এছিয়ান গেমছৰ বক্সিঙত লাভলীনাৰ স্বৰ্ণ জয়

জন্মদিনৰ দিনাই এছিয়ান গেমছৰ বক্সিঙত স্বৰ্ণ জয় অসমকন্যা লাভলীনা বৰগোহাঁইৰ ৷ ৭৫ কিলোগ্ৰাম শাখাত চীনৰ প্ৰতিদ্বন্দ্বী বাও ঝিয়িক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই ৷কিংবদন্তি মেৰী কমৰ পাছতে এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপে পৰিগণিত হৈছে লাভলীনা । স্বৰ্ণজয়ৰ পাছতে লাভলীনাক শুভেচ্ছা আৰু প্ৰশংসাৰে উপচাই পেলাইছে বিভিন্নজনে ৷মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাৰ সফলতাক প্ৰশংসা কৰি লিখিছে, ‘‘গ’ল্ডেন গাৰ্ল লাভলীনা ৷ আত্মবিশ্বাস, অটুট মনোবল আৰু দৃঢ় সংকল্পৰে দেশৰ বাবে আজি বক্সিঙৰ ৭৫ কেজি শাখাত এছিয়ান গেমছৰ স্বৰ্ণ জয় কৰি আকৌ এবাৰ ভাৰতৰ ত্ৰিৰংগা বিশ্বমঞ্চত গৌৰৱেৰে উৰুৱালে আমাৰ অসম কন্যা লাভলীনা বৰগোহাঁয়ে । জন্মদিনৰ দিনাই দেশৰ বাবে সোণৰ পদক জয় কৰাতকৈ আনন্দদায়ক আন কি হ’ব পাৰে ! লাভলীনা, তোমাৰ এই জয়ত আজি অসম গৌৰৱান্বিত, ভাৰত গৌৰৱান্বিত । তোমাৰ এই গৌৰৱময় বিজয়ৰ বাবে হৃদয়ভৰা অভিনন্দন । এই বিজয় ভাৰতীয় বক্সিঙৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব ।’’

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *