অসম

বিত্তীয় অনুশাসন ৰক্ষাৰ বাবে চৰকাৰৰ কঠোৰ পদক্ষেপ; চৰকাৰী বাহনৰ ইন্ধন আৰু কনভয় কৰ্তনৰ লগতে বিদেশ ভ্ৰমণত নিষেধাজ্ঞা

বিত্তীয় অনুশাসন ৰক্ষাৰ বাবে চৰকাৰৰ কঠোৰ পদক্ষেপ; চৰকাৰী বাহনৰ ইন্ধন আৰু কনভয় কৰ্তনৰ লগতে বিদেশ ভ্ৰমণত নিষেধাজ্ঞা

পশ্চিম এছিয়াৰ চলিত সংকটৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিত্তীয় স্থিতি সুদৃঢ় কৰি ৰাখিবলৈ অসম চৰকাৰে কেইবাটাও কঠোৰ মিতব্যয়ী পদক্ষেপ ঘোষণা কৰিছে। চৰকাৰে চৰকাৰী কাৰ্যত ব্যৱহৃত ইন্ধনৰ খৰচ ২০ শতাংশ কৰ্তন কৰাৰ লগতে চৰকাৰী বাহনৰ কনভয়ো হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। বিত্তীয় আয়ুক্ত তথা সচিব জয়ন্ত নৰ্লীকৰে বুধবাৰে জাৰি কৰা এটা চৰকাৰী নিৰ্দেশনাত উল্লেখ কৰা মতে, চলিত বিত্তীয় বৰ্ষত সকলো চৰকাৰী বিভাগ আৰু জিলা প্ৰশাসনক তেওঁলোকৰ নিয়মীয়া আৰু প্ৰশাসনিক ব্যয় ১০ শতাংশ হ্ৰাস কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে এই কৰ্তনে কৰ্মচাৰীৰ দৰমহা, পেঞ্চন, ঋণ পৰিশোধ আৰু কিছুমান নিৰ্দিষ্ট অপৰিহাৰ্য ব্যয়ত কোনো প্ৰভাৱ নেপেলায় বুলি স্পষ্ট কৰি দিয়া হৈছে। পশ্চিম এছিয়াৰ সংকটৰ বাবে সৃষ্টি হোৱা…
Read More
অসমৰ মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাবাসী অসমীয়া সমাজৰ ; নামঘৰৰ অতিথিশালা নিৰ্মাণৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান

অসমৰ মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাবাসী অসমীয়া সমাজৰ ; নামঘৰৰ অতিথিশালা নিৰ্মাণৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান

গুৱাহাটীৰ পৰা মাত্ৰ এক বা ডেৰ ঘণ্টা সময়ৰ বাট তথা চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক - অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা তথা ৰাজধানী দিছপুৰৰ পৰা প্ৰায় ৪৫  কিলোমিটাৰ নিলগত থকা গাঁও কেইখনৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোেক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্রমে - বৰগাওঁ , আঠগাওঁ, নালাপাৰা, নোৱাগাঁও, পুৰাণগাঁও, লালুংপাম, জয়গাঁও, দেহেনগাওঁ , বৰঘাটচাৰি আৰু জাৰিকুছি । এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে…
Read More
মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিব আছু! ২২ মে’ত ৰাজ্যজুৰি গণ-বিক্ষোভৰ হুংকাৰ

মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিব আছু! ২২ মে’ত ৰাজ্যজুৰি গণ-বিক্ষোভৰ হুংকাৰ

নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই (আছু)। অহা ২২ মে’ত মূল্যবৃদ্ধি ৰোধৰ দাবীত ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব। পৰিস্থিতিৰ শুধৰণি নহ’লে সংগঠনটোৱে ধাৰাবাহিকভাৱে ৰাজপথলৈ ওলাই আহিব বুলি চৰকাৰক স্পষ্ট সকীয়নি প্ৰদান কৰে আছুৰ সভাপতি উৎপল শৰ্মাই। সামাজিক মাধ্যমত প্ৰেৰণ কৰা এক বাৰ্তাত আছুৰ সভাপতিগৰাকীয়ে কয় যে বৰ্তমান বজাৰত নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যই সাধাৰণ ৰাইজক দহিছে। বজাৰ মূল্য নিয়ন্ত্ৰণ কৰাত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে ক্ৰমাগত বিত্তীয় হেঁচাৰ বাবে এতিয়া সৰ্বসাধাৰণ লোকৰ জীয়াই থকাটোৱেই কঠিন হৈ পৰিছে। এই সংকটপূৰ্ণ পৰিস্থিতিত জনসাধাৰণক সকাহ দিবলৈ চৰকাৰক…
Read More
জুবিন ক্ষেত্ৰক লৈ কোনো ৰাজনীতি নকৰাৰ আহ্বান; সোণাপুৰত উপস্থিত হৈ প্ৰতিশ্ৰুতি ৰক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন ক্ষেত্ৰক লৈ কোনো ৰাজনীতি নকৰাৰ আহ্বান; সোণাপুৰত উপস্থিত হৈ প্ৰতিশ্ৰুতি ৰক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰিয়েই বুধবাৰে সোণাপুৰৰ হাতীমুৰাস্থিত ‘জুবিন ক্ষেত্ৰ’ পৰিদৰ্শন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। দিল্লীৰ পৰা পোনে পোনে সোণাপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ বতৰত এই পবিত্ৰ স্থানলৈ গৈ কোনো ৰাজনীতি কৰিব নিবিচৰা বুলি স্পষ্ট কৰে। শপত গ্ৰহণৰ পাছতহে জুবিন ক্ষেত্ৰলৈ অহাৰ যি প্ৰতিশ্ৰুতি তেওঁ দিছিল, আজি সেই কথা ৰাখি প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰয়াত মহীৰূহগৰাকীৰ স্মৃতিস্থলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণক লৈ অনুৰাগীসকলৰ মাজত এক সুকীয়া আৱেগ দেখিবলৈ পোৱা গৈছে। সংবাদ মাধ্যমৰ আগত ড০ শৰ্মাই কয়, "নিৰ্বাচনৰ বতৰত মই জুবিন ক্ষেত্ৰলৈ গৈ কোনো ৰাজনীতি কৰিব বিচৰা নাছিলো। মই কথা দিছিলো যে শপত…
Read More
দেশলৈ এক ভয়াবহ অৰ্থনৈতিক ধুমুহা আহি আছেঃ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি সতৰ্কবাণী ৰাহুল গান্ধীৰ

দেশলৈ এক ভয়াবহ অৰ্থনৈতিক ধুমুহা আহি আছেঃ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি সতৰ্কবাণী ৰাহুল গান্ধীৰ

অনাগত সময়ত সমগ্ৰ দেশলৈ নামিব ভয়ংকৰ অৰ্থনৈতিক ধুমুহা। উত্তৰ প্ৰদেশৰ নিজা সংসদীয় সমষ্টি ৰায়বৰেলী ভ্ৰমণৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ এই সতৰ্কবাণী প্ৰদান কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দেশখন বৰ্তমান এক ভয়াবহ অৰ্থনৈতিক সংকটৰ দিশে গতি কৰিছে বুলি সতৰ্ক কৰি দি তেওঁ বিজেপি চৰকাৰৰ নীতিসমূহক তীব্ৰ সমালোচনা কৰে। বৰ্তমানৰ এই অৰ্থনৈতিক ব্যৱস্থাই কেৱল একাংশ পুঁজিপতি আৰু কৰ্প’ৰেট গোষ্ঠীকহে লাভান্বিত কৰা বুলিও তেওঁ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰাজহুৱা ক্ষোভ উজাৰে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ কয়, "ভাৰতবৰ্ষ এক ডাঙৰ অৰ্থনৈতিক ধুমুহাৰ দিশে আগবাঢ়িছে, যাৰ কু-প্ৰভাৱ আমাৰ যুৱ প্ৰজন্ম, কৃষক, শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত বাৰুকৈয়ে…
Read More
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী; ঔষধৰ যোগান স্বাভাৱিক ৰাখিবলৈ কঠোৰ নিৰ্দেশ অসম চৰকাৰৰ

