09
Sep
পত্নীক নৃশংসভাৱে হত্যা কৰিও তিলমানো অনুশোচনা নাই হত্যাকাৰী ৰামানুজ গোস্বামীৰ। বেলতলাৰ বশিষ্ঠপুৰৰ নিজ বাসগৃহত সংঘটিত এই চাঞ্চল্যকৰ কাণ্ডৰ পাছত আৰক্ষীৰ জিম্মাত থকা ড্ৰাগছাসক্ত হত্যাকাৰীজন এইচ আই ভি পজিটিভ বুলি পোহৰলৈ আহিছে। এটা নিচামুক্তি কেন্দ্ৰৰ সৈতে জড়িত সিদ্ধাৰ্থ প্ৰতিম দত্ত নামৰ এজন ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে বিগত পাঁচ বছৰত কে’বাবাৰো নিচামুক্তি কেন্দ্ৰত আশ্ৰয় লোৱা ৰামানুজ এইচ আই ভি আক্ৰান্ত আছিল আৰু ইয়াৰ নিয়মীয়া ঔষধ খাই আছিল। বিয়াৰ পূৰ্বে ৰামানুজৰ এই অসুস্থতা আৰু ড্ৰাগছ আসক্তিৰ বিষয়ে অৱগত নাছিল পত্নী ৰিয়া। পৰৱৰ্তী সময়ত এই কথা পোহৰলৈ অহাত দুয়োৰে মাজত সঘনে কাজিয়াৰ সৃষ্টি হৈছিল। কিন্তু পিতৃ-মাতৃ নথকা ৰিয়াই সকলো সহ্য কৰিয়েই…
