Blog

১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব লাগিব

১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব লাগিব

নতুন পৰিকল্পনা অনুসৰি, চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব লাগিব। বাকী ৫০ শতাংশ কৰ্মচাৰীয়ে কাৰ্যালয়ৰ পৰা কাম কৰিব।দিল্লীত শীতকালত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে কেইবাটাও নতুন ব্যৱস্থা।এই ব্যৱস্থাৰ ফলত শীতকালীন মাহকেইটাত একে সময়তে কাৰ্যালয়লৈ অহা-যোৱা কৰা লোকৰ সংখ্যা হ্ৰাস পাব বুলি আশা কৰা হৈছে। দিল্লীত শীতকালত বায়ুৰ গুণগত মান যথেষ্ট অৱনতি ঘটাৰ সময়ত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
Read More
মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা

মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা

মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা । সমৃদ্ধি এক্সপ্ৰেছৱে’ৰ ধমনগাঁৱৰ সমীপত শুকুৰবাৰে মাজনিশা এখন তীব্ৰবেগী ট্ৰাকে এখন বলেৰ’ পিকআপ গাড়ীত খুন্দা মৰাৰ ফলত এই দুৰ্ঘনাটো সংঘটিত হয় । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে কমেও পাঁচজন যুৱক নিহত হোৱাৰ লগতে প্ৰায় ১৫-১৮ জন লোক গুৰুতৰভাৱে আহত হয় ।এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, ধমনগাঁও ৰে’লৱেৰ সমীপৰ সমৃদ্ধি এক্সপ্ৰেছৱে'ৰ চেনেল ৯৭ত পুৱা মাজনিশা ১২.৪৫ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় ।সূত্ৰৰ পৰা জানিব পৰা মতে, এখন দুৰ্গা পূজা সমিতিৰ সদস্যসকলে দেৱী দুৰ্গাৰ মূৰ্তি লৈ পিকআপ ভেনেৰে শ্বেগাঁৱৰ পৰা ৱাৰ্ধালৈ গৈ আছিল । ধমনগাঁৱৰ সমীপত পিছফালৰ পৰা ট্ৰাকখনে তেওঁলোকৰ বাহনত খুন্দা মৰাৰ…
Read More
এছিয়ান গেমছৰ বক্সিঙত লাভলীনাৰ স্বৰ্ণ জয়

এছিয়ান গেমছৰ বক্সিঙত লাভলীনাৰ স্বৰ্ণ জয়

জন্মদিনৰ দিনাই এছিয়ান গেমছৰ বক্সিঙত স্বৰ্ণ জয় অসমকন্যা লাভলীনা বৰগোহাঁইৰ ৷ ৭৫ কিলোগ্ৰাম শাখাত চীনৰ প্ৰতিদ্বন্দ্বী বাও ঝিয়িক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই ৷কিংবদন্তি মেৰী কমৰ পাছতে এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপে পৰিগণিত হৈছে লাভলীনা । স্বৰ্ণজয়ৰ পাছতে লাভলীনাক শুভেচ্ছা আৰু প্ৰশংসাৰে উপচাই পেলাইছে বিভিন্নজনে ৷মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাৰ সফলতাক প্ৰশংসা কৰি লিখিছে, ‘‘গ’ল্ডেন গাৰ্ল লাভলীনা ৷ আত্মবিশ্বাস, অটুট মনোবল আৰু দৃঢ় সংকল্পৰে দেশৰ বাবে আজি বক্সিঙৰ ৭৫ কেজি শাখাত এছিয়ান গেমছৰ স্বৰ্ণ জয় কৰি আকৌ এবাৰ ভাৰতৰ ত্ৰিৰংগা বিশ্বমঞ্চত গৌৰৱেৰে উৰুৱালে আমাৰ অসম কন্যা লাভলীনা বৰগোহাঁয়ে । জন্মদিনৰ দিনাই দেশৰ বাবে…
Read More
হেপাটাইটিছত আক্ৰান্ত হৈ মাত্ৰ ১০ দিনৰ ব্যৱধানত মাতৃ-কন্যাৰ কৰুণ মৃত্যু; জীৱন-মৃত্যুৰে যুঁজিছে পুত্ৰই

হেপাটাইটিছত আক্ৰান্ত হৈ মাত্ৰ ১০ দিনৰ ব্যৱধানত মাতৃ-কন্যাৰ কৰুণ মৃত্যু; জীৱন-মৃত্যুৰে যুঁজিছে পুত্ৰই

হাঁহি-ধেমালিৰে ভৰি থকা এটা পৰিয়াললৈ নামি আহিল চৰম অন্ধকাৰ! মাৰাত্মক হেপাটাইটিছ ৰোগত আক্ৰান্ত হৈ মাত্ৰ দহ দিনৰ ভিতৰতে মৃত্যুক সাৱটি ল’লে একেটা পৰিয়ালৰে মাতৃ আৰু কন্যাই। গোলাঘাট জিলাৰ চিনাতলীৰ অন্তৰ্গত চিনাতলী হাবিচোৱা গাঁৱত সংঘটিত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। একেটা ৰোগতে আক্ৰান্ত হৈ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ৰ বিচনাত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে পৰিয়ালটোৰ ১১ বছৰীয়া পুত্ৰ তন্ময় শইকীয়াই। প্ৰাপ্ত তথ্য অনুসৰি, চিনাতলী হাবিচোৱাৰ বাসিন্দা দিলীপ শইকীয়াৰ পত্নী হিমাদ্ৰী শইকীয়া শেহতীয়াকৈ হেপাটাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। পত্নীৰ বিয়োগৰ শোক পাহৰিব নোৱাৰোতেই আৰু তেওঁৰ পিণ্ডদান তথা সকামৰ প্ৰস্তুতি চলি থকাৰ মাজতে এসপ্তাহৰ ভিতৰতে আকৌ হেপাটাইটিছত আক্ৰান্ত হৈ ৯…
Read More
এছ আই আৰ সম্পন্ন হোৱা ৰাজ্যসমূহত ‘ফৰ্ম ৬’ৰ পৰা অতিৰিক্ত ঘোষণা প্ৰত্যাহাৰ কৰিলে নিৰ্বাচন আয়োগে

এছ আই আৰ সম্পন্ন হোৱা ৰাজ্যসমূহত ‘ফৰ্ম ৬’ৰ পৰা অতিৰিক্ত ঘোষণা প্ৰত্যাহাৰ কৰিলে নিৰ্বাচন আয়োগে

​যিবোৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, সেইবোৰ ৰাজ্যত অনলাইন ‘ফৰ্ম ৬’ৰ পৰা এছ.আই.আৰ. সংক্ৰান্তীয় অতিৰিক্ত ঘোষণাটো ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰত্যাহাৰ কৰিছে। ২৯ ছেপ্টেম্বৰৰ নিশা ‘ECINet’ পৰ্টেলত এই সালসলনি কৰা হয়। এতিয়াৰ পৰা এইসমূহ ৰাজ্যত নতুন ভোটাৰ পঞ্জীয়নৰ বাবে ভোটাৰ পঞ্জীয়ন নিয়ম, ১৯৬০ৰ অধীনত নিৰ্ধাৰিত সাধাৰণ ‘ফৰ্ম ৬’ ব্যৱহাৰ কৰা হ’ব। ফৰ্ম ৬-ত অতিৰিক্ত ঘোষণা অন্তৰ্ভুক্ত কৰাক লৈ নিৰ্বাচন আয়োগৰ ভিতৰতে মতবিৰোধৰ সৃষ্টি হৈছিল। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীয়ে এই পৰিৱৰ্তন নিয়ম সংশোধন নকৰাকৈ কাৰ্যকৰী কৰাক লৈ আপত্তি দৰ্শাইছিল আৰু আইন মন্ত্ৰালয়ৰ অনুমোদন অবিহনে ইয়াক অবৈধ বুলি…
Read More
ভাৰতত অ’প’ই মুকলি কৰিলে কে১৪ প্লাছ, মোবাইল ফোনটোত প্ৰদান কৰা হৈছে ৮০০০এমএএইচ বেটাৰী, ১৪৪ হাৰ্টজ এমল্ড ডিছপ্লে

ভাৰতত অ’প’ই মুকলি কৰিলে কে১৪ প্লাছ, মোবাইল ফোনটোত প্ৰদান কৰা হৈছে ৮০০০এমএএইচ বেটাৰী, ১৪৪ হাৰ্টজ এমল্ড ডিছপ্লে

অ’প’ ইণ্ডিয়াই প্ৰদৰ্শন, স্থায়িত্ব, ইমেজিং আৰু বেটাৰী কাৰ্যক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিজৰ শেহতীয়া কে ছিৰিজ স্মাৰ্টফোন অ’প’ কে১৪ প্লাছ মুকলি কৰিছে। এই ফোনটোত মিডিয়া টেক ডাইমেনচিটি ৭৩৬০ মেক্স চিপছেট আছে আৰু ইয়াত ১৭.২২ চি এম ১.৫কে ১৪৪ হাৰ্টজ এমল্ড আলট্ৰা ব্ৰাইট ডিচপ্লে, ৮০০০এমএএইচ বেটাৰী, ৪কে ভিডিঅ’ ৰেকৰ্ডিঙৰ সৈতে ৫০ এমপি অ'আইএছ মূল কেমেৰা আৰু ৫০০০এমএম২ ভিচি কুলিং চিষ্টেম আছে। এই স্মাৰ্টফোনটোৰ মূল্য ৬জিবি+১২৮জিবি ভেৰিয়েন্টৰ বাবে ২৯,৯৯৯ টকা, ৮জিবি+১২৮জিবিৰ বাবে ৩২,৯৯৯ টকা আৰু ৮জিবি+২৫৬জিবিৰ মূল্য ৩৫,৯৯৯ টকা। ৮ অক্টোবৰৰ পৰা ফ্লিপকাৰ্ট আৰু অ’প’ ইণ্ডিয়া ই-ষ্ট’ৰৰ জৰিয়তে বিক্ৰী আৰম্ভ হ’ব। ফ্লিপকাৰ্ট বিগ বিলিয়ন ডে'জ বিক্ৰীৰ সময়ত গ্ৰাহকে ৪,০০০ টকাৰ তৎক্ষণাত বেংক…
Read More
ট্ৰাইৰ পৰীক্ষণত শোণিতপুৰ জিলাত ম’বাইল নেটৱৰ্কৰ প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে তাৰতম্য

ট্ৰাইৰ পৰীক্ষণত শোণিতপুৰ জিলাত ম’বাইল নেটৱৰ্কৰ প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে তাৰতম্য

টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়া চমুকৈ ট্ৰাই-এ অসম লাইচেন্সড চাৰ্ভিচ এৰিয়া(এলএছএ)ৰ অধীনত শোণিতপুৰ জিলাৰ একাংশ অঞ্চলত ম'বাইল নেটৱৰ্কৰ গুণগত মান মূল্যায়ন কৰিছে, য'ত বিভিন্ন টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ কভাৰেজ, কল প্ৰদৰ্শন আৰু ডেটা স্পীডৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তাৰতম্য পৰিলক্ষিত হৈছে। ২০২৬ চনৰ ১০ ৰ পৰা ১৩ আগষ্টলৈ চলোৱা এই আইডিটি(ইণ্ডিপেণ্ডেণ্ট ড্ৰাইভ টেষ্ট)-এ ৩০৮ কিলোমিটাৰ চহৰৰ পথ, ১০টা হটস্পট আৰু ১.৬ কিলোমিটাৰ ৱাক টেষ্ট সামৰি লৈছিল। ট্ৰাইৰ কলকাতাৰ আঞ্চলিক কাৰ্যালয়ৰ তত্বাৱধানত চলোৱা এই কাৰ্যসূচীত ২জি, ৩জি, ৪জি আৰু ৫জি নেটৱৰ্কৰ ভইচ আৰু ডেটা সেৱাৰ মূল্যায়ন কৰা হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি, ৰিলায়েন্স জিঅ' ইনফ'কম(আৰজেআইএল)-এ সৰ্বাধিক ২২১.১৮ এমবিপিএছ গড় ডাউনল'ড স্পীড প্ৰদান কৰিবলৈ সক্ষম…
Read More
২০২৬ বিত্তীয় বৰ্ষত গড়ে ১৫ লাখ টকাৰ ব্যক্তিগত মৃত্যুৰ ক্লেইম আদায় দি শীৰ্ষস্থানত আছে আইচিআইচিআই প্রুডেন্সিয়েল লাইফ

২০২৬ বিত্তীয় বৰ্ষত গড়ে ১৫ লাখ টকাৰ ব্যক্তিগত মৃত্যুৰ ক্লেইম আদায় দি শীৰ্ষস্থানত আছে আইচিআইচিআই প্রুডেন্সিয়েল লাইফ

ডিব্ৰুগড়: আইচিআইচিআই প্রুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে সাৰ্বজনীনভাৱে উপলব্ধ উদ্যোগৰ প্ৰকাশিত তথ্য অনুসৰি ২০২৬ বিত্তীয় বৰ্ষত পৰিয়ালসমূহক গড়ে ১৫ লাখ টকাৰ ব্যক্তিগত মৃত্যুৰ ক্লেইম পৰিশোধ কৰিছে। কোম্পানীটোৱে বছৰেকত ১০,০০০তকৈ অধিক ব্যক্তিগত মৃত্যুৰ ক্লেইম লাভ কৰা জীৱন বীমা কোম্পানীসমূহৰ ভিতৰত সৰ্বাধিক গড় ক্লেইম মূল্য অক্ষুণ্ণ ৰাখিছে। ২০২১ বিত্তীয় বৰ্ষৰ প্ৰায় ১০ লাখ টকাৰ পৰা ২০২৬ বিত্তীয় বৰ্ষত বীমাকাৰীজনৰ গড় ব্যক্তিগত মৃত্যুৰ ক্লেইম ১৫ লাখ টকালৈ বৃদ্ধি পাইছে। কোম্পানীটোৱে জানিবলৈ দিয়া মতে, বিগত ৪টা বিত্তীয় বৰ্ষত গড় ক্লেইমৰ মূল্য প্ৰায় ১৪-১৫ লাখ টকা হৈ আছে। আইচিআইচিআই প্রুডেন্সিয়েল লাইফে ২০২৬ বিত্তীয় বৰ্ষত ৫,১৪৯ কোটি টকাৰ মৃত্যুৰ ক্লেইম নিষ্পত্তি কৰিছে আৰু ক্লেইম নিষ্পত্তিৰ হাৰ ৯৯.৩% বুলি…
Read More
ৰাহুল গান্ধীক ২৬/১১ৰ সন্ত্ৰাসবাদী আজমল কাছাবৰ সৈতে তুলনা; অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ চাইবাৰ এজাহাৰ

ৰাহুল গান্ধীক ২৬/১১ৰ সন্ত্ৰাসবাদী আজমল কাছাবৰ সৈতে তুলনা; অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ চাইবাৰ এজাহাৰ

দেশৰ গণতান্ত্ৰিক ৰাজনীতিত বিৰোধী নেতাক এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰি সামাজিক মাধ্যমত সৃষ্টি কৰা হৈছে এক চৰম বিতৰ্কৰ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক মুম্বাই ২৬/১১ আক্ৰমণৰ ফাঁচী প্ৰাপ্ত পাকিস্তানী সন্ত্ৰাসবাদী আজমল কাছাবৰ সৈতে তুলনা কৰি ভাৰতীয় বায়ুসেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত ফ্লাইট লেফটেনেণ্টে বিতৰ্কিত মন্তব্য কৰাৰ পিছতেই দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছে। অভিযুক্ত প্ৰাক্তন বিষয়া অনুপ বাৰ্মাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত ইতিমধ্যে চাইবাৰ আৰক্ষীৰ দ্বাৰস্থ হৈছে কংগ্ৰেছ সেৱা দলৰ আইনী কোষ। অনুপ বাৰ্মাই সামাজিক মাধ্যম ‘এক্স’ত ৰাহুল গান্ধী আৰু সন্ত্ৰাসবাদী আজমল কাছাবৰ এখন ফটো ক’লাজ শ্বেয়াৰ কৰিছিল। দুয়োজনে কান্ধত বেগ লৈ থকা ফটোখনৰ কেপশ্বনত প্ৰাক্তন বিষয়াজনে লিখিছিল- "সম্পূৰ্ণ আত্মবিশ্বাসেৰে মই…
Read More
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ ‘ভাৰত ৰত্ন’ প্ৰদানৰ দাবী; প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ এনচিপিআইৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ ‘ভাৰত ৰত্ন’ প্ৰদানৰ দাবী; প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ এনচিপিআইৰ

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত এক আনুষ্ঠানিক দাবী উত্থাপন কৰিছে নেচনেলিষ্ট চিটিজেনছ পাৰ্টী অৱ ইণ্ডিয়াই (এনচিপিআই)। বিৰোধী দলসমূহে বিশেষ নিবিড় সংশোধনী (এছআইআৰ) আৰু ভোটাৰ তালিকাৰ প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে দলটোৰ এই পদক্ষেপে ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে। প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত এনচিপিআইৰ ৰাষ্ট্ৰীয় সভাপতি জ্যোতিপ্ৰকাশ চেটাৰ্জীয়ে ২০২৬ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত কুমাৰে প্ৰদৰ্শন কৰা বলিষ্ঠ নেতৃত্বৰ ভূয়সী প্ৰশংসা কৰে। ৰাজ্যখনত দীৰ্ঘদিন ধৰি চলি অহা নিৰ্বাচনী হিংসা, ভাবুকি আৰু অনিয়মৰ ইতিহাস থকাৰ পিছতো ২০২৬…
Read More