অসম

মধ্য আকাশত যাত্ৰীৰ তাণ্ডৱ; মূৰেৰে খুন্দিয়াই খুন্দিয়াই ভাঙিলে বিমানৰ খিৰিকি

মধ্য আকাশত যাত্ৰীৰ তাণ্ডৱ; মূৰেৰে খুন্দিয়াই খুন্দিয়াই ভাঙিলে বিমানৰ খিৰিকি

আকাশমাৰ্গত এজন যাত্ৰীৰ অস্বাভাৱিক আচৰণক কেন্দ্ৰ কৰি তীব্ৰ উদ্বেগৰ সৃষ্টি হয় এয়াৰ ইণ্ডিয়াৰ এখন বিমানত। বিমানখনৰ খিৰিকীত বাৰে বাৰে মূৰেৰে আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে উক্ত যাত্ৰীজনৰ বিৰুদ্ধে। অৱশ্যে শেষ পৰ্যন্ত বিমানখন সুৰক্ষিতভাৱে দিল্লীত অৱতৰণ কৰে। এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই জনোৱা মতে, যোৱা ৭ জুনত চণ্ডীগড়ৰ পৰা দিল্লী অভিমুখী এআই-১৮৭৯ বিমানখনত এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, বিমানখন আকাশমাৰ্গত উৰি থকাৰ সময়তে এজন যাত্ৰীয়ে হঠাতে নিয়ন্ত্ৰণহীন আচৰণ কৰিবলৈ আৰম্ভ কৰে আৰু বিমানৰ খিৰিকীৰ আইনাত বাৰে বাৰে মূৰেৰে খুন্দিয়াবলৈ ধৰে। ইয়াৰ ফলত খিৰিকীৰ ভিতৰৰ এক্ৰিলিক স্তৰটোৰ ক্ষতিসাধন হয়। এই ঘটনাটোক লৈ বিমানকৰ্মীসকলৰ মাজত যথেষ্ট উদ্বেগৰ সৃষ্টি হয় যদিও যাত্ৰী, ক্ৰু…
Read More
জম্মু কাশ্মীৰত সেনা অভিযানত সন্ত্ৰাসবাদীক ধৰাশায়ী ; দক্ষিণ কামৰূপৰ  ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান  ৰাষ্ট্ৰপতিৰ

জম্মু কাশ্মীৰত সেনা অভিযানত সন্ত্ৰাসবাদীক ধৰাশায়ী ; দক্ষিণ কামৰূপৰ  ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান  ৰাষ্ট্ৰপতিৰ

অসম সন্তান, দক্ষিণ কামৰূপৰ ৰামপুৰৰ বাসিন্দা তথা ভাৰতীয় সেনাত মেজৰ হিচাপে কৰ্মৰত ভাৰ্গৱ কলিতাই জম্মু আৰু কাশ্মীৰত  সন্ত্রাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানত দুর্দান্ত সাহসিকতা  প্ৰদৰ্শন কৰা বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মানীয় শৌৰ্য চক্ৰ  সন্মানেৰে সন্মানিত কৰা হৈছে।  ৰাষ্ট্ৰীয় ৰাইফলছৰ ৫০ বেটেলিয়ানৰ মেজৰ ভাৰ্গৱ কলিতাক ৮ জুনত ৰাষ্ট্ৰপতি ভৱনত  আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে তেওঁক এই সন্মান প্রদান কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংঙকে ধৰি কেবাজনো কেন্দ্ৰীয় মন্ত্ৰী, তিনিওটা সশস্র  বাহিনীৰ মূৰব্বীসহ ভাৰতীয় সেনা , ভাৰতীয় নৌ সেনা আৰু ভাৰতীয় বায়ু সেনাৰ কেবাজনো  উচ্চপদস্থ বিষয়া আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য ২০২২ চনৰ অক্টোবৰ মাহত জম্মু কাশ্মীৰত…
Read More
জনসেৱাই সুশাসনৰ আটাইতকৈ ডাঙৰ পৰীক্ষাঃ ১২ বছৰ পূৰ্ণ হোৱাৰ ক্ষণত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

জনসেৱাই সুশাসনৰ আটাইতকৈ ডাঙৰ পৰীক্ষাঃ ১২ বছৰ পূৰ্ণ হোৱাৰ ক্ষণত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে ১২ বছৰ সম্পূৰ্ণ কৰি দেশৰ ৰাজনৈতিক ইতিহাসত এক বিৰল অভিলেখৰ গৰাকী হ’ল নৰেন্দ্ৰ মোদী। এই বিশেষ অভিলেখৰ গৰাকী হৈ সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনসেৱাকেই সুশাসনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা বুলি অভিহিত কৰে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত মোদীয়ে কয়, "জনসেৱাই সুশাসনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা।" যোৱা ১২ বছৰত মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰা আৰু দেশৰ সামগ্ৰিক প্ৰগতিক আগুৱাই নিয়াৰ লক্ষ্যৰেই তেওঁৰ চৰকাৰে কাম কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ দাবী অনুসৰি, দৰিদ্ৰ কল্যাণ, সামাজিক ন্যায়, আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল ৰূপান্তৰ আৰু সাধাৰণ জনতাৰ সবলীকৰণৰ ক্ষেত্ৰত উল্লেখনীয় পৰিৱৰ্তন অনা হৈছে। তেওঁ কয়, "বিকশিত ভাৰতৰ…
Read More
ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ সুস্মিতা দেৱৰ

ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ সুস্মিতা দেৱৰ

মমতা বেনাৰ্জীৰ ঘনিষ্ঠ আত্মবিশ্বাসী সুস্মিতা দেৱে বুধবাৰে ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰে। পদত্যাগ কৰাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সুস্মিতা দেৱৰ সাক্ষাৎৰ ফটো এখন পোহৰলৈ আহে। সূত্ৰৰ পৰা জানিব পৰা মতে তেওঁ বিজেপিত যোগদান কৰিব পাৰে। যোৱা তিনিদিনত টিএমচিৰ ৰাজ্যসভাৰ দুজন সাংসদে পদত্যাগ কৰিছে। ইয়াৰ পূৰ্বে ৮ জুনত সুখেন্দু শেখৰে সাংসদ পদৰ পৰা পদত্যাগ কৰাৰ লগতে দলটোও ত্যাগ কৰে। পদত্যাগ পত্ৰত তেওঁ দলৰ পৰাজয়ৰ কাৰণ মমতা বেনাৰ্জীৰ ১৫ বছৰীয়া বিশৃংখল শাসন বুলি উল্লেখ কৰে। বৰ্তমান টিএমচিৰ লোকসভাত ২৮ জন আৰু ৰাজ্যসভাত ১৩ জন সাংসদ আছে। ইয়াৰ পূৰ্বে ৩ জুনত বংগৰ ৮০ গৰাকী বিধায়কৰ ভিতৰত ৫৮ গৰাকীয়ে এটা…
Read More
পিতৃৰ স্মৃতিত উচৰ্গা: অসমৰ পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰিলে বিশ্বৰ ১৫ গৰাকীৰ মাজৰ ৱেফাইণ্ডাৰ বঁটা

পিতৃৰ স্মৃতিত উচৰ্গা: অসমৰ পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰিলে বিশ্বৰ ১৫ গৰাকীৰ মাজৰ ৱেফাইণ্ডাৰ বঁটা

অসমৰ বন্যপ্ৰাণী জীৱবিজ্ঞানী আৰু সংৰক্ষণবিদ তথা হাৰগিলা আৰ্মীৰ প্ৰতিষ্ঠাতা ড° পূৰ্ণিমা দেৱী বৰ্মনক নেশ্যনেল জিঅ’গ্ৰাফিক ছ’চাইটি আৰু কিয়া আমেৰিকাই প্ৰদান কৰা ২০২৬ চনৰ ৱেফাইণ্ডাৰ বঁটাৰ ১৫ গৰাকী বিশ্বব্যাপী প্ৰাপকৰ অন্যতম হিচাপে নিৰ্বাচিত কৰা হৈছে। এই বঁটাই ছখন মহাদেশৰ সেইসকল দূৰদৰ্শী ব্যক্তিক স্বীকৃতি প্ৰদান কৰে, যিসকলৰ বিজ্ঞান, সংৰক্ষণ, শিক্ষা আৰু কাহিনীকথনৰ কামে গ্ৰহটো সুৰক্ষিত কৰাৰ প্ৰতি বিশ্বৰ প্ৰতিশ্ৰুতি গভীৰ কৰি তুলিছে। ড° বৰ্মন যোৱা ২৫ বছৰ ধৰি ধাৰাবাহিকভাৱে হাৰগিলা সংৰক্ষণ আন্দোলনৰ নেতৃত্ব দিয়াৰ বাবে বিখ্যাত। তেওঁ ২০,০০০ৰো অধিক মহিলাৰে গঠিত হাৰগিলা আৰ্মী নামৰ তৃণমূল পৰ্যায়ৰ আন্দোলনৰ পথ প্ৰদৰ্শক, যি স্থানীয়ভাৱে হাৰগিলা নামেৰে জনাজাত বৃহৎ মদনটেক (Leptoptilos dubius) চৰাই সুৰক্ষাৰ বাবে উৎসৰ্গিত।…
Read More
কামৰ আশাত অৰুণাচল যাত্ৰা! অনাহাৰ আৰু নিৰ্যাতনৰ বলি হোৱা অসমৰ সাত মিচিং যুৱকক উদ্ধাৰ

