উত্তৰ-পূৱ

শ্ৰীলংকাই মুকলি কৰি দিলে ভাৰতৰ ৭ মাছমৰীয়াক

শ্ৰীলংকাই মুকলি কৰি দিলে ভাৰতৰ ৭ মাছমৰীয়াক

শ্ৰীলংকাই মুকলি কৰি দিলে ভাৰতৰ ৭ মাছমৰীয়াক। চেন্নাই বিমান বন্দৰত উপস্থিত ভাৰতীয় মাছমৰীয়াসকল। শ্ৰীলংকাৰ নৌ সেনাই গ্ৰেপ্তাৰ কৰিছিল মাছমৰীয়াকেইজনক। সামুদ্ৰিক আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাত গ্ৰেপ্তাৰ কৰিছিল আটাইকেইজনক। শ্ৰীলংকাৰ নৌ সেনাই গ্ৰেপ্তাৰ কৰি গতাই দিছিল ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ক। কলম্বোস্থিত ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ে ভাৰতীয় মাছমৰীয়াকেইজনক প্ৰেৰণ কৰিলে স্বদেশলৈ।
Read More
বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে নেপালত

বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে নেপালত

নেপালৰ বানত এইপৰ্যন্ত ৬০০ জনৰ মৃত্যু হোৱাৰ লগতে ২৫০০জন নিৰুদ্দেশ হৈ আছে । এই বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে ৷নেপালৰ বানত অসমৰ কাৰ্বি আংলং জিলাৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰীসহ ১২জন লোক সন্ধানহীন হৈ আছে ৷ তেওঁলোকৰ সৈতে বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰৰ মাজনিশা সামাজিক মাধ্যম এক্সত এই তথ্য সদৰী কৰে ৷সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "এতিয়ালৈকে আমি অসমৰ পৰা নেপালত নিৰুদ্দেশ হোৱা ১২ জন লোকৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো ৷ তেওঁলোকৰ সৈতে যোগাযোগ কৰি নিৰাপদে উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে…
Read More
বৰষুণৰ বাবে নেপালত সাময়িকভাৱে স্থগিত উদ্ধাৰ অভিযান

বৰষুণৰ বাবে নেপালত সাময়িকভাৱে স্থগিত উদ্ধাৰ অভিযান

নেপালৰ বিধ্বংসী বানৰ ফলত মৃতকৰ সংখ্যা ৬০০ৰ ওচৰ পাৱাইছেগৈ। এতিয়ালৈকে ৫৮৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ২,৫০০ জন লোক নিখোজ হৈ আছে। এই প্ৰাকৃতিক দুৰ্যোগত বৃহৎ সংখ্যক ভাৰতীয়ও আৱদ্ধ হৈ পৰিছে।উল্লেখ্য যে, নেপালৰ ত্ৰিশুলি অঞ্চলত হৈ থকা প্ৰচণ্ড বৰষুণৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে উদ্ধাৰ অভিযান ৷ যাৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু প্ৰতিকূল বতৰৰ বাবে কৰ্তৃপক্ষই হেলিকপ্টাৰ অভিযান বন্ধ কৰিবলগীয়া হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত ত্ৰিশুলী নদীৰ জলপৃষ্ঠ বিপদজনকভাৱে বৃদ্ধি পাইছে।
Read More
নেপালৰ জলপ্ৰলয়ৰ আঁৰৰ কাৰণ কি?

নেপালৰ জলপ্ৰলয়ৰ আঁৰৰ কাৰণ কি?

নেপালৰ জলপ্ৰলয়ে ইতিমধ্যে তচনচ কৰিছে সকলোবোৰ। এক হাঁহাকাৰ পৰিস্থিতিৰ মাজত দিন পাৰ কৰিছে নেপালবাসীয়ে। শেহতীয়াকৈ পোহৰলৈ আহিছে যে, তিব্বত সীমান্তৰ সমীপত হিমবাহ স্খলন (Ice-rock avalanche) বা হিমবাহৰ হ্ৰদ বিস্ফোৰণৰ (GLOF) ফলত নদীৰ পানীৰ স্তৰ মাত্ৰ ৩০ মিনিটৰ ভিতৰত ৯ মিটাৰ পৰ্যন্ত বৃদ্ধি পাইছিল। আৰু এই প্ৰলয়ে ৰচুৱা, নুৱাকোট আৰু ধাডিং জিলা ধ্বংস নিমিষতে কৰি পেলায়।নেপালৰ জলপ্ৰলয়ৰ আঁৰৰ কাৰণ কি? ২০২৫চনতো আহিছিল এনে এক মহাপ্লাৱন। এই বানত কমেও ৯জন লোকৰ মৃত্যু আৰু ১৯জন লোক সন্ধানহীন হৈছিল। কিন্তু তাৰ পিছতো এই বিষয়টোক লৈ নাছিল কোনো সজাগতা। যাৰ ফল ভুগিলে আজি নেপালে। বিপৰ্যয়ৰ সময়ৰ আশে-পাশে অঞ্চলটোত ৪.৪ প্ৰাবল্যৰ ভূমিকম্প ৰেকৰ্ড হৈছিল। ভূমিকম্পৰ জোকাৰণিৰ…
Read More
বিহাৰলৈ অহা ভাবুকি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ অমিত শ্বাহৰ

বিহাৰলৈ অহা ভাবুকি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ অমিত শ্বাহৰ

নেপালৰ পৰিস্থিতিৰ ফলত বিহাৰৰ সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সম্ৰাট চৌধৰীৰ সৈতে বাৰ্তালাপ গৃহমন্ত্ৰী অমিত শ্বাহৰ ।টেলিফোনিক বাৰ্তালাপত শ্বাহে বিহাৰ চৰকাৰক পৰিস্থিতিৰ পৰা উদ্ভৱ হোৱা যিকোনো সম্ভাব্য সংকটৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে ।গৃহমন্ত্ৰীগৰাকীয়ে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় প্ৰস্তুতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে । তেওঁ লগতে কয় যে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰু প্ৰয়োজন হ’লে ৰাজ্যিক কৰ্তৃপক্ষক সহায় আগবঢ়াবলৈ এনডিআৰএফ বাহিনীক সাজু কৰি ৰখা হৈছে ।নেপালত হোৱা প্ৰচণ্ড বৰষুণ আৰু হিমবাহ বিস্ফোৰণৰ ফলত জলস্তৰত প্ৰভাৱ পৰাৰ বাবে বিহাৰৰ কিছু অংশত বানৰ সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰাৰ সময়তে এই কথা…
Read More
নেপালক সহায়ৰ বাবে সাজু ভাৰত

নেপালক সহায়ৰ বাবে সাজু ভাৰত

তিব্বতৰ পৰা নামি অহা ভোটেকোশী নৈৰ বাঢ়নী পানীয়ে নেপাল-চীন সীমান্তৰ ৰাছুৱা জিলাৰ টাইমুৰে আৰু ছাইপ্ৰুবেছি অঞ্চলত ব্যাপক ধ্বংসলীলা চলায় । নেপালৰ এই দুৰ্যোগৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উপ-ৰাষ্ট্ৰপতিৰ লগতে বিভিন্নজনে । ভাৰতে সকলো ধৰণে নেপালক সহায় আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰিছে ।প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে বাৰ্তালাপ কৰিছে ৷ এক্সত এটা পোষ্টত মোদীয়ে লিখে, ‘‘প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে কথা পাতি নেপালত হোৱা বানপানীৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিলোঁ । এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণে নেপালত থকা ভাতৃ-ভগ্নীসকলৰ সৈতে সংহতিৰে থিয় দিছে । ভাৰতে নেপালক সম্ভৱপৰ সকলো ধৰণৰ মানৱীয় সাহায্য প্ৰদান কৰিবলৈ সাজু ।…
Read More
বিহাৰৰ ৰাঘপুৰৰ গংগা নদীত ভয়ংকৰ নাও দুৰ্ঘটনা

