চলিত বৰ্ষৰ ৩ মে’ত মণিপুৰত জাতিগত সংঘাত আৰম্ভ হোৱাৰ পিছতে পাহাৰীয়া জিলাসমূহত কুকি উগ্ৰপন্থীয়ে মুঠ ৬২৩টা অস্ত্ৰ লুটপাত কৰিছে, ইয়াৰে ৫ আগষ্টলৈকে ১৩৮টা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

ইয়াৰ উপৰিও উপত্যকা জিলাসমূহত ৪,৩২৪টা অস্ত্ৰ হেৰুৱাইছে, ইয়াৰে আজিলৈকে মুঠ ১,০৭২টা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

জনগোষ্ঠীয় সংঘাতৰ তিনিমাহতকৈও অধিক সময় পাৰ হোৱাৰ লগে লগে হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰৰ পাহাৰ আৰু উপত্যকা দুয়োখন জিলাৰ অস্ত্ৰভাণ্ডাৰৰ পৰা অসংখ্য অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ লুণ্ঠন কৰা হৈছে।

পাহাৰীয়া জিলাসমূহত কুকি উগ্ৰপন্থীয়ে লুণ্ঠন চলোৱাৰ বিপৰীতে উপত্যকা জিলাসমূহত অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ যায় সাধাৰণ নাগৰিক আৰু গাঁওবাসীয়ে।

কিন্তু মণিপুৰ ৰাজ্য চৰকাৰে হেৰাই যোৱা বহু অস্ত্ৰ উদ্ধাৰ কৰিছে আৰু আজিলৈকে উদ্ধাৰ কৰি আছে।

ইফালে, হিংসাত্মক পৰিস্থিতিৰ ৯০ দিনতকৈও অধিক সময়ৰ পাছতো কিছুমান অঞ্চলত গুলীচালনাৰ কাণ্ড অব্যাহত আছে। আনকি সশস্ত্ৰ দুষ্কৃতিকাৰী আৰু অস্ত্ৰধাৰী সাধাৰণ নাগৰিকৰ মাজত গুলীচালনাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাত সান্ধ্য আইন জাৰি কৰাৰ হৈছে। কিন্তু তাৰ পিছতো অপ্ৰীতিকৰ পৰিস্থিতি অব্যাহত আছে।