ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদানৰ পৰা বিৰত থাকিবলৈ ভাৰতীয় নাগৰিকক চৰকাৰৰ সতৰ্কবাণী, এই পদক্ষেপক ‘বিপজ্জনক আৰু জীৱনৰ প্ৰতি ভাবুকিস্বৰূপ’ আখ্যা

ভাৰত চৰকাৰে দেশৰ নাগৰিকসকলক ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদানৰ পৰা বিৰত থাকিবলৈ এক নতুন সতৰ্কবাণী জাৰি কৰিছে। ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদানে ভাৰতীয় লোকসকলক গুৰুতৰ আৰু মাৰাত্মক বিপদৰ মুখলৈ ঠেলি দিব পাৰে বুলি সাৱধান কৰি দিয়া হৈছে। ৩০ ছেপ্টেম্বৰত জাৰি কৰা বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, বিগত দুবছৰ ধৰি ৰাছিয়াৰ সামৰিক বাহিনীত ভাৰতীয়সকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত জড়িত বিপদসমূহৰ কথা বাৰম্বাৰ উল্লেখ কৰি আহিছে। বিদেশত কৰ্মসংস্থাপন বিচৰা নাগৰিকসকলক চৰকাৰে যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলৈ আৰু এজেণ্ট বা বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ পৰা আগবঢ়োৱা অ-পৰীক্ষিত চাকৰিৰ অফাৰসমূহ এৰাই চলিবলৈ আহ্বান জনাইছে। 

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি এনে কিছুমান ঘটনাও পোহৰলৈ আহিছে য’ত কিছুমান ব্যক্তিয়ে আৰ্থিক লাভালাভৰ আশাত স্বেচ্ছাই ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদান কৰাৰ সুযোগ বিচাৰিছিল। এইসকল লোকে বিশ্বাস কৰিছিল যে পিছত ভাৰত চৰকাৰৰ সহায়ত এই লোকসকলে মুক্তি লাভ কৰিব পাৰিব। মন্ত্ৰালয়ে লগতে এনে কিছুমান উদাহৰণো লক্ষ্য কৰিছে য’ত একাংশ ব্যক্তিয়ে ভাৰতীয় কৰ্তৃপক্ষৰ কাষ চাপি নিজৰ ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিবলৈ, ৰাছিয়াৰ পাছপৰ্ট ল’বলৈ আৰু পৰৱৰ্তী সময়ত ৰাছিয়াৰ সামৰিক বাহিনীত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। একাংশই ইতিমধ্যে সাময়িক আৰ্থিক লাভৰ প্ৰতি আকৰ্ষিত হৈ ভাৰতীয় কৰ্তৃপক্ষৰ সৈতে পৰামৰ্শ নকৰাকৈয়ে এনে পদক্ষেপ গ্ৰহণ কৰিছে।

চৰকাৰে সতৰ্ক কৰি দিছে যে এনে সিদ্ধান্তৰ ভয়াৱহ পৰিণতি হ’ব পাৰে আৰু ভাৰতীয় নাগৰিকসকলক ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদান কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। ইফালে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, বৰ্তমান ৰাছিয়াৰ সশস্ত্ৰ বাহিনীত কৰ্মৰত ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু কুশল অৱস্থা নিশ্চিত কৰিবলৈ আৰু যিমান সোনকালে সম্ভৱ ভাৰতলৈ ঘূৰাই অনাৰ সুবিধা কৰিবলৈ ভাৰতে ৰাছিয়াৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *