09
Oct
বিগত ছিজনৰ নানা বিতৰ্ক আৰু সংক্ষিপ্ত ৰূপৰ অন্ত পেলাই শনিবাৰৰ পৰা পুৰণি ঘৰুৱা-বহিঃঘৰুৱা ফৰ্মেটেৰে পুনৰ আৰম্ভ হ’বলৈ গৈ আছে ইণ্ডিয়ান ছুপাৰ লিগ ২০২৬-২৭ ছিজন। লীগৰ ১৩ সংখ্যক সংস্কৰণত বেংগালুৰুৰ শ্ৰী কান্টীৰৱা ষ্টেডিয়ামত উদ্বোধনী মেচখন বেংগালুৰু এফ চি আৰু এছ চি দিল্লীৰ মাজত অনুষ্ঠিত হ’ব। লিগৰ শেষত পইণ্ট তালিকাৰ শীৰ্ষত থকা দলটোৱে ‘আই এছ এল শ্বিল্ড’ অৰ্জন কৰিব আৰু প্ৰথম ছটা দলে ‘আই এছ এল কাপ’ৰ বাবে প্লে-অফ পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰিব। মটৰ আৰু অটোমোবাইল প্ৰতিষ্ঠান এম জি-ৰ সৈতে ২৫ কোটি টকাৰ দুবছৰীয়া প্ৰায়োজক চুক্তি স্বাক্ষৰ কৰাৰ লগতে ইউটিউবৰ সৈতে ডিজিটেল সম্প্ৰচাৰৰ অংশীদাৰিত্ব লাভ কৰিছে। অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক ১.১ কোটি টকাৰ…
