বৃহস্পতিবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে জনোৱা মতে, ৪ মে’ত কাংকোপি জিলাত দুগৰাকী উলংগ মহিলাক পেৰেড কৰাৰ গোচৰত মূল দোষীকে ধৰি মুঠ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

”আজি ভাইৰেল ভিডিঅ’টো দেখাৰ পিছত শাসকীয় বিজেপিৰ সকলো বিধায়িনী দল আৰু গোটবোৰেও সৰ্বোচ্চ অপৰাধক গৰিহণা দিয়াৰ সিদ্ধান্ত লয়। ই আছিল মানৱতাৰ বিৰুদ্ধে অপৰাধ। মই পোৱা প্ৰতিবেদন অনুসৰি দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।” সংবাদমেলৰ সময়ত সিঙে এইদৰে কয়।

উল্লেখযোগ্য যে যোৱা ৪ মে’ত সংঘটিত হোৱা এই ঘটনাৰ ভিডিঅ’ই সমগ্ৰ দেশতে ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে।

ইয়াৰ পূৰ্বে ছ’চিয়েল মিডিয়াত এই দুখজনক ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হুইৰেম হেৰোডাছ মেইটেই (৩২)ক।

মণিপুৰ আৰক্ষীয়ে ঘটনাটোক অতি গুৰুত্বসহকাৰে লৈ অপহৰণ, দলবদ্ধ ধৰ্ষণ, হত্যাৰ গোচৰ ৰুজু কৰে। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে এই “সম্পূৰ্ণ অমানৱীয়” কাৰ্য্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি দোষীক ন্যায়ৰ ওচৰলৈ অনাৰ কোনো প্ৰচেষ্টা ৰৈ নাথাকিব বুলি আশ্বাস দিয়ে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে বিষয়টোৰ তৎকালীন তদন্তৰ নিৰ্দেশ দিয়ে।

সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি কৰা এই ভিডিঅ’টোৱে বিৰোধী পক্ষৰ পৰাও চোকা গৰিহণা লাভ কৰিছে, পলম নকৰাকৈ মণিপুৰলৈ সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণৰ দাবী জনাইছে।

ইয়াৰ উত্তৰত খিলঞ্জীয়া জনজাতীয় নেতা মঞ্চই এই ভয়ানক কাণ্ডক গৰিহণা দি প্ৰকাশ কৰে যে ভুক্তভোগীসকল কুকি জনগোষ্ঠীৰ, আনহাতে অপৰাধীসকল মেইটেই।

বি ফাইনম গাঁৱৰ ৬৫ বছৰীয়া মুখীয়াল থাংবৈ ভাইফেইয়ে চাইকুল থানাত দাখিল কৰা এফআইআৰত দাবী কৰা হৈছে যে একেটা ঘটনাৰ সময়তে তৃতীয়গৰাকী মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল। ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰা আৰু অস্ত্ৰ আইনৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে।