অসম বিত্ত সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰাজেন্দ্ৰ কুমাৰ দাসৰ মৃ*ত্যু

গুৱাহাটী মহানগৰীৰ খাৰঘূলি নিবাসী , বিশিষ্ট সমাজকর্মী , অসম বিত্ত সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া  ৰাজেন্দ্র কুমাৰ দাসৰ অসুখত ভুগি গুৱাহাটীৰ  এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। অসম চৰকাৰৰ জ্যেষ্ঠ বিত্ত বিষয়া হিচাপে ২০১৬ চনত অৱসৰ গ্ৰহণ কৰা ৰাজেন্দ্ৰ কুমাৰ দাসে মৃত্যুৰ সময়ত পত্নী  বিনীতা দাস, দুজনী চিকিৎসক আৰু এজনী  অভিযন্তাকে ধৰি তিনিজনী জীয়ৰী , এজন অধিবক্তা পুত্র, দুজন জোৱাই আৰু দুগৰাকী নাতি  ইহসংসাৰত এৰি থৈ যায়।

তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতেই  অসম চৰকাৰৰ বিত্ত সচিব দিলীপ কুমাৰ বৰাকে ধৰি বহু গুণমুগ্ধ লোক বাসগৃহত উপস্থিত  শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । উল্লেখ্য যে মৃত্যুৰ আগলৈকে তেওঁ বিভিন্ন সামাজিক , সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান – প্ৰতিষ্ঠানত লগত জড়িত হৈ আছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *