উত্তৰ-পূৱ

বিহাৰত গংগা নদীত নাও ডুবি ১৩ জন নাবালকৰ মৃত্যু

বিহাৰত গংগা নদীত নাও ডুবি ১৩ জন নাবালকৰ মৃত্যু

বিহাৰৰ বৈশালী জিলাৰ ৰাঘোপুৰৰ সমীপত মঙলবাৰৰ মাজনিশা এখন নাও ডুবি ১৩টি নাবালকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক নিৰুদ্দেশ হৈ আছে ৷ বৈশালী জিলা দণ্ডাধীশ বৰ্ষ সিঙে এই কথা নিশ্চিত কৰিছে । নাৱেৰে ওচৰৰ গাঁৱৰ এঘৰত ভোজ খাবলৈ যোৱাৰ সময়তে নাওখন নদীত ডুব যায় ৷ আন কেইবাজনকো উদ্ধাৰ কৰা হৈছে ।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ৰ বাবে ২ লাখ টকাৰ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে ।
Read More
পুৱতি নিশা আৰক্ষীয়ে সৌৰভ, আশুতোষ আৰু অজিংক্য গ্ৰেপ্তাৰ

পুৱতি নিশা আৰক্ষীয়ে সৌৰভ, আশুতোষ আৰু অজিংক্য গ্ৰেপ্তাৰ

যন্তৰ মন্তৰত অনাধিকাৰ প্ৰৱেশৰ গোচৰত বুধবাৰে পুৱতি নিশা আৰক্ষীয়ে সৌৰভ, আশুতোষ আৰু অজিংক্য গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দিয়ে ৷অনুমতি অবিহনে যন্তৰ মন্তৰত প্ৰৱেশ কৰাৰ বাবে দণ্ডাধীশে ৰাংকা আৰু দাসক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।ইফালে অজিংক্য সিন্দেক ব্যক্তিগত বণ্ডত মুকলি কৰি দিয়া হৈছে ।
Read More
ৰঙিয়াত উচ্ছেদ অভিযান

ৰঙিয়াত উচ্ছেদ অভিযান

ৰঙিয়াৰ সোঁমাজেৰে পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চ'কৰ উৰণীয়া সেতুৰ সমীপত প্ৰশাসনৰ তৰফৰ পৰা এক বৃহৎ উচ্ছেদ অভিযান চলোৱা হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ চৰকাৰী ভূমি বেদখল কৰি একাংশ লোকে অবৈধভাৱে পকী তথা কেঁচা ঘৰ নিৰ্মাণ কৰাৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তুলিছিল।পুৱাৰ ভাগৰ পৰা সমজিলা প্ৰশাসনে কাৰ্যবাহী দণ্ডাধীশ আৰু বৃহৎ সংখ্যক আৰক্ষী তথা অৰ্ধসাময়িক বাহিনীৰ উপস্থিতিত এই উচ্ছেদ অভিযান আৰম্ভ কৰে। জেচিবি আৰু বুলড’জাৰ লগ লগাই পথৰ কাষৰ সকলো অবৈধ নিৰ্মাণ আৰু টিনশেমৰ দোকান ভাঙি গুচি ভূমিখণ্ড বেদখল মুক্ত কৰা হয়। প্ৰশাসনৰ এই আকস্মিক তথা কঠোৰ পদক্ষেপে সমগ্ৰ ৰঙিয়া চহৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Read More
চোকা অস্ত্ৰৰে মমতা বেনাৰ্জীক আক্ৰমণৰ চেষ্টাৰ অভিযোগ

চোকা অস্ত্ৰৰে মমতা বেনাৰ্জীক আক্ৰমণৰ চেষ্টাৰ অভিযোগ

মঙলবাৰে নিশা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্রী মমতা বেনাৰ্জীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে । তৃণমূলৰ কংগ্ৰেছৰ সাংসদ দোলা সেনে অভিযোগ কৰা অনুসৰি, এগৰাকী মহিলাই হাতত চোকা অস্ত্ৰ লৈ মমতা বেনাৰ্জীক আক্ৰমণ কৰাৰ চেষ্টা কৰে ৷সাংসদ সেনে দাবী কৰা অনুসৰি, সন্দেহযুক্ত মহিলাগৰাকীয়ে নিজকে 'চিভিক ভলেণ্টিয়াৰ' বুলি পৰিচয় দিছিল । আনকি নিজকে মমতা বেনাৰ্জীৰ ভতিজী বুলিও দাবী কৰিছিল । এই ঘটনাক লৈ কালীঘাট থানাত এজাহাৰ দাখিল কৰিছে সাংসদগৰাকীয়ে ৷
Read More
বানপীড়িতৰ ক্ষতিপূৰণক লৈ অখিল গগৈৰ সৈতে চৰকাৰৰ আলোচনা আৰম্ভঃ মন্ত্ৰী কেশৱ মহন্ত আৰু মুখ‍্যমন্ত্ৰীৰ সৈতে আলোচনা

বানপীড়িতৰ ক্ষতিপূৰণক লৈ অখিল গগৈৰ সৈতে চৰকাৰৰ আলোচনা আৰম্ভঃ মন্ত্ৰী কেশৱ মহন্ত আৰু মুখ‍্যমন্ত্ৰীৰ সৈতে আলোচনা

১৩ অক্টোবৰৰ দিছপুৰত হ’বলগীয়া জংগী প্ৰতিবাদ স্থগিত ৰাখিলে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৫৭ হাজাৰ পৰিয়ালৰ তালিকা ৰাজহুৱা কৰাৰ দাবী মানি লোৱা নাই মুখ‍্যমন্ত্ৰীয়ে, আলোচনা অচল, পুনৰ ৰাইজৰ দলে জংগী ৰূপ লোৱাৰ সম্ভাৱনা উজনি অসমৰ বানপীড়িত ৰাইজৰ ক্ষতিপূৰণৰ দাবীত যোৱা ২ অক্টোবৰৰ পৰা বিধানসভা চৌহদত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অবিৰত সত্যাগ্ৰহ অব্যাহত ৰখাৰ মাজতে ৰাজ্য চৰকাৰে তেওঁৰ সৈতে আলোচনা আৰম্ভ কৰিছে। বানত সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহক ১০ লাখ টকাৰ সাহায্য প্ৰদান, প্ৰতিটো বানপীড়িত পৰিয়ালক ১৫ হাজাৰ টকাৰ এককালীন সাহায্য আৰু অতিৰিক্তভাৱে শিৱসাগৰ আৰু চৰাইদেউৰ ক্ষতিগ্ৰস্তসকলৰ বাবে ১০ হাজাৰ টকাৰ সাহায্য প্ৰদান আৰু প্ৰলয়ৰ কাৰণ উদ্ঘাটনৰ…
Read More
অসমত জলফাই খেতিৰ পাইলট প্ৰকল্প আৰম্ভ, ৰাজস্থানৰ পৰা অনা হ’ল ১৬,০০০ পুলি

অসমত জলফাই খেতিৰ পাইলট প্ৰকল্প আৰম্ভ, ৰাজস্থানৰ পৰা অনা হ’ল ১৬,০০০ পুলি

পশ্চিম কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জিলাখনত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে জলসিঞ্চন ব্যৱস্থাৰ উন্নয়ন, কৃষিৰ বৈচিত্ৰ্যকৰণ, উন্নয়নমূলক কাম-কাজৰ ত্বৰান্বিতকৰণ আৰু জনসাধাৰণৰ বাবে আন্তঃগাঁথনিগত সা-সুবিধা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ভ্ৰমণৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে প্ৰথমে পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ক'লংগা প্ৰবাহিত জলসিঞ্চন আঁচনি (Flow Irrigation Scheme) পৰিদৰ্শন কৰে। বৰ্তমান এই আঁচনিখনে প্ৰায় ১০০ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰি আহিছে। আঁচনিখনৰ জৰিয়তে প্ৰায় ১,৮০০ হেক্টৰ কৃষিভূমি সামৰি লোৱাৰ সম্ভাৱনা আছে। এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে অধিক কৃষকক জলসিঞ্চনৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এখন বৃহত্তৰ…
Read More
সমগ্ৰ বিশ্বতে বৰ্তমান প্ৰকৃতিৰ সংহাৰী ৰূপ

সমগ্ৰ বিশ্বতে বৰ্তমান প্ৰকৃতিৰ সংহাৰী ৰূপ

সমগ্ৰ বিশ্বতে বৰ্তমান প্ৰকৃতিৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে । দুখীয়া বা উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ প্ৰকৃতিৰ ৰোষৰ পৰা কোনো সাৰি যাব পৰা নাই । বিশেষকৈ ধাৰাসাৰ বৰষুণ, কৃত্ৰিম বান আৰু ভূমিস্খলনে বিশ্বজুৰি এক আতংকৰ সৃষ্টি কৰিছে ।দক্ষিণ আমেৰিকাৰ চিলিৰ বিভিন্ন প্ৰান্তত কিছুদিনৰ পৰা ধাৰাসাৰ বৰষুণ অব্যাহত আছে । যাৰ ফলত চিলিৰ ৰাজধানী ছেণ্টিয়াগো আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । সমগ্ৰ অঞ্চল বোকা-পানীৰে ভৰি পৰিছে ।আগষ্ট মাহত হোৱা মহাপ্ৰলয়ৰ পৰা নেপাল উদ্ধাৰ হ'ব পৰাই নাই । তেনে সময়তে পুনৰ দেশখন আন এক দুৰ্যোগৰ মুখামুখি হৈছে । দেশখনৰ গোৰ্খা জিলাত বুধী গণ্ডক নদীয়ে কালৰূপ ধাৰণ…
Read More
নেপালৰ গোৰ্খাত আকস্মিক বান

নেপালৰ গোৰ্খাত আকস্মিক বান

নেপালৰ গোৰ্খাত আকস্মিক বান ৷ বানত বহুতো ক্ষতিসাধন হয় ৷ কেবাজনো নিৰুদ্দেশ, ৪৭ জনক উদ্ধাৰ ৷নৰ প্ৰকৃতিৰ ৰোষত নেপাল ৷ শেহতীয়াকৈ আকস্মিক বানৰ ফলত নেপালত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ দেওবাৰে পুৱাৰ ভাগত নেপালৰ গোৰ্খা জিলাত বুধী গণ্ডক নদীত হঠাতে বানৰ সৃষ্টি হয় ৷ হঠাতে অহা এই বানত ৩৫টাতকৈও অধিক ঘৰ, দলং উটি যায় ৷ লগতে এই বানৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰো ক্ষতিসাধন হয় ৷বুধী গণ্ডক নদীৰ কাষত বাস লোকসকলক ইতিমধ্যে সেই স্থান এৰি ওখ ঠাইলৈ যাবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে ।
Read More
সোণাপুৰস্থিত জুবিনক্ষেত্ৰত আৰম্ভ বিক্ষোভ কাৰ্যসূচী

সোণাপুৰস্থিত জুবিনক্ষেত্ৰত আৰম্ভ বিক্ষোভ কাৰ্যসূচী

সোণাপুৰস্থিত জুবিনক্ষেত্ৰত আৰম্ভ বিক্ষোভ কাৰ্যসূচী। জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত তথা অগণন অনুৰাগীৰ উপস্থিতিত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ‘মায়াবিনী’ গীত গাই প্ৰতিবাদত বহিল গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰৰ লগতে একাংশ জুবিন অনুৰাগী। ইপিনে,চৰকাৰ আৰু ন্যায় ব্যৱস্থাৰ বিৰুদ্ধে আস্থাহীনতা প্ৰকাশ কৰি গৰিমা শইকীয়াই মূল অভিযুক্তৰ জামিন লাভক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছতে এই শান্তিপূৰ্ণ ধৰ্ণা কাৰ্যসূচীয়ে এক বিশেষ তাৎপৰ্য বহন কৰিছে। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত জুবিনক্ষেত্ৰত বৰ্তমানো হাজাৰ হাজাৰ অনুৰাগী একত্ৰিত হৈ প্ৰতিবাদ অব্যাহত ৰাখিছে।সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে-"জুবিন সকলোৰে স্বাভিমান, সকলোৰে আৱেগ। আমি জুবিনৰ সঠিক ন্যায় বিচাৰি আজি ৰাজপথলৈ ওলাই আহিছো। আমাক…
Read More
উজনিৰ বানাক্ৰান্তৰ ক্ষতিপূৰণৰ দাবীত দিছপুৰত তীব্ৰ প্ৰতিবাদ

উজনিৰ বানাক্ৰান্তৰ ক্ষতিপূৰণৰ দাবীত দিছপুৰত তীব্ৰ প্ৰতিবাদ

উজনিৰ বানাক্ৰান্তৰ ক্ষতিপূৰণৰ দাবীত দিছপুৰত তীব্ৰ প্ৰতিবাদ। জনতা ভৱন আৰু মন্ত্ৰী আৱাসৰ সমুখত ৰাইজৰ দলে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।মন্ত্ৰী আৱাস-জনতা ভৱনৰ সমুখৰ বেৰিকেড ভাঙি দিয়ে প্ৰতিবাদকাৰীয়ে।আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক ঠেলি-হেঁচি আৰক্ষীৰ বাহনত উঠাই আটক কৰে। আৰক্ষীয়ে বাধা দিয়াক লৈ উত্তেজনাৰ সৃষ্টি হয় প্ৰতিবাদস্থলীত।
Read More