অহা ১১-১২ ডিচেম্বৰত গোৱাত অনুষ্ঠিত হ’ব টিভিএছ মট’চ’ল ৬.০

টিভিএছ মটৰ কোম্পানীয়ে ফ্লেগশ্বিপ মটৰচাইকেল উৎসৱৰ ষষ্ঠ সংস্কৰণ টিভিএছ মট’চ’ল ৬.০ চলিত বৰ্ষৰ ১১ আৰু ১২ ডিচেম্বৰত গোৱাত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।
এই দুদিনীয়া উৎসৱত বাইক আৰোহী, ৰেচাৰ, ক্ৰিয়েটৰ, সংগীতজ্ঞ আৰু মটৰচাইকেল প্ৰেমীসকল একত্ৰিত হ’ব, য’ত মূলতঃ প্ৰদৰ্শন, প্ৰযুক্তি, দুঃসাহসিক অভিযান, কাষ্টমাইজেচন, সংস্কৃতি আৰু সম্প্ৰদায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। বিগত বৰ্ষসমূহত মট’চ’ল নতুন নতুন সামগ্ৰী মুকলি, প্ৰযুক্তি প্ৰদৰ্শন, কাষ্টম মটৰচাইকেল নিৰ্মাণ, মাৰ্চেণ্ডাইজ আৰু বাইক আৰোহীসকলৰ বৰ্ণিল কাৰ্যসূচীৰ বাবে এক উপযুক্ত মঞ্চ হিচাপে পৰিগণিত হৈ আহিছে।
পূৰ্বৰ সংস্কৰণসমূহৰ উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছিল ২০২৩ চনত ডুৱেল-চেনেল এবিএছ আৰু ভইচ এচিষ্টৰ সৈতে টিভিএছ আপাচি আৰটিআৰ ১৬০ ৪ভি মুকলি কৰা, ২০২৪ চনত থলুৱা প্ৰযুক্তিৰ আৰটি-এক্সডি৪ ৩০০ ইঞ্জিন প্লেটফৰ্ম প্ৰদৰ্শন কৰা আৰু ২০২৫ চনত টিভিএছ ৰনিন আগণ্ডা এডিচন মুকলি কৰা। এই উৎসৱত আপাচি আৰু ৰনিন মটৰচাইকেলৰ কাষ্টম ডিজাইন প্ৰদৰ্শনৰ লগতে আল্পাইনষ্টাৰ্ছ, জিভি আৰু এমটি হেলমেটছৰ সৈতে সহযোগিতা আৰু উন্নত আৰোহী-সুৰক্ষা প্ৰযুক্তিও প্ৰদৰ্শন কৰা হৈছে।
মট’চ’ল ৬.০-ত ছটা মূল অভিজ্ঞতাৰ স্তম্ভ থাকিব — এড্ৰেনেলিন, ৰেচক্ৰাফ্ট, কাষ্টম কালচাৰ, কমিউনিটী, কালচাৰ আৰু দায়িত্বশীল মটৰচাইকেল চালনা। কাৰ্যসূচীসমূহৰ ভিতৰত জিমখানা, ডাৰ্ট ট্ৰেক, মট’ক্ৰছ, ষ্টাণ্ট বেটল, এফএমএক্স, ড্ৰিফ্ট ৰেচিং, কৰ্মশালা, প্ৰযুক্তি বিষয়ক আলোচনা, কাষ্টম প্ৰদৰ্শনী, সামূহিক বাইক ৰাইড, লাইভ মিউজিক আৰু বহনক্ষমতাৰ বিভিন্ন পদক্ষেপ অন্তৰ্ভুক্ত থাকিব।
টিভিএছ মটৰ কোম্পানীৰ প্ৰিমিয়াম বিজনেছ হেড বিমল চুম্বলীয়ে এই বিষয়ে কয় যে মট’চ’লে এতিয়া এক গোলকীয় সাংস্কৃতিক মঞ্চৰ ৰূপ লৈছে, যিয়ে কোম্পানীটোৰ প্ৰদৰ্শন-কেন্দ্ৰিক প্ৰিমিয়াম মটৰচাইকেল পৰিৱেশতন্ত্ৰ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *