মণিপুৰৰ বিষ্ণুপুৰ জিলাত শুকুৰবাৰে পুনৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত কোৱাকতা অঞ্চলৰ মেইটেই সম্প্ৰদায়ৰ কমেও তিনিজন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰিও এই অস্থিৰতাৰ সময়ত কুকি সম্প্ৰদায়ৰ কেইবাটাও ঘৰত জুই জ্বলাই দিয়া হয়।

বিষ্ণুপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি একাংশ ব্যক্তিয়ে বাফাৰ জ’ন পাৰ হৈ নিজ অঞ্চলৰ মেইটেই জনগোষ্ঠীৰ ওপৰত গুলীচালনা কৰাৰ ফলত এই হিংসাত্মক ঘটনা সংঘটিত হয়।

হিংসাত্মক পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ কোৱাকটা অঞ্চলৰ পৰা ২ কিলোমিটাৰতকৈও অধিক আগত কেন্দ্ৰীয় বাহিনীয়ে পহৰা দিয়া বাফাৰ জ’ন স্থাপন কৰা হৈছিল। মণিপুৰ আৰক্ষী আৰু সশস্ত্ৰ বাহিনীকো ক্ষতিগ্ৰস্ত অঞ্চলসমূহত মোতায়েন কৰা হৈছে আইন-শৃংখলা বজাই ৰখাৰ বাবে।

ইয়াৰ পূৰ্বে শুকুৰবাৰে আৰক্ষীৰ অস্ত্ৰভাণ্ডাৰ ভাঙি এ কে আৰু ‘ঘটক’ ছিৰিজৰ এছাল্ট ৰাইফলকে ধৰি অস্ত্ৰ-শস্ত্ৰ আৰু ১৯ হাজাৰৰো অধিক গুলী চুৰি কৰিছিল বুলি বিষয়াসকলে জনায়। বিষ্ণুপুৰ জিলাৰ নৰসেইনাস্থিত ২য় ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত সংঘটিত হয় এই ঘটনা।