মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা । সমৃদ্ধি এক্সপ্ৰেছৱে’ৰ ধমনগাঁৱৰ সমীপত শুকুৰবাৰে মাজনিশা এখন তীব্ৰবেগী ট্ৰাকে এখন বলেৰ’ পিকআপ গাড়ীত খুন্দা মৰাৰ ফলত এই দুৰ্ঘনাটো সংঘটিত হয় । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে কমেও পাঁচজন যুৱক নিহত হোৱাৰ লগতে প্ৰায় ১৫-১৮ জন লোক গুৰুতৰভাৱে আহত হয় ।এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, ধমনগাঁও ৰে’লৱেৰ সমীপৰ সমৃদ্ধি এক্সপ্ৰেছৱে’ৰ চেনেল ৯৭ত পুৱা মাজনিশা ১২.৪৫ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় ।সূত্ৰৰ পৰা জানিব পৰা মতে, এখন দুৰ্গা পূজা সমিতিৰ সদস্যসকলে দেৱী দুৰ্গাৰ মূৰ্তি লৈ পিকআপ ভেনেৰে শ্বেগাঁৱৰ পৰা ৱাৰ্ধালৈ গৈ আছিল । ধমনগাঁৱৰ সমীপত পিছফালৰ পৰা ট্ৰাকখনে তেওঁলোকৰ বাহনত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ।
মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা
