কাহিলীপাৰা আৰক্ষীৰ জালত ২ কুখ্যাত গাড়ীচোৰ । আৰক্ষীয়ে চুৰি বাইকসহ গ্ৰেপ্তাৰ কৰে ছাদ্দাম হুছেইন আৰু চাহজামাল শ্বেইখ।শুকুৰবাৰে পুৱা ৪.৩০ বজাত কাহিলীপাৰাৰ কনকলতা পথৰ পৰা দুই চোৰে চুৰি কৰিছিল AS 01 GQ 0839 নম্বৰৰ এখন ৰয়েল এনফিল্ড হাণ্টাৰ। GPS ত গোৱালপাৰা দিশে গৈ থকা দেখি ধূপধৰা আৰক্ষীক খবৰ দিছিল কাহিলীপাৰা আৰক্ষীয়ে। গৈ থকা অৱস্থাতেই ৬.৩০ বজাত আৰক্ষীয়ে চুৰি বাইকসহ ধৰে এটা চোৰক, আনহাতে পলায়ন কৰে আন এজনে।পিছত ৰাইজে কৰায়ত্ত কৰে গতাই দিয়ে আৰক্ষীক।২০২৫ চনতো বাইক চুৰি কৰি দিছপুৰ আৰক্ষীৰ জালত পৰিছিল ছাদ্দাম হুছেইন আৰু চাহজামাল শ্বেইখ।
