নানা পাটেকাৰৰ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে

নানা পাটেকাৰৰ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। নানা পাটেকাৰৰ মৃত্যুত বলিউডৰ লগতে ৰাজনৈতিক জগততো শোকৰ ছা পৰিছে ৷ মণিপাল হাস্পতালে তেওঁৰ মৃত্যুৰ তথ্য নিশ্চিত কৰে ৷গোৱাৰ মণিপাল হাস্পতালে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে যে অভিনেতাজনক গোৱাৰ ড’না প’লাৰ ঘৰত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় আৰু লগে লগে তেওঁক চিকিৎসালয়লৈ অনা হয় ৷ চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছতেই চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷১৯৫১ চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা নানা নামেৰে পৰিচিত বিশ্বনাথ পাটেকাৰ হিন্দী আৰু মাৰাঠী চিনেমাৰ অন্যতম সন্মানীয় অভিনেতা হিচাপে পৰিগণিত হয় । চলচিত্ৰৰ উপৰিও নানা বিভিন্ন সামাজিক কামৰ লগত জড়িত হোৱাৰ বাবেও পৰিচিত আছিল । ১৯৭৮ চনত ‘গমন’ ছবিৰ জৰিয়তে হিন্দী চিনেমাত পদাপৰ্ণ কৰা নানাই ক্ৰমান্বয়ে ‘ছালাম বম্বে !’ আৰু ‘পৰিন্দা’ দৰে চিনেমাৰ জৰিয়তে নিজৰ সুকীয়া পৰিচয় বনাবলৈ সক্ষম হয় ৷ ‘পৰিন্দা’ত তেওঁৰ অভিনয়ৰ জৰিয়তে বহু প্ৰশংসা লাভ কৰিছিল আৰু তেওঁৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হৈছিল ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *