পাহাৰীয়া ৰাজ্য মণিপুৰত বৰ্তমানো অব্যাহত আছে হিংসাত্মক পৰিস্থিতি। ৰাজ্যখনৰ ঠায়ে ঠায়ে সংঘটিত বিক্ষিপ্ত ঘটনা পোহৰলৈ আহি থকাৰ মাজতে যোৱা ৩ মে’ত চুৰাচান্দপুৰত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডক লৈ এগৰাকী ভুক্তভোগী মহিলাই দাখিল কৰা এজাহাৰক লৈ গোচৰ ৰুজু কৰিছে বিষ্ণুপুৰ মহিলা আৰক্ষী থানাই।

বুধবাৰে চুৰাচান্দপুৰৰ খুমুজাম্বা মেইটেই লেইকাইত দাখিল কৰা হয় এই এজাহাৰ।

যোৱা ৩ মে’ত চুৰাচান্দপুৰত ঘৰৰ পৰা পলায়ন কৰিবলৈ গৈ আন লোকে ঘৰৰ পৰা পলায়ন কৰিবলৈ যাওঁতে অচিনাকি কুকি দুষ্কৃতিকাৰীয়ে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত মেইটেই ভুক্তভোগী মহিলা এগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে এই গোচৰ ৰুজু কৰা হয়।

এফ আই আৰ পঞ্জীয়নৰ লগে লগে ভুক্তভোগীৰ স্বাস্থ্য পৰীক্ষাও কৰা হয়।

ইয়াৰ উপৰিও জানিব পৰা মতে বিষ্ণুপুৰ মহিলা আৰক্ষী থানাই অধিক তদন্তৰ বাবে চুৰাচান্দপুৰ আৰক্ষী থানালৈ এফ আই আৰ প্ৰেৰণ কৰিছে।