মণিপুৰ

এডিটৰ গিল্ড অৱ ইণ্ডিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল মণিপুৰ চৰকাৰৰ, কাৰণ…

এডিটৰ গিল্ড অৱ ইণ্ডিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল মণিপুৰ চৰকাৰৰ, কাৰণ…

মণিপুৰত অধিক সংঘৰ্ষ সৃষ্টিৰ চেষ্টা কৰাৰ অভিযোগত এডিটৰ গিল্ডৰ সদস্যসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৰাজ্য চৰকাৰে। এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। মণিপুৰৰ বৰ্তমানৰ সংকটৰ সৈতে জড়িত প্ৰেছ গিল্ড অৱ ইণ্ডিয়াৰ তথ্য সন্ধানৰ প্ৰতিবেদনক তীব্ৰ গৰিহণা দিয়ে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। বীৰেণ সিঙে কয় যে উচ্চতম ন্যায়ালয়ে মণিপুৰৰ বৰ্তমানৰ গোচৰটো গ্ৰহণ কৰিছে। এই পৰিস্থিতিৰ মাজতে ইজিআইয়ে আনকি বাস্তৱিক ভুলও সন্নিবিষ্ট কৰা প্ৰতিবেদন দাখিল কৰাটো সৰ্বোচ্চ ৰূপত নিন্দা কৰা হয়। এনে প্ৰতিবেদনে বৰ্তমানৰ সংকট আৰু অধিক ভয়াৱহ কৰি তুলিব বা তীব্ৰতৰ কৰি তুলিব। সেয়ে ৰাজ্য চৰকাৰে এনে কাৰ্যক গৰিহণা দিয়ে আৰু তেওঁলোকৰ ওপৰত FIR দাখিল কৰা হৈছে। এডিটৰ গিল্ড…
Read More
মণিপুৰ হিংসাৰ সময়ত সংঘটিত ২০ টা গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ…

মণিপুৰ হিংসাৰ সময়ত সংঘটিত ২০ টা গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ…

মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত ৰুজু কৰা ২০ গোচৰৰ তদন্তৰ দায়িত্ব আৰক্ষীয়ে হস্তান্তৰ কৰিছে চিবিআইক। এই হস্তান্তৰ কৰা গোচৰ সমূহৰ ভিতৰত অন্যতম হৈছে কুকি-মেইটেই পিতৃ-মাতৃৰ এটি সাত বছৰীয়া সন্তানক মাতৃ আৰু পেহীয়েকৰ সৈতে জীৱন্তে জ্বলাই দিয়া নৃশংস কাণ্ডটোও। পাহাৰীয়া জিলাসমূহত মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত ‘জনজাতি সংহতি মাৰ্চ’ৰ আয়োজন কৰাৰ পিছতে কুকি আৰু মেইটেইৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। এই হিংসাত্মক ঘটনাত ১৬০ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে কেইবাশ লোক আহত হৈছে। যোৱা ৪ জুনত পশ্চিম ইম্ফল জিলাৰ ইৰ’ইচেম্বাত আৰক্ষীৰ এস্কৰ্টত থকা এম্বুলেন্স এখনে ভিৰ আক্ৰমণ কৰি জ্বলাই দিয়াৰ ফলত টনছিং হেংছিং নামৰ ল’ৰাজনৰ মৃত্যু হয়।…
Read More
মণিপুৰৰ পৰা অসম ৰাইফলছক আঁতৰাই নিনিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰৰণ ১০গৰাকী কুকি বিধায়কৰ

মণিপুৰৰ পৰা অসম ৰাইফলছক আঁতৰাই নিনিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰৰণ ১০গৰাকী কুকি বিধায়কৰ

ৰাজ্যত চলি থকা জনগোষ্ঠীয় সংঘাতৰ মাজতে মণিপুৰৰ ১০গৰাকী কুকি-জো-হমাৰ জনজাতীয় বিধায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অসম ৰাইফলছ আঁতৰাই নিনিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী মোডীলৈ প্ৰেৰণ কৰা এখন স্মাৰক পত্ৰত জনজাতীয় বিধায়কসকলে উল্লেখ কৰে যে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বি এছ এফ, আই টি বি পি, আৰ এ এফ, চি আৰ পি এফৰ দৰে অন্যান্য কেন্দ্ৰীয় বাহিনীৰ লগতে অসম ৰাইফলছে কঠোৰ পৰিশ্ৰম কৰি আছে। স্মাৰক পত্ৰখনত কোৱা হৈছে, "আমাৰ মাতৃভূমি "ভাৰত"ক প্ৰতিষ্ঠা হোৱাৰ পৰাই আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে সুৰক্ষা প্ৰদান কৰা আটাইতকৈ পুৰণি নিৰাপত্তা বাহিনী অসম ৰাইফলছ (এ আৰ)ৰ বিশ্বাসযোগ্যতা সকলোৱে জানে।" ৰাজ্যখনৰ বিষয়সমূহ আৰু অধিক উজ্জ্বল কৰি বিধায়কসকলে অভিযোগ কৰে যে ২০২৩ চনৰ…
Read More
চুৰচান্দপুৰত কুকি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ মেইটেই মহিলাৰ, গোচৰ ৰুজু

