অসম

মেঘালয় আৰু অসমত ডি আৰ আইৰ অভিযান; উদ্ধাৰ বৃহৎ পৰিমাণৰ বনৰীয়া জীৱ-জন্তুৰ অৱশিষ্ট

মেঘালয় আৰু অসমত ডি আৰ আইৰ অভিযান; উদ্ধাৰ বৃহৎ পৰিমাণৰ বনৰীয়া জীৱ-জন্তুৰ অৱশিষ্ট

দেশজুৰি চলোৱা এক ব্যাপক অভিযানত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে চমুকৈ ডি আৰ আয়ে। উত্তৰ-পূৰ্বাঞ্চলত চলি থকা বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা অভিযানত মেঘালয়ৰ ৰি-ভয় জিলাৰ পৰা ১৪.৬৮ কিলোগ্ৰাম শুকান বনৰৌৰ বাকলি জব্দ কৰে তদন্তকাৰী সংস্থাটোৱে। বন্যপ্ৰাণী সৰবৰাহৰ বিৰুদ্ধে সমগ্ৰ দেশত চলোৱা ছটা চোৰাংচোৱা-ভিত্তিক অভিযানৰ অংশ হিচাপে এই সফলতা লাভ কৰা হয়। যোৱা ৭ ছেপ্টেম্বৰত ৰি-ভয় জিলাৰ মাওহাটী অভিমুখে গৈ থকা এখন বলেৰ' পিকআপ ভ্যানত তালাচী চলায় ডি আৰ আইৰ দলটোৱে। বাহনখনৰ পৰা তিনিটা বেগভৰ্তি বনৰৌৰ বাকলিসহ এজন ব্যক্তিক আটক কৰে তদন্তকাৰীয়ে। পৰৱৰ্তী সময়ত জব্দকৃত সামগ্ৰী আৰু বাহনখনসহ ধৃত লোকজনক বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ ৰ…
Read More
অৱশেষত অনুশোচনা পত্নীহন্তা ৰামানুজৰ; কাণ্ডজ্ঞানহীন আচৰণ পাহৰি অপৰাধ স্বীকাৰ

অৱশেষত অনুশোচনা পত্নীহন্তা ৰামানুজৰ; কাণ্ডজ্ঞানহীন আচৰণ পাহৰি অপৰাধ স্বীকাৰ

বৰ্বৰতাৰ সকলো সীমা অতিক্ৰম কৰি পত্নীক ডিঙি কাটি হত্যা কৰাৰ পিছত অৱশেষত নিজৰ ভুল বুজি পালে ৰামানুজ গোস্বামীয়ে। গুৱাহাটীৰ বশিষ্ঠপুৰত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্তজনে পূৰ্বৰ দাম্ভিকতা ত্যাগ কৰি সংবাদ মাধ্যমৰ আগত নিজৰ অপৰাধৰ বাবে অনুশোচনা প্ৰকাশ কৰে। হাতীগাঁও থানাৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত ৰামানুজে কয়, "মই কোনো ডাঙৰ কাম কৰা নাই। মই যি কৰিলো, তেনে কাম কোনেও কেতিয়াও কৰা উচিত নহয়।" মাত্ৰ দুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত কোনো অনুশোচনা নাই বুলি দম্ভালি মৰা হত্যাকাৰীজনৰ এই আকস্মিক পৰিৱৰ্তনে সকলোকে আচৰিত কৰি তুলিছে। মঙলবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত ৰামানুজে মুকলিকৈ আন এক হত্যাকাণ্ডৰ ভাবুকি দিছিল। কিন্তু…
Read More
ডাইনী সন্দেহত আশীবছৰীয়া বৃদ্ধাক হত্যা! তিনি দশকৰ পাছত ৬ জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

ডাইনী সন্দেহত আশীবছৰীয়া বৃদ্ধাক হত্যা! তিনি দশকৰ পাছত ৬ জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