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী; ঔষধৰ যোগান স্বাভাৱিক ৰাখিবলৈ কঠোৰ নিৰ্দেশ অসম চৰকাৰৰ

সমগ্ৰ দেশৰ লগতে অসমতো অল ইণ্ডিয়া অৰ্গানাইজেশ্যন অৱ কেমিষ্ট এণ্ড ড্ৰাগীষ্টৰ আহ্বানত আজি ফাৰ্মাচিষ্টসকলে কাৰ্যকৰী কৰিছে এক দেশজোৰা ধৰ্মঘট। এই বন্ধৰ প্ৰেক্ষাপটত জনসাধাৰণ যাতে জৰুৰীকালীন ঔষধৰ পৰা বঞ্চিত হ’বলগীয়া নহয়, তাক নিশ্চিত কৰিবলৈ অসম চৰকাৰে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা। ৰাজ্যৰ ড্ৰাগছ কন্ট্ৰ’লাৰৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এই চৰকাৰী জাননীত স্পষ্ট কৰি দিয়া হৈছে যে কোনো পৰিস্থিতিতে জীৱনদায়িনী ঔষধৰ যোগান ব্যাহত কৰিব নোৱাৰিব। যোৱা ১৭ মে’ত ড্ৰাগছ কন্ট্ৰ’লাৰ জেনেৰেলৰ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকৰ সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰে কেইবাটাও শ্ৰেণীৰ ফাৰ্মাচীক এই ধৰ্মঘটৰ পৰা সম্পূৰ্ণ আঁতৰত থকাৰ নিৰ্দেশ দিয়ে। চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ, অমৃত ফাৰ্মাচী, চৰকাৰী তথা…
Read More
অসম বিধানসভাত ২৬ মে’ত উত্থাপন হ’ব ইউচিচি; সকলো নাগৰিককে সমৰ্থনৰ আহ্বান জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ

অসম বিধানসভাত ২৬ মে’ত উত্থাপন হ’ব ইউচিচি; সকলো নাগৰিককে সমৰ্থনৰ আহ্বান জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ

ৰাজ্যজুৰি অব্যাহত থকা তীব্ৰ চৰ্চাৰ মাজতে অহা ২৬ মে’ত অসম বিধানসভাৰ মজিয়াত উত্থাপন কৰা হ’ব বহু প্ৰত্যাশিত অভিন্ন দেৱানী বিধি চমুকৈ ইউচিচিৰ খচৰা বিল। মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজৰ প্ৰথমখন কেবিনেট বৈঠকত এই ঐতিহাসিক আইনখনৰ খচৰাত আনুষ্ঠানিক অনুমোদন জনায়। ২১ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া বিধানসভা অধিৱেশনৰ একেবাৰে শেষৰ দিনা এই আইনখন সদনত দাখিল কৰা হ’ব বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছে। ৰাজ্যত এই আইনখন প্ৰৱৰ্তন হ’বলৈ লোৱা প্ৰেক্ষাপটত বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ মাজত বিষয়টোক লৈ সৃষ্টি হোৱা কেতবোৰ ধাৰণা আৰু বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ স্থিতিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ…
Read More
পেঞ্চনৰ গোচৰ নিষ্পত্তিত অনাহক বিলম্ব হ’লেই জৰিমনা ভৰিব লাগিব চৰকাৰী বিষয়াইঃ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ

পেঞ্চনৰ গোচৰ নিষ্পত্তিত অনাহক বিলম্ব হ’লেই জৰিমনা ভৰিব লাগিব চৰকাৰী বিষয়াইঃ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ

নিৰ্ধাৰিত সময়সীমাত পেঞ্চনৰ গোচৰ নিষ্পত্তি নকৰিলে অসম চৰকাৰৰ সংশ্লিষ্ট দায়িত্বপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ আৰ্থিক ব্যৱস্থা। কামত ফাঁকি দিয়া কৰ্মচাৰীক জবাবদিহি কৰিবলৈ ৰাজ্য চৰকাৰে অলপতে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰিয়েই ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই নতুন নিয়ম কঠোৰ কৰি তুলিছে। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন লাভৰ প্ৰক্ৰিয়া সহজ কৰিবলৈ মঙলবাৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই চৰকাৰৰ এই স্থিতি স্পষ্ট কৰে। তেওঁ কয়, "জীৱনৰ মূল্যৱান সময় ৰাজ্যৰ সেৱাত উছৰ্গা কৰা কৰ্মচাৰীসকলে অৱসৰৰ পাছতো সন্মানসহকাৰে জীৱন নিৰ্বাহ কৰাটো অধিকাৰ; কিন্তু বহু ক্ষেত্ৰত পেঞ্চন লাভত হোৱা অযথা বিলম্বৰ বাবে তেখেতসকল মানসিক আৰু আৰ্থিক…
Read More
গুৱাহাটীসহ দেশৰ ১৮খন চহৰত চলিব জল মেট্ৰ’- ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটীসহ দেশৰ ১৮খন চহৰত চলিব জল মেট্ৰ’- ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

দেশৰ ১৮ খন চহৰৰ সৈতে অসমতো আৰম্ভ হ’ব আধুনিক জল মেট্ৰ’ পৰিবহণ ব্যৱস্থা। মহানগৰী গুৱাহাটীত প্ৰথম পৰ্যায়ত আৰু তেজপুৰ তথা ডিব্ৰুগড়ত দ্বিতীয় পৰ্যায়ত এই অভিলাষী প্ৰকল্প ৰূপায়ণ কৰিব কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰণালয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ত এই প্ৰকল্প কাৰ্যকৰী কৰাৰ পূৰ্বে ইতিমধ্যে প্ৰস্তুত কৰা হৈছে ৰাষ্ট্ৰীয় জলপথ নীতিৰ এক গুৰুত্বপূৰ্ণ খচৰা। এই বৃহৎ আঁচনিৰ বুজ ল’বলৈ সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰণালয় আৰু ভাৰতৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বিশদ পৰ্যালোচনা বৈঠকত মিলিত হয়। প্ৰথম পৰ্যায়ত গুৱাহাটীৰ লগতে শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজত এই আধুনিক যাতায়ত ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে চৰকাৰে। মন্ত্ৰণালয়ৰ এক বিবৃতিত প্ৰকাশ পোৱা…
Read More
উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভুৱন চন্দ্ৰ খাণ্ডুৰীৰ দেহাৱসান

উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভুৱন চন্দ্ৰ খাণ্ডুৰীৰ দেহাৱসান

ৰাষ্ট্ৰীয় ৰাজনীতিত গভীৰ শোকৰ ছাঁ পেলাই মঙলবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী ভুৱন চন্দ্ৰ খাণ্ডুৰীৰ। ডেৰাডুন চহৰৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন থকা অৱস্থাতে পুৱা শেষ নিশ্বাস ত্যাগ কৰে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেলগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ মণীশ খণ্ডুৰীয়ে সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত মঙলবাৰে পুৱা পিতৃৰ বিয়োগৰ বাতৰি নিশ্চিত কৰে। উল্লেখ্য যে, বিজেপিৰ এই জ্যেষ্ঠ নেতাগৰাকীয়ে ২০০৭ চনৰ পৰা ২০০৯ চনলৈ আৰু পৰৱৰ্তী সময়ত ২০১১ চনৰ পৰা ২০১২ চনলৈ দুবাৰকৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজনৈতিক জীৱনত তেওঁ সফলভাৱে প্ৰতিনিধিত্ব কৰিছিল গড়োৱাল লোকসভা সমষ্টিক। প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী…
Read More