চুৰচান্দপুৰত কুকি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ মেইটেই মহিলাৰ, গোচৰ ৰুজু

পাহাৰীয়া ৰাজ্য মণিপুৰত বৰ্তমানো অব্যাহত আছে হিংসাত্মক পৰিস্থিতি। ৰাজ্যখনৰ ঠায়ে ঠায়ে সংঘটিত বিক্ষিপ্ত ঘটনা পোহৰলৈ আহি থকাৰ মাজতে যোৱা ৩ মে’ত চুৰাচান্দপুৰত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডক লৈ এগৰাকী ভুক্তভোগী মহিলাই দাখিল কৰা এজাহাৰক লৈ গোচৰ ৰুজু কৰিছে বিষ্ণুপুৰ মহিলা আৰক্ষী থানাই। বুধবাৰে চুৰাচান্দপুৰৰ খুমুজাম্বা মেইটেই লেইকাইত দাখিল কৰা হয় এই এজাহাৰ। যোৱা ৩ মে’ত চুৰাচান্দপুৰত ঘৰৰ পৰা পলায়ন কৰিবলৈ গৈ আন লোকে ঘৰৰ পৰা পলায়ন কৰিবলৈ যাওঁতে অচিনাকি কুকি দুষ্কৃতিকাৰীয়ে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত মেইটেই ভুক্তভোগী মহিলা এগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে এই গোচৰ ৰুজু কৰা হয়। এফ আই আৰ পঞ্জীয়নৰ লগে লগে ভুক্তভোগীৰ স্বাস্থ্য পৰীক্ষাও কৰা হয়। ইয়াৰ…
Read More
জ্বলিয়েই আছে মণিপুৰ! সংঘটিত হৈছে অস্ত্ৰ লুটপাতৰ ঘটনা, অব্যাহত আছে ঠায়ে ঠায়ে গুলীচালনা

জ্বলিয়েই আছে মণিপুৰ! সংঘটিত হৈছে অস্ত্ৰ লুটপাতৰ ঘটনা, অব্যাহত আছে ঠায়ে ঠায়ে গুলীচালনা

চলিত বৰ্ষৰ ৩ মে’ত মণিপুৰত জাতিগত সংঘাত আৰম্ভ হোৱাৰ পিছতে পাহাৰীয়া জিলাসমূহত কুকি উগ্ৰপন্থীয়ে মুঠ ৬২৩টা অস্ত্ৰ লুটপাত কৰিছে, ইয়াৰে ৫ আগষ্টলৈকে ১৩৮টা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰিও উপত্যকা জিলাসমূহত ৪,৩২৪টা অস্ত্ৰ হেৰুৱাইছে, ইয়াৰে আজিলৈকে মুঠ ১,০৭২টা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে। জনগোষ্ঠীয় সংঘাতৰ তিনিমাহতকৈও অধিক সময় পাৰ হোৱাৰ লগে লগে হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰৰ পাহাৰ আৰু উপত্যকা দুয়োখন জিলাৰ অস্ত্ৰভাণ্ডাৰৰ পৰা অসংখ্য অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ লুণ্ঠন কৰা হৈছে। পাহাৰীয়া জিলাসমূহত কুকি উগ্ৰপন্থীয়ে লুণ্ঠন চলোৱাৰ বিপৰীতে উপত্যকা জিলাসমূহত অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ যায় সাধাৰণ নাগৰিক আৰু গাঁওবাসীয়ে। কিন্তু মণিপুৰ ৰাজ্য চৰকাৰে হেৰাই যোৱা বহু অস্ত্ৰ উদ্ধাৰ কৰিছে আৰু আজিলৈকে উদ্ধাৰ কৰি…
Read More
পুনৰ মণিপুৰত উত্তেজনা! দুস্কৃতিকাৰীৰ গুলিবৰ্ষণত পুনৰ মৃত্যু ৩ জনৰ

পুনৰ মণিপুৰত উত্তেজনা! দুস্কৃতিকাৰীৰ গুলিবৰ্ষণত পুনৰ মৃত্যু ৩ জনৰ

মণিপুৰৰ বিষ্ণুপুৰ জিলাত শুকুৰবাৰে পুনৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত কোৱাকতা অঞ্চলৰ মেইটেই সম্প্ৰদায়ৰ কমেও তিনিজন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰিও এই অস্থিৰতাৰ সময়ত কুকি সম্প্ৰদায়ৰ কেইবাটাও ঘৰত জুই জ্বলাই দিয়া হয়। বিষ্ণুপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি একাংশ ব্যক্তিয়ে বাফাৰ জ’ন পাৰ হৈ নিজ অঞ্চলৰ মেইটেই জনগোষ্ঠীৰ ওপৰত গুলীচালনা কৰাৰ ফলত এই হিংসাত্মক ঘটনা সংঘটিত হয়। হিংসাত্মক পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ কোৱাকটা অঞ্চলৰ পৰা ২ কিলোমিটাৰতকৈও অধিক আগত কেন্দ্ৰীয় বাহিনীয়ে পহৰা দিয়া বাফাৰ জ’ন স্থাপন কৰা হৈছিল। মণিপুৰ আৰক্ষী আৰু সশস্ত্ৰ বাহিনীকো ক্ষতিগ্ৰস্ত অঞ্চলসমূহত মোতায়েন কৰা হৈছে আইন-শৃংখলা বজাই ৰখাৰ বাবে। ইয়াৰ পূৰ্বে শুকুৰবাৰে আৰক্ষীৰ অস্ত্ৰভাণ্ডাৰ ভাঙি এ কে আৰু ‘ঘটক’…
Read More
মণিপুৰ হিংসাত নিহত সকলৰ স্মৃতিত অনুষ্ঠিত হব শোকসভা…

মণিপুৰ হিংসাত নিহত সকলৰ স্মৃতিত অনুষ্ঠিত হব শোকসভা…

বৃহস্পতিবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ লামকা চহৰত ৰাজ্যখনত সংঘটিত জনগোষ্ঠীয় সংঘাতত মৃত্যু হোৱা ৩৫ জন লোকৰ সমাধি অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি এটা জনজাতীয় সংগঠনে প্ৰকাশ কৰিছে। খিলঞ্জীয়া জনজাতি নেতা মঞ্চৰ উদ্যোগত টুইবং শান্তি খেলপথাৰত সমাধিস্থ কাৰ্যসূচী অনুষ্ঠিত হব। কুকি-জো সম্প্ৰদায়ৰ সংগঠন আই টি এল এফে এক বিবৃতিত কয় যে এই উপলক্ষে তেওঁলোকৰ অধ্যক্ষ পা জিন হাওকিপে বিদায়ী ভাষণ দিব। ৩ মে’ত মণিপুৰত জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছতে মেইটেই জনগোষ্ঠীৰ অনুসূচিত জনজাতি (এছটি)ৰ দাবীৰ প্ৰতিবাদত পাহাৰীয়া জিলাসমূহত ‘জনজাতি সংহতি মাৰ্চ’ৰ আয়োজন কৰাৰ পিছতে ১৬০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল আৰু কেইবাশো আহত হৈছিল।
Read More
মণিপুৰৰ নিৰ্লজ্জ কাণ্ড! ২ দোষীক গ্ৰেপ্তাৰ, জনালে মুখ্যমন্ত্ৰীয়ে…

মণিপুৰৰ নিৰ্লজ্জ কাণ্ড! ২ দোষীক গ্ৰেপ্তাৰ, জনালে মুখ্যমন্ত্ৰীয়ে…

বৃহস্পতিবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে জনোৱা মতে, ৪ মে’ত কাংকোপি জিলাত দুগৰাকী উলংগ মহিলাক পেৰেড কৰাৰ গোচৰত মূল দোষীকে ধৰি মুঠ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ''আজি ভাইৰেল ভিডিঅ'টো দেখাৰ পিছত শাসকীয় বিজেপিৰ সকলো বিধায়িনী দল আৰু গোটবোৰেও সৰ্বোচ্চ অপৰাধক গৰিহণা দিয়াৰ সিদ্ধান্ত লয়। ই আছিল মানৱতাৰ বিৰুদ্ধে অপৰাধ। মই পোৱা প্ৰতিবেদন অনুসৰি দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।'' সংবাদমেলৰ সময়ত সিঙে এইদৰে কয়। উল্লেখযোগ্য যে যোৱা ৪ মে’ত সংঘটিত হোৱা এই ঘটনাৰ ভিডিঅ’ই সমগ্ৰ দেশতে ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে ছ’চিয়েল মিডিয়াত এই দুখজনক ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হুইৰেম হেৰোডাছ মেইটেই (৩২)ক। মণিপুৰ আৰক্ষীয়ে ঘটনাটোক…
Read More
জনজাতীয় মহিলাক উলংগ কৰাই ৰাজপথত পেৰেড! অশান্ত মণিপুৰৰ আন এক ভিডিঅ’ই সৃষ্টি কৰিছে উত্তেজনাৰ

জনজাতীয় মহিলাক উলংগ কৰাই ৰাজপথত পেৰেড! অশান্ত মণিপুৰৰ আন এক ভিডিঅ’ই সৃষ্টি কৰিছে উত্তেজনাৰ

অশান্ত মণিপুৰত পুনৰ হিংসাৰ দাবানল জ্বলিছে। বুধবাৰে দুগৰাকী মহিলাক উলংগ কৰাই ৰাজপথেৰে খোজ কঢ়াই নিয়াৰ ভিডিঅ এটা ভাইৰেল হৈ পৰাৰ পিছতে পুনৰ উত্তেজনাই বিৰাজ কৰিছে পাহাৰীয়া ৰাজ্যখনত। ভাইৰেল ভিডিঅ'টো ৪ মে’ৰ বুলি জানিব পৰা গৈছে। ভিডিঅ'টোত যুদ্ধংদেহী সম্প্ৰদায় এটাৰ দুগৰাকী মহিলাক আনফালৰ পৰা অহা কেইজনমান পুৰুষে উলংগ কৰি ৰাজপথেৰে খোজকঢ়াই নিয়া দেখিবলৈ পোৱা গৈছে। বৃহস্পতিবাৰে খিলঞ্জীয়া জনজাতি নেতা মঞ্চই ঘোষণা কৰা পৰিকল্পিত প্ৰতিবাদী সমদলৰ প্ৰাকক্ষণত ভিডিঅ’টোৱে ৰাজ্যখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। আই টি এল এফৰ এগৰাকী মুখপাত্ৰৰ মতে, “৪ মে’ত কাংপকপি জিলাত ঘটা ঘৃণনীয় দৃশ্যটোত পুৰুষে অহৰহ অসহায় মহিলাসকলক নিৰ্যাতন চলাই থকা দেখা গৈছে, যিসকলে কান্দি কান্দি নিজৰ বন্দীসকলৰ ওচৰত অনুৰোধ…
Read More
অশান্ত মণিপুৰ! পুনৰ গুলীচালনাত মৃত্যু এজনৰ, আহত কেইবাজনো

অশান্ত মণিপুৰ! পুনৰ গুলীচালনাত মৃত্যু এজনৰ, আহত কেইবাজনো

অব্যাহত আছে মণিপুৰৰ অশান্ত পৰিস্থিতিৰ। ৰাজ্যখনৰ ইম্ফল পশ্চিম-কাংপোকপি সীমান্তৱৰ্তী অঞ্চলৰ ফায়েং আৰু চিংদা গাঁৱত মাজে মাজে সংঘটিত গুলীচালনাৰ ঘটনাই পৰিস্থিতি পুনৰ অস্থিৰ কৰি তুলিছে। দেওবাৰে মাজনিশা দুটা ফৈদৰ মাজৰ গুলীচালনাত কেইবাজনো লোক আহত হোৱাৰ লগতে এজন লোকৰ মৃত্যু ঘটা বুলিও জানিব পৰা গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত অসম ৰাইফলছৰ জোৱানক নিযুক্তি দিয়া হয় যাৰ ফলত পুৱালৈকে গুলীচালনা বন্ধ হৈ পৰে। উল্লেখযোগ্য যে সোমবাৰে পুৱা পুনৰ চিংডা গাঁৱৰ পৰা পাহাৰৰ ফালে অপ্ৰৰোচিত গুলীচালনা আৰম্ভ হয়। দুয়োপক্ষৰ পৰা হতাহতি হোৱাৰ সম্ভাৱনা আছে। ইফালে সেনা-আৰক্ষীয়ে অঞ্চলটোত তালাচী অভিযান অব্যাহত ৰাখিছে।
Read More