Blog

এখন গাঁৱত ৫০ৰো অধিক পুৰুষক বিহ দি হত্যা নিজ পত্নীৰ! বিশ্ব কঁপোৱা ‘এঞ্জেল মেকাৰ্ছ’ কাণ্ডৰ আঁৰৰ কাৰণ কি?

এখন গাঁৱত ৫০ৰো অধিক পুৰুষক বিহ দি হত্যা নিজ পত্নীৰ! বিশ্ব কঁপোৱা ‘এঞ্জেল মেকাৰ্ছ’ কাণ্ডৰ আঁৰৰ কাৰণ কি?

এনে এখন গাঁও, য’ত নিজৰ পত্নীয়েই বিষ দি হত্যা কৰিছিল স্বামীক। এজন-দুজন নহয়, গাঁওখনৰ ৫০ জনৰো অধিক পুৰুষক একেই পদ্ধতিৰে হত্যা কৰিছিল তেওঁলোকৰ নিজ নিজ পত্নীয়ে। কুৰি শতিকাৰ আৰম্ভণিতে ইউৰোপৰ শান্ত বুকুত সংঘটিত এই লোমহৰ্ষক ঘটনাই ইতিহাসৰ পাতত সৃষ্টি কৰি থৈ গৈছে এক শিঁহৰণকাৰী অধ্যায়। বুদাপেষ্টৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ দক্ষিণে অৱস্থিত নাদীৰেভ নামৰ এখন ভিতৰুৱা গাঁৱত সংঘটিত হৈছিল এই নিৰ্মম কাণ্ড। ১৯১১ চনৰ পৰা ১৯২৯ চনৰ ভিতৰত ইটোৰ পিছত সিটো পৰিয়ালত পুৰুষৰ ৰহস্যজনক মৃত্যু ঘটাৰ পিছত যেতিয়া প্ৰায় ৫০ গৰাকী মহিলাৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়, তেতিয়াই ১৯২৯ চনৰ ৪ ডিচেম্বৰত আমেৰিকাৰ প্ৰখ্যাত বাতৰিকাকত ‘নিউয়ৰ্ক টাইমছ’ত প্ৰকাশ পাইছিল এই…
Read More
ছুৰীকাঘাতৰ পিছতো ককপিটৰ দুৱাৰ খুলি ১৮০ যাত্ৰীৰ প্ৰাণ ৰক্ষা ভাৰতীয় পাইলট স্মিত মাচ্ছাৰৰ; ভূয়সী প্ৰশংসা নেতান্যাহু আৰু ট্ৰাম্পৰ

ছুৰীকাঘাতৰ পিছতো ককপিটৰ দুৱাৰ খুলি ১৮০ যাত্ৰীৰ প্ৰাণ ৰক্ষা ভাৰতীয় পাইলট স্মিত মাচ্ছাৰৰ; ভূয়সী প্ৰশংসা নেতান্যাহু আৰু ট্ৰাম্পৰ

অসহ্য যন্ত্ৰণাৰ মাজতো ১৮০ গৰাকী বিমান যাত্ৰীৰ জীৱন ৰক্ষা কৰি আজি বিশ্বজুৰি চৰ্চিত হৈ পৰিছে এগৰাকী ভাৰতীয় মূলৰ পাইলট। অতি শেহতীয়াকৈ ডুবাইৰ পৰা ইজৰাইলৰ তেল আভিভ অভিমুখী 'ফ্লাইডুবাই' বিমানত সংঘটিত শ্বাসৰুদ্ধকৰ ঘটনাৰ সময়ত সেই বিমানখনৰে মুখ্য পাইলট আছিল ভাৰতীয় মূলৰ কেপ্টেইন স্মিত মাচ্ছাৰ। ওমানৰ নাগৰিক সহ-পাইলটৰ একাধিকবাৰ ছুৰীকাঘাতৰ ফলত অচেতন হৈ ঢলি পৰাৰ পূৰ্বেই স্মিত মাচ্ছাৰে গ্ৰহণ কৰা তাৎক্ষণিক সিদ্ধান্তৰ বাবেই ৰক্ষা পৰে বিমানখনৰ সকলো যাত্ৰী। পাইলটগৰাকীৰ এই সাহসিকতাৰ এতিয়া ভূয়সী প্ৰশংসা কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ লগতে বিশ্বৰ শীৰ্ষ নেতাসকলে। বুধবাৰে বেন গুৰিয়ন বিমানবন্দৰত প্ৰধানমন্ত্ৰী নেতান্যাহুৰ সৈতে বাৰ্তালাপৰ সময়ত এই শিহৰণকাৰী তথ্য সদৰী কৰে বিমানখনৰ…
Read More
কনভয়ৰ বাবে এম্বুলেন্স ৰখাই দিয়া কাণ্ডত ৰোগী আৰু পৰিয়ালৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মুখ্যমন্ত্ৰীৰ; চাৰিজন আৰক্ষীক তাৎক্ষণিক নিলম্বন

কনভয়ৰ বাবে এম্বুলেন্স ৰখাই দিয়া কাণ্ডত ৰোগী আৰু পৰিয়ালৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মুখ্যমন্ত্ৰীৰ; চাৰিজন আৰক্ষীক তাৎক্ষণিক নিলম্বন

জৰুৰী চিকিৎসাৰ প্ৰয়োজনত থকা এখন এম্বুলেন্স ভিআইপি কনভয়ৰ বাবে ৰখাই দিয়াৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শিলচৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ক অগ্ৰাধিকাৰ দিবলৈ গৈ এখন এম্বুলেন্স আবদ্ধ কৰি ৰখাৰ ঘটনাত বুধবাৰে ৰোগীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ ওচৰত আনুষ্ঠানিকভাৱে ক্ষমা প্ৰাৰ্থনা জনায় মুখ্যমন্ত্ৰীয়ে। ইয়াৰ সমান্তৰালকৈ কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত ঘটনাৰ সৈতে জড়িত চাৰিজন আৰক্ষী কৰ্মীক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। সামাজিক মাধ্যম এক্সত এক বাৰ্তা প্ৰেৰণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই এই কাৰ্যক গৰিহণা দি কয়, "জৰুৰী চিকিৎসা সেৱাৰ প্ৰয়োজনত থকা এটা জীৱনতকৈ কোনো মুখ্যমন্ত্ৰীৰ বাহনৰ পথ কেতিয়াও অগ্ৰাধিকাৰ পাব নোৱাৰে।" সাধাৰণ নাগৰিকৰ যাতায়াতত যাতে ভিআইপি চলাচলৰ বাবে কোনো ব্যাঘাত নজন্মে, তাৰ…
Read More
এছিয়ান গেমছৰ ফাইনেলত লাভলীনা বৰগোহাঁই; বিশ্ব চেম্পিয়নক হৰুৱাই নিশ্চিত কৰিলে ৰূপৰ পদক

এছিয়ান গেমছৰ ফাইনেলত লাভলীনা বৰগোহাঁই; বিশ্ব চেম্পিয়নক হৰুৱাই নিশ্চিত কৰিলে ৰূপৰ পদক