বিহাৰৰ ৰাঘপুৰৰ গংগা নদীত ভয়ংকৰ নাও দুৰ্ঘটনা

বিহাৰৰ ৰাঘপুৰৰ গংগা নদীত ভয়ংকৰ নাও দুৰ্ঘটনা।বিহাৰৰ ভাগলপুৰৰ ৰাঘোপুৰত সংঘটিত এই শোকাবহ ঘটনাত বৰ্তমানলৈ কেইবা ডজন লোক নিৰুদ্দেশ।ঘটনাস্থলিত NDRF উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে।হঠাতে জলপৃষ্ঠ বৃদ্ধিৰ বাবেই সংঘটিত হৈছে এই দুৰ্ঘটনা..!কেমেৰাত বন্দী শিহৰণকাৰী নাও দুৰ্ঘটনাৰ দৃশ্য।১৯জন শ্ৰমিকক উদ্ধাৰ, নিখোজ ২জন শ্ৰমিক।
Read More
পাকিস্তানৰ ৰাজধানী ইছলামাবাদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। চহৰখনৰ 'পাকিস্তান ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ' (PIMS) হাস্পতালৰ স্ত্ৰী ৰোগ আৰু প্ৰসূতি (Gynecology) বিভাগত বুধবাৰে পুৱা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। বুধবাৰে পুৱাৰ ভাগত হাস্পতালখনৰ নৱজাতক পৰিচৰ্যা গোটত (NICU) হঠাতে জুইৰ সূত্ৰপাত হয়। মুহূৰ্তৰ ভিতৰতে জুইৰ শিখাই সমগ্ৰ ৱাৰ্ডটো আগুৰি ধৰে আৰু ধোঁৱাময় পৰিবেশৰ সৃষ্টি হয়।অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল ততালিকে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়। অৱশ্যে জুইৰ প্ৰকোপ অত্যাধিক হোৱাৰ বাবে নৱজাতকসকলক সময়মতে সুৰক্ষিতভাৱে উলিয়াই অনাটো কঠিন হৈ পৰে।
Read More
”ভাৰত কোনো ধৰমশালা নহয়, কেৱল এই দেশৰ নাগৰিকসকলৰহে ইয়াত থকাৰ অধিকাৰ আছে”

”ভাৰত কোনো ধৰমশালা নহয়, কেৱল এই দেশৰ নাগৰিকসকলৰহে ইয়াত থকাৰ অধিকাৰ আছে”

ভাৰত কোনো ধৰমশালা নহয়, কেৱল এই দেশৰ নাগৰিকসকলৰহে ইয়াত থকাৰ অধিকাৰ আছে।অনুপ্ৰৱেশকাৰীসকলে ভাৰতৰ নিৰাপত্তা, অৰ্থনীতি আৰু জনসংখ্যাতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি আক্ষেপ প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তেওঁ উল্লেখ কৰে যে, গৃহ মন্ত্ৰালয়ে সীমান্ত সংলগ্ন ৰাজ্যসমূহৰ সৈতে মিলি এক চাৰি দফীয়া কৌশল প্ৰস্তুত কৰিছে, যাৰ মূল লক্ষ্য হ'ল অতি কম সময়ৰ ভিতৰত দেশখনক অনুপ্ৰৱেশকাৰী মুক্ত কৰা।পূৰ্বৰ চৰকাৰসমূহৰ তুলনাত বৰ্তমানৰ চৰকাৰে মাওবাদী, উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰবাদ আৰু ড্ৰাগছৰ সমস্যাসমূহ কাৰ্যক্ষমভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে যিসকল লোকে আইনীভাৱে ভাৰতলৈ আহি দেশৰ উন্নয়নত অৱদান আগবঢ়ায় তেওঁলোকক আদৰণি জনোৱা হ'ব। কিন্তু অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব।
Read More
হোৰাহোৰে বাঢ়িছে চেনিৰ মূল্য

হোৰাহোৰে বাঢ়িছে চেনিৰ মূল্য

মিঠাতেল, চাউল আৰু পিঁয়াজৰ পাছত শেহতীয়াকৈ ৰাজ্যত চেনিৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি ৷ বৰ্তমান প্ৰতি কিলোগ্ৰাম চেনিৰ পাইকাৰী মূল্য ৬১ টকা ৷ৰাজ্যত অত্যাৱশকীয়া সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷উল্লেখ্য যে, চলিত বৰ্ষৰ প্ৰথম অৱস্থাত পাইকাৰী বজাৰত চেনিৰ মূল্য প্ৰতি কিলোগ্ৰামত ৪২ টকা আছিল ৷ কিন্তু বৰ্তমান পাইকাৰী বজাৰতে প্ৰতি কিলোগ্ৰাম চেনিৰ মূল্য ৬১ লৈ বৃদ্ধি পাইছে ।
Read More