তিনি দশকজোৰা দীঘলীয়া আইনী যুঁজৰ অন্তত অৱশেষত ন্যায় পালে এগৰাকী দুৰ্ভগীয়া বৃদ্ধাই। ডাইনী সন্দেহত এগৰাকী আশীবছৰীয়া মহিলাক নৃশংসভাৱে হত্যা কৰাৰ গোচৰত ছজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে আদালতে। ১৯৯৫ চনতে সংঘটিত হোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্ত পেলাই বুধবাৰে ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই ঐতিহাসিক ৰায় ঘোষণা কৰে। আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা লোককেইজন হ'ল বনেশ্বৰ বড়ো, জংগল বড়ো, সুৰজ বড়ো, কান্দুৰা বড়ো, হৰেশ্বৰ বড়ো আৰু ধনলা বড়ো। এই সকলো দোষী একেটা অঞ্চলৰে বাসিন্দা। ভাৰতীয় দণ্ডবিধিৰ ১৪৭, ১৪৮, ১৪৯, ৩০২, ৪৪৮ আৰু ২০১ ধাৰাৰ অধীনত আদালতে দোষীকেইজনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। চৰকাৰী পক্ষৰ অভিযোগ অনুসৰি,…
Read More
‘সন্মানৰ’ নামত জীয়াৰীক হত্যা! তাৰ পিছতে দুৰ্ঘটনাৰ নাটক ৰচি আৰক্ষীৰ জালত পিতা-পুত্ৰ

‘সন্মানৰ’ নামত জীয়াৰীক হত্যা! তাৰ পিছতে দুৰ্ঘটনাৰ নাটক ৰচি আৰক্ষীৰ জালত পিতা-পুত্ৰ

কেৱল 'সন্মানৰ' খাতিৰত হাতুৰীৰে কোবাই নৃশংসভাৱে হত্যা কৰা হ'ল এগৰাকী যুৱতীক। এজন যুৱকৰ সৈতে ভাইৰেল হোৱা এটা ভিডিঅ'ৰ পিছতে এই বৰ্বৰ কাণ্ড সংঘটিত কৰে নিজ পিতৃ আৰু ভাতৃয়ে। যুৱতীগৰাকীক হত্যাৰ পিছত মৃতদেহ ৰাজপথত পেলাই এক পথ দুৰ্ঘটনাৰ ভুৱা নাটক ৰচিছিল দুয়োজনে। কিন্তু আৰক্ষীৰ পুংখানুপুংখ তদন্তত পোহৰলৈ আহে এই পৰিকল্পিত হত্যাকাণ্ড। আহমেদাবাদৰ সৰখেজ অঞ্চলৰ জুহাপুৰাৰ এখন চিকিৎসালয়ত অভ্যৰ্থনাৰক্ষী হিচাপে কৰ্মৰত আছিল ২২ বছৰীয়া ছোফিয়া ফাৰুক। প্ৰায় তিনি মাহ পূৰ্বে এজন যুৱকৰ সৈতে ছোফিয়াৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। ইয়াকে লৈ যুৱতীগৰাকীক কঠোৰ সকীয়নি দিছিল পিতৃ আৰু ভাতৃয়ে। কিন্তু অন্যান্য যুৱকৰ সৈতে কথা-বতৰা অব্যাহত ৰখাৰ সন্দেহত পৰিয়ালৰ সন্মান ৰক্ষাৰ নামত…
Read More
চি চি টিভিৰে চোৰাংচোৱাগিৰি আৰু পাৰ্টী কৰাত বাধ প্ৰতিশোধ ল’বলৈ শহুৰেকক হত্যা বোৱাৰীৰ

চি চি টিভিৰে চোৰাংচোৱাগিৰি আৰু পাৰ্টী কৰাত বাধ প্ৰতিশোধ ল’বলৈ শহুৰেকক হত্যা বোৱাৰীৰ

ঘৰৰ ভিতৰত অহৰহ চি চি টিভিৰে চোৰাংচোৱাগিৰি, নিশাৰ পাৰ্টী কৰাত কঠোৰ বাধা আৰু সামান্য খৰচৰ বাবেও বিচাৰিবলগীয়া হৈছিল হাত খৰচ। এক অভিজাত পৰিয়ালৰ ভিতৰচৰাত পুঞ্জীভূত হৈ থকা এনে ক্ষোভৰ ভয়ংকৰ পৰিণতি হিচাপে সংঘটিত হ'ল এক নৃশংখ হত্যাকাণ্ড। উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ এটা ফ্লেটৰ ভিতৰতে ঔষধ ব্যৱসায়ী বিনীত মিনোচাক ২৬ বাৰ চুৰিকাঘাত কৰি হত্যা কৰা ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁৰ বোৱাৰী শালুক। যোৱা শনিবাৰে নিশা কানপুৰৰ নিজ এপাৰ্টমেণ্টৰ ভিতৰত ৬৩ বছৰীয়া ব্যৱসায়ী বিনীত মিনোচাৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। চি চি টিভি ফুটেজ পৰীক্ষাৰ পাছতে দেওবাৰে নিশা এক এনকাউণ্টাৰৰ অন্তত আৰক্ষীয়ে আটক কৰে পৰিয়ালটোৰ প্ৰাক্তন কৰ্মচাৰী বিশাল আৰু তেওঁৰ সহযোগী ৰাজ…
Read More
উমিয়ামত প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন চিএইউ ইম্ফলৰ

উমিয়ামত প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন চিএইউ ইম্ফলৰ

কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় (চিএইউ), ইম্ফলে বুধবাৰে মেঘালয়ৰ ৰি-ভৈ জিলাৰ উমিয়ামত অৱস্থিত স্নাতকোত্তৰ কৃষি বিজ্ঞান মহাবিদ্যালয়ত (চিপিজিএছএছ) "প্ৰাকৃতিক কৃষি: স্বাৱলম্বী কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ পথ (এনচিএনএফ ২০২৬)" শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনৰ শুভাৰম্ভ কৰে। এই সন্মিলনখন চিএইউ, ইম্ফলৰ উপাচাৰ্য ড° অনুপম মিশ্ৰৰ পৃষ্ঠপোষকতাত আৰু চিপিজিএছএএছৰ অধ্যক্ষ তথা এনচিএনএফ ২০২৬ৰ আয়োজক সম্পাদক অধ্যাপক দ্বীপেন্দ্ৰ ঠাকুৰীয়াৰ নিৰ্দেশনাত অনুষ্ঠিত হৈছে, য’ত দেশৰ আগশাৰীৰ কৃষি প্ৰতিষ্ঠান, গৱেষক, নীতি নিৰ্ধাৰক, উদ্যোগী, সম্প্ৰসাৰণ পেছাদাৰী, ছাত্ৰ-ছাত্ৰী আৰু কৃষকে অংশগ্ৰহণ কৰিছে। উদ্বোধনী অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। তেওঁৰ সৈতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে গুজৰাট প্ৰাকৃতিক কৃষি বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° চি কে…
Read More
জন্ম শতবাৰ্ষিকীত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক সোঁৱৰণ

জন্ম শতবাৰ্ষিকীত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক সোঁৱৰণ

ভাৰত ৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান ৰাজ্যৰ আন প্ৰান্তৰ লগতে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয় পালন কৰা হয়। এই উপলক্ষে বিয়লি কাৰ্যালয়ৰ ডঃ ভূপেন হাজৰিকা সোঁৱৰণী সন্মিলন কক্ষত  থকা বিশ্ব বন্দিত মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে প্ৰাধিকৰণৰ  উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে ডঃ ভূপেন হাজৰিকাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি কয় যে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আছিল এজন প্ৰকৃত মানৱতাবাদী । 'মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা…
Read More
পুত্ৰক বচাবলৈ গৈ পুখুৰীত জাপ পিতৃৰ! চৰাইদেউত একলেগে সলিল সমাধি পিতা-পুত্ৰৰ

পুত্ৰক বচাবলৈ গৈ পুখুৰীত জাপ পিতৃৰ! চৰাইদেউত একলেগে সলিল সমাধি পিতা-পুত্ৰৰ

পুত্ৰক বচাবলৈ চেষ্টা কৰি পুখুৰীত জাপ দি একেলগে সলিল সমাধি ঘটিল পিতা আৰু পুত্ৰৰ। চৰাইদেউ জিলাৰ সাপেখাতীত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। মাছ ধৰিবলৈ গৈ গভীৰ পানীত পৰি যোৱা পুত্ৰক উদ্ধাৰৰ চেষ্টা চলাওঁতেই দুয়োগৰাকীৰে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। স্থানীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, সাপেখাতীৰ ১ নং ধুনীয়া পথাৰ অঞ্চলত সংঘটিত হয় এই হৃদয়বিদাৰক কাণ্ড। নিজৰ ঘৰৰ চৌহদতে থকা পুখুৰীত মাছ ধৰি আছিল ৩০ বছৰীয়া সৌৰভ গগৈয়ে। সেই সময়তে ভৰি পিছলি তেওঁ পুখুৰীৰ গভীৰ পানীত সোমাই পৰে। ইপিনে, পুত্ৰক পানীত তললৈ যোৱা প্ৰত্যক্ষ কৰে পিতৃয়ে। সৌৰভক উদ্ধাৰৰ বাবে তৎপৰ হৈ পুখুৰীত জঁপিয়াই পৰে ৫২ বছৰীয়া পিতৃ লক্ষী গগৈ। কিন্তু…
Read More
ঐশ্বৰিক মহত্ব! জেচিবি, ক্ৰেনৰ দৰে শক্তিশালী যন্ত্ৰ ব্যৱহাৰ কৰিও বিফল প্ৰশাসন, একে ঠাইতে অটল থাকিল হনুমানৰ বিগ্ৰহ

ঐশ্বৰিক মহত্ব! জেচিবি, ক্ৰেনৰ দৰে শক্তিশালী যন্ত্ৰ ব্যৱহাৰ কৰিও বিফল প্ৰশাসন, একে ঠাইতে অটল থাকিল হনুমানৰ বিগ্ৰহ

এবাৰ নহয়, দুবাৰ নহয়, সকলো আধুনিক শক্তি প্ৰয়োগ কৰি বাৰে বাৰে চেষ্টা চলাইও প্ৰশাসনে লৰচৰ কৰিব নোৱাৰিলে এক প্ৰাচীন হনুমান বিগ্ৰহ। মধ্যপ্ৰদেশৰ ঐতিহাসিক ধৰ্মীয় চহৰ উজ্জয়িনীৰ পথ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে 'খড়ে হনুমান' মন্দিৰৰ প্ৰতিমা স্থানান্তৰ কৰিবলৈ গৈ চূড়ান্ত বিমোৰত পৰিছে পৌৰ নিগম আৰু জিলা প্ৰশাসন। চাৰিদিন ধৰি ক্ৰেন, জে চি বিৰ দৰে অত্যাধুনিক গধুৰ যন্ত্ৰ প্ৰয়োগ কৰিও দেৱালয়খনৰ দণ্ডায়মান বিগ্ৰহটো নিজ স্থানৰ পৰা এক ইঞ্চিও স্থানান্তৰ কৰিব নোৱাৰিলে কৰ্তৃপক্ষই। কণ্ঠাল চকৰ পৰা ছত্ৰী চক সংযোগী পথটো সম্প্ৰসাৰণৰ আওতাত পৰাৰ বাবেই প্ৰশাসনে ইতিমধ্যে মন্দিৰৰ মূল সৌধ আৰু গৰ্ভগৃহ ভাঙি পেলাইছে। কিন্তু বিগ্ৰহটো স্থানান্তৰৰ সকলো প্ৰয়াস ব্যৰ্থ হোৱাত সম্প্ৰতি এখন অস্থায়ী চালিৰ…
Read More
দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাৰ চৰম পন্থা! নয়দাৰ বাসগৃহত উদ্ধাৰ মৃতদেহ

দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাৰ চৰম পন্থা! নয়দাৰ বাসগৃহত উদ্ধাৰ মৃতদেহ

দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবেই জীৱনৰ চৰম সিদ্ধান্ত বাছি ল'লে দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাই। নয়দাৰ এটা ভাড়াঘৰত দেওবাৰে ৭৫ বছৰীয়া অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এয়া এক আত্মহত্যা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা এক আত্মঘাতী পত্ৰত মেহতাই নিজৰ গুৰুতৰ আৰু দীৰ্ঘম্যাদী ৰোগৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি লিখে যে তেওঁৰ মৃত্যুৰ বাবে কোনো জগৰীয়া নহয়। নয়দাৰ ৮২ ছেক্টৰৰ কেন্দ্ৰীয় বিহাৰ ২ ছ'চাইটিৰ এটা ফ্লেটত অকলশৰীয়াকৈ বসবাস কৰিছিল ১৯৭৫ বেটছৰ এই প্ৰবীণ প্ৰশাসনিক বিষয়াগৰাকীয়ে। তেওঁৰ পত্নী তথা এগৰাকী অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াই নিজ সন্তানসহ ডেৰাডুনত থকা সময়তে সংঘটিত হয় এই…
Read More