাইনেলত ভাৰতে চীনক ১-০ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণপদক অৰ্জন কৰিছিল । মিজোৰামৰ বাবে এই সাফল্য বিশেষ তাৎপৰ্যপূৰ্ণ । লালৰেমচিয়ামি আৰু লালথানতলুৱাংগী হৈছে এছিয়ান গেমছত পদক অৰ্জন কৰা মিজোৰামৰ প্ৰথম দুগৰাকী খেলুৱৈ । দুয়োগৰাকীয়ে স্বৰ্ণপদক অৰ্জন কৰি ৰাজ্যখনৰ ক্ৰীড়া ইতিহাসত নতুন অধ্যায় সংযোজন কৰিছে ।ঐতিহাসিক এই সাফল্যৰ স্বীকৃতি হিচাপে মিজোৰাম ৰাজ্যিক ক্ৰীড়া প্ৰৰোচনা আঁচনি(MSSIS)-ৰ অধীনত ৰাজ্য চৰকাৰে লালৰেমচিয়ামি আৰু লালথানতলুৱাংগীক ২৫ লাখকৈ টকা প্ৰদান কৰিব…
Read More
কাইলৈ অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন

কাইলৈ অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন

কাইলৈ অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন। সমষ্টিটোত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নগাঁও জিলাৰ ৮ টা আৰু মৰিগাঁও জিলাৰ ৫ টা— মুঠ ১৩ টা বিধানসভা সমষ্টিৰে গঠিত এই বিশাল লোকসভা সমষ্টিটোত উপ-নিৰ্বাচনৰ তথ্য অনুসৰি মুঠ ভোটাৰৰ সংখ্যা ১৯,০২,০০৯ গৰাকী। ইয়াৰে ৯,৫৮,৫৯৫ গৰাকী পুৰুষ ভোটাৰ আৰু ৯,৪৩,৩৬৪ গৰাকী মহিলা ভোটাৰ। জনসংখ্যাৰ গাঁথনি অনুসৰি সমষ্টিটোত ৩৯.৬৫ শতাংশ (৮,৮৭,৩১৪ গৰাকী) হিন্দু ভোটাৰ থকাৰ বিপৰীতে ১১,১৪,৬৯৫ গৰাকী অৰ্থাৎ ৬০.৩৫ শতাংশ সংখ্যালঘু মুছলমান ভোটাৰ আছে।আনহাতে, সমষ্টিটোত মূল যুঁজখন ত্ৰিকোণীয় ৰূপত বিজেপিৰ দেৱাশীষ শৰ্মা, এআইইউডিএফৰ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ শিৱামণি বৰাৰ মাজত হ’ব বুলি ধাৰণা…
Read More
উচ্চতম ন্যায়ালয়ত আজিও সকাহ নাপালে শ্যামকানু মহন্তই

উচ্চতম ন্যায়ালয়ত আজিও সকাহ নাপালে শ্যামকানু মহন্তই

শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত শুনানিতো কোনো তাৎক্ষণিক সকাহ নাপালে তেওঁ। আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন নৱেম্বৰৰ প্ৰথম সপ্তাহত ধাৰ্য কৰিছে।ইয়াৰ পূৰ্বে ২৯ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। পৰৱৰ্তী সময়ত বিষয়টো উচ্চতম ন্যায়ালয়ত উত্থাপন হয়।১৭ আগষ্টৰ শুনানিত চৰকাৰী অধিবক্তাই সময় বিচাৰি আবেদন জনোৱাৰ পিছত আদালতে ৫ অক্টোবৰক পৰৱৰ্তী শুনানিৰ দিন হিচাপে ধাৰ্য কৰিছিল।উচ্চতম ন্যায়ালয়ে ইয়াৰ পূৰ্বে নিম্ন আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলো তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। সেই তথ্য-পাতি পৰ্যালোচনা কৰাৰ পিছতেই গোচৰটোৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।এতিয়া নৱেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’বলগীয়া শুনানিৰ ওপৰত শ্যামকানু মহন্তৰ জামিন আবেদনৰ…
Read More
বীৰ জোৱান নিৰ্মল জিৎ সিং চেখোঁৰ স্মৃতিত গুৱাহাটীত বায়ু সেনাৰ মাৰাথন অনুষ্ঠিত