কামৰ আশাত অৰুণাচল যাত্ৰা! অনাহাৰ আৰু নিৰ্যাতনৰ বলি হোৱা অসমৰ সাত মিচিং যুৱকক উদ্ধাৰ

কৰ্মসংস্থাপনৰ আশাত আপোন ঘৰ-দুৱাৰ এৰি ওলাই গৈছিল তেওঁলোক। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাৰত মাত্ৰ কেইটামান দিনৰ ভিতৰতে সেই যাত্ৰা এক ভয়ংকৰ দুৰ্বিষহ অভিজ্ঞতালৈ পৰিণত হ’ল। অৰুণাচল প্ৰদেশৰ এটা নিৰ্মাণস্থলীত অনাহাৰ, অমানৱীয় মাৰধৰ আৰু প্ৰাণৰ ভাবুকিৰ মাজত দিন কটাবলগীয়া হোৱা অসমৰ সাতগৰাকী যুৱকৰ ক্ষেত্ৰত এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে যোৱা সোমবাৰে মিচিং সমাজৰ দুটা সংগঠনে অভিযান চলাই তেওঁলোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি আনে। উদ্ধাৰ হোৱা এই যুৱককেইজন অসমৰ শদিয়া মহকুমাৰ বাসিন্দা আৰু আটাইকেইগৰাকী মিচিং সম্প্ৰদায়ৰ। নিৰ্মাণকাৰ্যত নিয়োজিত হ’বলৈকে তেওঁলোকে অৰুণাচল প্ৰদেশলৈ গৈছিল। তাকাম মিচিং পৰিন কেবাং (টিএমপিকে)-ৰ শদিয়া জিলা কমিটি আৰু মিচিং মিমাগ কেবাং (এমএমকে)-ৰ সদস্যসকলে যৌথভাৱে এই উদ্ধাৰ অভিযান চলায়। ভুক্তভোগী…
Read More
ৰক্তাক্ত পিঅ’কে! সেনাবাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ৩০ জন নিহত, আহত দুই শতাধিক

ৰক্তাক্ত পিঅ’কে! সেনাবাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ৩০ জন নিহত, আহত দুই শতাধিক

পাক অধিকৃত কাশ্মীৰত দীৰ্ঘদিন ধৰি চলি থকা অৰ্থনৈতিক আৰু ৰাজনৈতিক বঞ্চনাই এতিয়া ধাৰণ কৰিছে ভয়াৱহ ক্ষোভৰ ৰূপ। অঞ্চলটোৰ সাধাৰণ জনতাৰ অধিকাৰৰ হকে ধাৰাবাহিক আন্দোলন চলাই অহা এক শক্তিশালী নাগৰিক মঞ্চক চৰকাৰে সন্ত্ৰাসবাদী আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰাৰ পাছতে পৰিস্থিতি সম্পূৰ্ণ অগ্নিগৰ্ভা হৈ পৰে। শান্তিশৃংখলা ৰক্ষাৰ দোহাই দি প্ৰশাসনে জাপি দিয়া এই দমনমূলক নীতিৰ বিৰুদ্ধে হেজাৰ হেজাৰ ক্ষুব্ধ নাগৰিক ৰাজপথলৈ ওলাই অহাত নিৰাপত্তা বাহিনীৰ সৈতে মুখামুখি সংঘাতৰ সৃষ্টি হয়। চৰকাৰী বাহিনী আৰু সাধাৰণ প্ৰতিবাদকাৰীৰ মাজত হোৱা এই তুমুল সংঘাতৰ ফলত ৩০ জনতকৈও অধিক লোক নিহত হোৱাৰ লগতে প্ৰায় ২০০ জন লোক গুৰুতৰভাৱে আহত হৈছে। ৰাৱালাকোট চহৰত যোৱা সপ্তাহৰ শেষৰ ফালে প্ৰশাসনে…
Read More
মহানগৰীত শিশু অপহৰণৰ চেষ্টাৰ অভিযোগক লৈ উত্তপ্ত পৰিস্থিতি; এজনক আটক

মহানগৰীত শিশু অপহৰণৰ চেষ্টাৰ অভিযোগক লৈ উত্তপ্ত পৰিস্থিতি; এজনক আটক

মহানগৰীততীব্ৰ আতংকৰ সৃষ্টি কৰিছে শিশু অপহৰণকাৰীয়ে। উলুবাৰী অঞ্চলত মঙলবাৰে দিনদুপৰতে সংঘটিত এক ঘটনাই এতিয়া সমগ্ৰ চহৰখনতে এক তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিশু অপহৰণৰ অভিযোগত বি বৰুৱা মহাবিদ্যালয়ৰ সমীপত একাংশ স্থানীয় ৰাইজে এজন ব্যক্তিক আটক কৰি পিছত আৰক্ষীক গতাই দিয়ে। ধৃত লোকজনৰ নাম প্ৰদীপ দাস বুলি জানিব পৰা গৈছে। বৰপেটা জিলাৰ বাসিন্দা এই ব্যক্তিজনে চহৰখনৰ ডি এ ভি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰক অপহৰণৰ চেষ্টা চলোৱা বুলি স্থানীয় লোকে গুৰুতৰ সন্দেহ প্ৰকাশ কৰে। অভিযোগ অনুসৰি, বিদ্যালয়ৰ পৰা ওলাই অহা শিশুটিৰ ওচৰ চাপি প্ৰথমে চকলেটৰ প্ৰলোভনেৰে তাক ফুচলাবলৈ চেষ্টা কৰিছিল প্ৰদীপ দাসে। তাৰ পিছত ব্যক্তিজনে ছাত্ৰজনক বলপূৰ্বক লৈ যাবলৈ বিচাৰোঁতেই শিশুটি কোনোমতে…
Read More
ভাল খবৰ! অসমৰ প্ৰথম মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে ইতিহাস ৰচনা শিৱাংগী সোনোৱালৰ

ভাল খবৰ! অসমৰ প্ৰথম মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে ইতিহাস ৰচনা শিৱাংগী সোনোৱালৰ

সমগ্ৰ অসমৰ ভিতৰত প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল শিৱাংগী সোণোৱালে। দেশৰ ভিতৰতে সুপ্ৰতিষ্ঠিত নাগপুৰৰ ‘নেশ্যনেল ফায়াৰ চাৰ্ভিচ কলেজ’ৰ পৰা প্ৰথমগৰাকী অসমীয়া মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে অলপতে যোগ্যতা অৰ্জন কৰে তিনিচুকীয়া জিলাৰ শিৱাংগীয়ে। তেওঁ প্ৰতিষ্ঠানখনৰ পৰা ফায়াৰ ইঞ্জিনিয়াৰিং শাখাৰ বিটেক পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰে। তিনিচুকীয়াৰ ডাঙৰী গাঁৱৰ বাসিন্দা জিতুল সোনোৱাল আৰু বন্তী সন্দিকৈ সোনোৱালৰ কন্যা শিৱাংগীৰ এই সফলতা আচলতে এক অনন্য নজীৰ। অত্যন্ত প্ৰতিযোগিতাপূৰ্ণ আৰু কঠোৰ শাৰীৰিক পৰিশ্ৰমৰ বাবে পৰিচিত এই পাঠ্যক্ৰমত প্ৰতি বছৰে সমগ্ৰ দেশৰ মাত্ৰ কেইগৰাকীমান মহিলাইহে নামভৰ্তিৰ সুযোগ লাভ কৰে। উল্লেখ্য যে এই স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীসকলে ‘জে ই ই মেইন’ পৰীক্ষাত…
Read More
মানস ৰাষ্ট্ৰীয় উদ্যানত ১৫টা আপুৰুগীয়া বামন গাহৰি মুকলি; বন্যপ্ৰাণীত সংৰক্ষণৰ এই ডাঙৰ সফলতাক লৈ প্ৰশংসা মুখ্যমন্ত্ৰীৰ

মানস ৰাষ্ট্ৰীয় উদ্যানত ১৫টা আপুৰুগীয়া বামন গাহৰি মুকলি; বন্যপ্ৰাণীত সংৰক্ষণৰ এই ডাঙৰ সফলতাক লৈ প্ৰশংসা মুখ্যমন্ত্ৰীৰ

প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণীত সংৰক্ষণৰ ধাৰাবাহিক প্ৰচেষ্টালৈ এক উল্লেখনীয় সফলতা কঢ়িয়াই আনিছে ৰাজ্যখনৰ এক বিশেষ উদ্যোগে। ‘বামন গাহৰি সংৰক্ষণ কাৰ্যসূচী’ৰ অধীনত ১৫ টাকৈ বিৰল প্ৰজাতিৰ বামন গাহৰি এতিয়া মুকলি কৰি দিয়া হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক পৰিৱেশত। জিলাখনৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত হাতত লোৱা এই পদক্ষেপক এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে অভিহিত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যম এক্সত এক পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয় যে এই পদক্ষেপে অসমৰ ঠুনুকা ঘাঁহনি পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু বিলুপ্তপ্ৰায় বামন গাহৰি সুৰক্ষাত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিব। বিশ্বৰ আটাইতকৈ সৰু আৰু বিৰল প্ৰজাতিৰ এই বনৰীয়া গাহৰি সুৰক্ষিত কৰাৰ বাবে চৰকাৰে লোৱা স্থায়িত্বমূলক ব্যৱস্থাক প্ৰশংসা…
Read More