03
Oct
ভাৰত চৰকাৰে দেশৰ নাগৰিকসকলক ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদানৰ পৰা বিৰত থাকিবলৈ এক নতুন সতৰ্কবাণী জাৰি কৰিছে। ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদানে ভাৰতীয় লোকসকলক গুৰুতৰ আৰু মাৰাত্মক বিপদৰ মুখলৈ ঠেলি দিব পাৰে বুলি সাৱধান কৰি দিয়া হৈছে। ৩০ ছেপ্টেম্বৰত জাৰি কৰা বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, বিগত দুবছৰ ধৰি ৰাছিয়াৰ সামৰিক বাহিনীত ভাৰতীয়সকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত জড়িত বিপদসমূহৰ কথা বাৰম্বাৰ উল্লেখ কৰি আহিছে। বিদেশত কৰ্মসংস্থাপন বিচৰা নাগৰিকসকলক চৰকাৰে যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলৈ আৰু এজেণ্ট বা বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ পৰা আগবঢ়োৱা অ-পৰীক্ষিত চাকৰিৰ অফাৰসমূহ এৰাই চলিবলৈ আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি এনে কিছুমান ঘটনাও পোহৰলৈ আহিছে য’ত কিছুমান ব্যক্তিয়ে আৰ্থিক লাভালাভৰ…