পুনৰ এবাৰ বিশ্বৰ মঞ্চত উজ্বলি উঠিল অসম কন্যা লাভলীনা বৰগোহাঁই। জাপানৰ আইচিত চলি থকা বিংশতিতম এছিয়ান গেমছত আজি ভাৰতীয় বক্সাৰগৰাকীয়ে কাজাখস্তানৰ নাটালিয়া বগদানোভাক পৰাস্ত কৰি মহিলাৰ ৭৫ কেজি ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰে। এক শ্বাসৰুদ্ধকৰ ছেমিফাইনেলত চলিত বৰ্ষৰ ৭০ কেজি শাখাৰ বিশ্ব চেম্পিয়ন নাটালিয়াক ৩-২ ব্যৱধানত পৰাভূত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে এছিয়াডৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ লগতে দেশৰ বাবে কমেও এটা ৰূপৰ পদক সুনিশ্চিত কৰে অসমৰ খেলুৱৈগৰাকীয়ে। প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডত কাজাখ বক্সাৰগৰাকীয়ে তীব্ৰ আক্ৰমণাত্মক আৰম্ভণি কৰি ৰাউণ্ডটো নিজৰ দখললৈ আনে। তাৰ পিছতেই দ্বিতীয় ৰাউণ্ডত দেখিবলৈ পোৱা গ'ল অলিম্পিক পদক বিজয়ী লাভলীনাৰ এক অপ্ৰতিৰোধ্য প্ৰত্যাৱৰ্তন। ভাৰতীয় তাৰকাগৰাকীয়ে খেলখনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ…
Read More
মণিপুৰত এনআইএৰ অভিযানত তিনি উগ্ৰপন্থী গ্ৰেপ্তাৰ; আইইডি বিস্ফোৰণ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কনভয় আক্ৰমণৰ সৈতে জড়িতৰ সন্দেহ

মণিপুৰত এনআইএৰ অভিযানত তিনি উগ্ৰপন্থী গ্ৰেপ্তাৰ; আইইডি বিস্ফোৰণ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কনভয় আক্ৰমণৰ সৈতে জড়িতৰ সন্দেহ

উগ্ৰপন্থী কাৰ্যকলাপৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনআইএয়ে মণিপুৰত পুনৰ তিনিজন সন্দেহযুক্ত উগ্ৰপন্থীক আটক কৰে। ২০২৪ চনৰ দুটা পৃথক হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কেন্দ্ৰীয় সংস্থাটোৱে এই তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই ঘটনাসমূহৰ ভিতৰত ২০২৪ চনৰ এপ্ৰিল মাহত সংঘটিত এক মাৰাত্মক আইইডি বিস্ফোৰণ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ কনভয়ক লক্ষ্য কৰি চলোৱা সশস্ত্ৰ আক্ৰমণৰ গোচৰ অন্যতম। প্ৰথমটো গোচৰত এনআইএই যোৱা ২৫ ছেপ্টেম্বৰত বিষ্ণুপুৰ জিলাৰ ট্ৰংলাওবীত সংঘটিত আইইডি বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত ৪৮ বছৰীয়া থাংমাং হাওকিপ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ২০২৪ চনৰ ৭ এপ্ৰিলত কাষৰীয়া পাহাৰৰ পৰা ৰিম’টৰ সহায়ত সংঘটিত কৰা এই ভয়ংকৰ বিস্ফোৰণটোত একেটা…
Read More
নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত ৯ জন সন্দেহযুক্ত বাংলাদেশী আটক

নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত ৯ জন সন্দেহযুক্ত বাংলাদেশী আটক

কাঁটাতাঁৰ পাৰ হৈ বাংলাদেশৰ পৰা ভাৰতলৈ অব্যাহত আছে অবৈধ অনুপ্ৰৱেশ। এই সময়তে বঙাইগাঁৱত সন্দেহযুক্ত বিদেশীৰ এটা দল আটক হোৱাৰ ঘটনাই পুনৰ সৃষ্টি কৰিলে তীব্ৰ চাঞ্চল্যৰ। জিলাখনৰ নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত অভিযান চলাই মঙলবাৰে বিয়লি ৰে’ল আৰক্ষীৰ (জিআৰপি) সহযোগত বঙাইগাঁও সীমান্ত আৰক্ষীয়ে ৯ জনকৈ সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰে। প্ৰাথমিক তথ্য অনুসৰি, যোৱা ২৯ ছেপ্টেম্বৰৰ বিয়লি প্ৰায় ৫ বজাত এই ৯ জনীয়া দলটো নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত উপস্থিত হয়। তেওঁলোকৰ চাল-চলনত সন্দেহ ওপজাত ষ্টেচনত নিয়োজিত জিআৰপি আৰু সীমান্ত আৰক্ষীৰ এটা দলে আটাইকেইজনকে কৰায়ত্ত কৰে। তদন্তত প্ৰকাশ পাইছে যে দলটোৱে নিউ বঙাইগাঁৱৰ পৰা ৰে’লযোগে চেন্নাইলৈ যাত্ৰা কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছিল। ধৃত লোককেইজনক…
Read More
চৰকাৰী বিদ্যালয় পৰিদৰ্শনত কোনো নিষেধাজ্ঞা নাইঃ সামাজিক মাধ্যমত স্থিতি স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

চৰকাৰী বিদ্যালয় পৰিদৰ্শনত কোনো নিষেধাজ্ঞা নাইঃ সামাজিক মাধ্যমত স্থিতি স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বই অসমৰ বিভিন্ন জিলাৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰাক লৈ দুটা ভাগত বিভক্ত হৈছে নেটিজেন। একাংশই এই পৰিদৰ্শনৰ সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই দিল্লীৰ পৰা অসমলৈ আহি স্কুল পৰিদৰ্শন কৰাৰ প্ৰয়োজন নাই বুলি সমালোচনা কৰিছে। একে সময়তে চিজেপিৰ দলক বিদ্যালয় পৰিদৰ্শন কৰাত বাধা দিয়াৰো অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে। এনে সময়তে এইবাৰ স্থিতি স্পষ্ট কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে বিদ্যালয় শিক্ষা বিভাগে কোনো অভিভাৱক, নাগৰিক বা দল-সংগঠনক চৰকাৰী বিদ্যালয় পৰিদৰ্শনত বাধা আৰোপ কৰি কোনো জাননী জাৰি কৰা নাই। সামাজিক মাধ্যমযোগে শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে, "মই স্পষ্ট কৰি দিব বিচাৰো যে বিদ্যালয় শিক্ষা বিভাগে চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়সমূহ…
Read More
মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগ প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই কৰোৱাৰ দাবী; ভোট চুৰিৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদৰ হুংকাৰ ৰাহুল গান্ধীৰ

মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগ প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই কৰোৱাৰ দাবী; ভোট চুৰিৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদৰ হুংকাৰ ৰাহুল গান্ধীৰ

ভোট চুৰিৰ অভিযোগ আৰু এছআইআৰ প্ৰসংগক লৈ দেশজুৰি অব্যাহত আছে ৰাজনৈতিক উত্তাপ। এই সময়তে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ কাৰ্যনিৰ্বাহক সমিতিৰ (চিডব্লিউচি) গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতেই নিৰ্বাচন আয়োগ আৰু শাসকীয় বিজেপি দলক তীব্ৰ বাক্যবাণেৰে আক্ৰমণ কৰে বিৰোধী দলপতিগৰাকীয়ে। মুখ্য নিৰ্বাচন আয়ুক্তৰ ভূমিকাক লৈ প্ৰশ্ন তুলি ৰাহুল গান্ধীয়ে কয়, "মুখ্য নিৰ্বাচন আয়ুক্তই কোনো সুৰক্ষা নোহোৱাকৈ কাম কৰিব নোৱাৰে। জ্ঞানেশ কুমাৰক প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে সুৰক্ষা প্ৰদান কৰি আহিছে। মুখ্য নিৰ্বাচন আয়ুক্ত যাবই লাগিব। তেওঁৰ পদত্যাগ নিশ্চিত। প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই জ্ঞানেশ কুমাৰক পদত্যাগ কৰোৱাব। আমি জনতাৰ মাজলৈ যাব লাগিব।…
Read More
এছিয়ান গেমছ: নীৰু ধাণ্ডা আৰু কীনান চেনাইৰ যুটীয়ে অভিলেখ ভংগ কৰি লাভ কৰিলে মিক্সড ট্ৰ্যাপ সোণৰ পদক

এছিয়ান গেমছ: নীৰু ধাণ্ডা আৰু কীনান চেনাইৰ যুটীয়ে অভিলেখ ভংগ কৰি লাভ কৰিলে মিক্সড ট্ৰ্যাপ সোণৰ পদক

এছিয়ান গেমছৰ শ্বুটিং প্ৰতিযোগিতাত ভাৰতীয় শ্বুটাৰ নীৰু ধাণ্ডা আৰু কীনান চেনাইৰ যুটীয়ে ঐতিহাসিক সাফল্য অৰ্জন কৰিছে। বুধবাৰে অনুষ্ঠিত ট্ৰ্যাপ মিক্সড টিম (Trap Mixed Team) ইভেন্টত দুর্দান্ত প্ৰদৰ্শন দাঙি ধৰি ভাৰতীয় যুটীটোৱে স্বৰ্ণ পদক লাভ কৰাৰ লগতে মহাদেশীয় অভিলেখো ভংগ কৰে।ফাইনেলত ভাৰতীয় দলটোৱে ৩৪ পইণ্ট সংগ্ৰহ কৰি সোণৰ পদক নিজৰ নামে কৰে। এই প্ৰদৰ্শনৰ জৰিয়তে তেওঁলোকে কাটাৰৰ নামত থকা ৩০ পইণ্টৰ পূৰ্বৰ এছিয়ান অভিলেখটোক পিছ পেলায়। প্ৰতিযোগিতাত কাটাৰৰ মহম্মদ আল-ৰুমাইহি আৰু ৰে বাছিলৰ যুটীয়ে ৩২ পইণ্ট লাভ কৰি ৰূপৰ পদক আৰু চীনৰ কি ইং আৰু ছুন য়ুনঙে ২৩ পইণ্ট লাভ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ২৬ বছৰীয়া নীৰু ধাণ্ডাৰ বাবে এই…
Read More
পলাশবাৰীৰ এজাহাৰক লৈ জ্ঞানশ্ৰী বৰাৰ প্ৰতিক্ৰিয়া: “এজাহাৰ নহয়, স্কুলৰ টিনপাত সলাওক চৰকাৰে”

পলাশবাৰীৰ এজাহাৰক লৈ জ্ঞানশ্ৰী বৰাৰ প্ৰতিক্ৰিয়া: “এজাহাৰ নহয়, স্কুলৰ টিনপাত সলাওক চৰকাৰে”

ককৰোচ জনতা পাৰ্টিয়ে (CJP) দাবী কৰিছে যে আশুতোষ ৰাংকাকে ধৰি দলটোৰ নেতা-কৰ্মীসকল আৰক্ষীৰ জিম্মাত থকাৰ সময়তে তেওঁলোকে অসম ৰাজ্যিক সমিতি গঠন কৰিছে। সংবাদ মাধ্যমক সম্বোধন কৰি চি জে পিৰ উত্তৰ-পূবৰ সহ-সমন্বয়ক শ্বেখ সাহিল উদ্দিন শ্বাহে কয় যে নৱগঠিত ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকলৰ নাম অতি সোনকালে ঘোষণা কৰা হ’ব। তেওঁ দাবী কৰে যে দেওবাৰে গুৱাহাটীত কেইবাজনো নেতা-কৰ্মীক আটক কৰা সত্ত্বেও দলটোৱে সফলভাৱে ৰাজ্যিক শাখা গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শ্বাহে লগতে কয় যে অসমৰ জনসাধাৰণৰ পৰা চি জে পিত যোগদানৰ বাবে ব্যাপক সঁহাৰি লাভ কৰা হৈছে। পলাশবাৰীত চি জে পিৰ বিৰুদ্ধে ৰুজু হোৱা এজাহাৰ সন্দৰ্ভত মন্তব্য কৰি শ্বাহে কয় যে কৰ্তৃপক্ষই সমস্যাসমূহ আঙুলিয়াই…
Read More