মেঘালয় আৰু অসমত ডি আৰ আইৰ অভিযান; উদ্ধাৰ বৃহৎ পৰিমাণৰ বনৰীয়া জীৱ-জন্তুৰ অৱশিষ্ট

দেশজুৰি চলোৱা এক ব্যাপক অভিযানত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে চমুকৈ ডি আৰ আয়ে। উত্তৰ-পূৰ্বাঞ্চলত চলি থকা বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা অভিযানত মেঘালয়ৰ ৰি-ভয় জিলাৰ পৰা ১৪.৬৮ কিলোগ্ৰাম শুকান বনৰৌৰ বাকলি জব্দ কৰে তদন্তকাৰী সংস্থাটোৱে। বন্যপ্ৰাণী সৰবৰাহৰ বিৰুদ্ধে সমগ্ৰ দেশত চলোৱা ছটা চোৰাংচোৱা-ভিত্তিক অভিযানৰ অংশ হিচাপে এই সফলতা লাভ কৰা হয়।

যোৱা ৭ ছেপ্টেম্বৰত ৰি-ভয় জিলাৰ মাওহাটী অভিমুখে গৈ থকা এখন বলেৰ’ পিকআপ ভ্যানত তালাচী চলায় ডি আৰ আইৰ দলটোৱে। বাহনখনৰ পৰা তিনিটা বেগভৰ্তি বনৰৌৰ বাকলিসহ এজন ব্যক্তিক আটক কৰে তদন্তকাৰীয়ে। পৰৱৰ্তী সময়ত জব্দকৃত সামগ্ৰী আৰু বাহনখনসহ ধৃত লোকজনক বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ ৰ অধীনত ব্যৱস্থা গ্ৰহণৰ বাবে নংপোৰ বন বিভাগৰ হাতত গতাই দিয়া হয়।

ইফালে, মেঘালয়ৰ উপৰি চুবুৰীয়া অসমতো একেধৰণৰ অভিযান চলাই সফলতা অৰ্জন কৰে ডি আৰ আয়ে। যোৱা ২৮ আগষ্টত কাৰ্বি আংলঙত অভিযান চলাই এখন বাহনৰ পৰা তিনিজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰী কেইজনৰ জিম্মাৰ পৰা প্ৰায় ৯ কিলোগ্ৰাম বনৰৌৰ বাকলিৰ লগতে মূৰৰ লাওখোলা আৰু দাঁতসহ প্ৰায় ৫০০ গ্ৰাম বাঘৰ হাড় উদ্ধাৰ কৰা হয়। এই অভিযুক্তসকলক বকলীয়াৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত চমজাই দিয়া হয়।

আনহাতে, যোৱা ৫ ছেপ্টেম্বৰত অসমৰ কেওখালীত আন এটা সফল অভিযান চলায় ডি আৰ আয়ে। এই অভিযানত দুজন লোকৰ পৰা ১২টা জীৱন্ত কেকোঁ সাপ উদ্ধাৰ কৰা হয়। ধৃত দুই ব্যক্তিসহ তক্ষককেইটা বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াৰ হাতত অৰ্পণ কৰা হৈছে। সমগ্ৰ দেশজুৰি চলোৱা এই অভিযানত এতিয়ালৈকে দুটা নাহৰফুটুকীৰ ছাল, ১৮০টা তৰা কাছ, ১২টা কেকোঁ সাপ, প্ৰায় ২৪ কিলোগ্ৰাম বনৰৌৰ বাকলি আৰু বাঘৰ হাড়সহ মুঠ ১৩ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে সংস্থাই।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *