টিভিএছৰ আইকিউব মিলিয়নআৰ স্পেচিয়েল এডিচনৰ বিক্ৰী যথেষ্ট পৰিমাণে বৃদ্ধি

টিভিএছ মটৰে সোমবাৰে ওড়িশাৰ কটকত এটা দিনতে আইকিউব মিলিয়নআৰ স্পেচিয়েল এডিচনৰ ১০০তকৈও অধিক বাহন গ্ৰাহকক যোগান ধৰিবলৈ সক্ষম হয়, যিয়ে ফেষ্টিভ ছিজনত এই বৈদ্যুতিক স্কুটাৰখনৰ প্ৰতি গ্ৰাহকৰ তীব্ৰ সঁহাৰিৰ দিশটো পোহৰাই তুলিছে। ভাৰতীয় ৰাজপথত ১ মিলিয়নতকৈ অধিক টিভিএছ আইকিউব স্কুটাৰ বিক্ৰীৰ মাইলষ্টোন স্পৰ্শৰ স্মৃতি ৰোমন্থন কৰি যোৱা ২৫ আগষ্টত এই স্পেচিয়েল এডিচনটো মুকলি কৰাৰ কিছুদিন পিছতেই এই বৃহৎ ডেলিভাৰী অনুষ্ঠানটো অনুষ্ঠিত হয়। টিভিএছ মটৰে কয় যে, এই গুৰুত্বপূৰ্ণ সাফল্যই এখন আগশাৰীৰ পাৰিবাৰিক ইলেট্ৰিক স্কুটাৰ হিচাপে আইকিউবৰ স্থিতি অধিক সুদৃঢ় কৰিছে, আনহাতে কোম্পানীটোৱে এই বছৰ ইলেট্ৰিক দুচকীয়া বাহন খণ্ডত বজাৰ অংশীদাৰিত্বৰ ফালৰ পৰা শীৰ্ষ স্থানত উপনীত হৈছে।

৩.৫ কিলোৱাট ঘণ্টা ভেৰিয়েণ্টৰ ওপৰত আধাৰিত এই মিলিয়নআৰ স্পেচিয়েল এডিচনটোত এটা অৰোৰা গ্ৰীন ডুৱেল টোন ৰং, প্ৰিমিয়াম ছীট কভাৰ, এক্সক্লুছিভ মিলিয়নআৰ বেজিং আৰু আকৰ্ষণীয় গ্ৰাফিক্স সন্নিৱিষ্ট কৰা হৈছে। ইয়াত ১৪৫ কিলোমিটাৰ আইডিচি ৰেঞ্জ আৰু ১১৮ টাতকৈও অধিক সংযোজিত প্ৰযুক্তিগত বৈশিষ্ট্য উপলব্ধ আছে। লগতে স্কুটাৰখনত এটা সন্মুখৰ ইউটিলিটি ষ্টৰেজ কম্পাৰ্টমেণ্টো দিয়া হৈছে, যাৰ ফলত মুঠ ষ্টৰেজ সামৰ্থ্য ৩২ লিটাৰৰ পৰা ৩৫.৫ লিটাৰলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও ইয়াত এটা ইউএছবি টাইপ-চি চাৰ্জিং প’ৰ্ট দিয়া হৈছে।

গুৱাহাটী মহানগৰীত আইকিউবৰ প্ৰতি ফেষ্টিভ ছিজনত এই সঁহাৰিয়ে অসমৰ ক্ৰমবৰ্ধমান ইলেট্ৰিক দুচকীয়া বাহনৰ বজাৰখনক অধিক গতিশীল কৰিব পাৰে, য’ত ব্যৱহাৰিক, স্মাৰ্ট আৰু পাৰিবাৰিক ইভি বাহনৰ প্ৰতি ক্ৰমবৰ্ধমান আগ্ৰহে গ্ৰাহকৰ পচন্দক প্ৰভাৱিত কৰিছে। ওড়িশাত মিলিয়নআৰ স্পেচিয়েল এডিচনৰ কাৰ্যকৰী এক্স-শ্ব’ৰুম মূল্য ১,৩১,১৩৮ টকা ধাৰ্য কৰা হৈছে, আনহাতে আইকিউব ৰেঞ্জৰ প্ৰাৰম্ভিক মূল্য ১,০৫,৮৫১ টকা ধাৰ্য কৰা হৈছে। বেটাৰী-এজ-এ-ছাৰ্ভিচ পদ্ধতিৰ মূল্য ৫৯,৯৯৯ টকাৰ পৰা আৰম্ভ হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *