বৃহস্পতিবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ লামকা চহৰত ৰাজ্যখনত সংঘটিত জনগোষ্ঠীয় সংঘাতত মৃত্যু হোৱা ৩৫ জন লোকৰ সমাধি অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি এটা জনজাতীয় সংগঠনে প্ৰকাশ কৰিছে। খিলঞ্জীয়া জনজাতি নেতা মঞ্চৰ উদ্যোগত টুইবং শান্তি খেলপথাৰত সমাধিস্থ কাৰ্যসূচী অনুষ্ঠিত হব।

কুকি-জো সম্প্ৰদায়ৰ সংগঠন আই টি এল এফে এক বিবৃতিত কয় যে এই উপলক্ষে তেওঁলোকৰ অধ্যক্ষ পা জিন হাওকিপে বিদায়ী ভাষণ দিব। ৩ মে’ত মণিপুৰত জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছতে মেইটেই জনগোষ্ঠীৰ অনুসূচিত জনজাতি (এছটি)ৰ দাবীৰ প্ৰতিবাদত পাহাৰীয়া জিলাসমূহত ‘জনজাতি সংহতি মাৰ্চ’ৰ আয়োজন কৰাৰ পিছতে ১৬০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল আৰু কেইবাশো আহত হৈছিল।