বীৰ জোৱান নিৰ্মল জিৎ সিং চেখোঁৰ স্মৃতিত গুৱাহাটীত বায়ু সেনাৰ মাৰাথন অনুষ্ঠিত

দেওবাৰে গুৱাহাটীত দ্বিতীয় সংস্কৰণৰ 'চেখোঁ ইণ্ডিয়ান এয়াৰ ফৰ্চ মাৰাথন ২০২৬' (SIM-26) অনুষ্ঠিত হৈ যায়। শাৰীৰিক সক্ষমতা, বীৰত্ব আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এই বিশেষ অনুষ্ঠানটোত উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তৰ দৌৰ অনুৰাগী, বায়ু সেনাৰ জোৱান, প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সাধাৰণ নাগৰিকে অংশগ্ৰহণ কৰে। এই মাৰাথনখন ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ কিংবদন্তি পৰম বীৰ চক্ৰ বিজয়ী ফ্লাইং অফিচাৰ নিৰ্মল জিৎ সিং চেখোঁৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। তেওঁৰ অতুলনীয় সাহস আৰু সৰ্বোচ্চ বলিদান আজিও অনুপ্ৰেৰণাৰ এক চিৰস্থায়ী উৎস হৈ আছে। এজন চৰকাৰী বিষয়াই কয়, "তেওঁৰ বীৰত্ব, দৃঢ়তা আৰু কৰ্তব্যৰ প্ৰতি থকা নিষ্ঠাই প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰেৰণা যোগাই আহিছে আৰু ভাৰতীয় বায়ু সেনাৰ উচ্চ পৰম্পৰাক প্ৰতিফলিত কৰিছে।" পূব…
Read More
এণ্টাৰপ্ৰাইজ নেটৱৰ্কৰ ৰূপান্তৰ ক্ষিপ্ৰ কৰিবলৈ ভি বিজনেছ আৰু চিচকোৰ অংশীদাৰিত্ব

এণ্টাৰপ্ৰাইজ নেটৱৰ্কৰ ৰূপান্তৰ ক্ষিপ্ৰ কৰিবলৈ ভি বিজনেছ আৰু চিচকোৰ অংশীদাৰিত্ব

ভোডাফোন আইডিয়া লিমিটেডৰ এণ্টাৰপ্ৰাইজ শাখা ভি বিজনেছে বৃহস্পতিবাৰে চিচকোৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। ক্ৰমবৰ্ধমান ক্লাউড এডপচন আৰু সৰ্বত্ৰ ব্যাপ্ত কাৰ্যকলাপৰ মাজতে উদ্যোগসমূহক নিজৰ নেটৱৰ্ক আন্তঃগাঁথনি আধুনিকীকৰণ কৰাত সহায় কৰিবলৈ আৰু নিজৰ হাইব্ৰিড এছডি-ৱান পৰ্টফলিঅ’ শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই অংশীদাৰিত্বই চিচকো মেৰাকীৰ সুৰক্ষিত মাল্টি-ৱান সামৰ্থ্য আৰু ভি বিজনেছৰ পৰিচালিত সংযোগ সেৱাক একত্ৰিত কৰি উদ্যোগসমূহক সুৰক্ষিত, চঞ্চল আৰু পৰিমাপযোগ্য নেটৱৰ্ক প্ৰদান কৰিব।  ভি বিজনেছে ২০২৩ চনতে নিজৰ হাইব্ৰিড এছডি-ৱান সেৱা মুকলি কৰিছিল, য’ত লিজড লাইন, ব্ৰডবেণ্ড আৰু চেলুলাৰ নেটৱৰ্ককে ধৰি বিভিন্ন সংযোগ বিকল্পৰ সৈতে এছডি-ৱান, সুৰক্ষা আৰু মাল্টি-ক্লাউড সামৰ্থ্যসমূহ একত্ৰিত কৰা হৈছিল। চিচকো মেৰাকীৰ দ্বাৰা…
Read More