অন্ধ্ৰৰ উপকূলত ঘূৰ্ণীবতাহ অৰ্ণৱ

পশ্চিম-মধ্য বংগ উপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহ অৰ্ণৱ তীব্ৰতৰ হৈ অতি ভয়াৱহ ঘূৰ্ণীবতাহ ধুমুহালৈ পৰিণত হৈছে ৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বুধবাৰে পুৱা অন্ধ্ৰ প্ৰদেশৰ উপকূলৰ ওচৰত ঘূৰ্ণীবতাহ অৰ্ণৱ ‘প্ৰায় স্থবিৰ’ হৈ আছে আৰু অহা ২-৩ ঘণ্টালৈকে স্থলপথত প্ৰৱেশ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সম্ভাৱনা আছে ৷ই এক অতি বিপজ্জনক ঘূৰ্ণীবতাহৰ ধুমুহা, সৰ্বোচ্চ বতাহৰ গতিবেগ ঘণ্টাত ১৩৫ কিলোমিটাৰ আৰু ধুমুহা ঘণ্টাত ১৫০ কিলোমিটাৰ পৰ্যন্ত হ’ব ।আই এম ডিয়ে জনোৱা মতে, ২৭ অক্টোবৰৰ পুৱা ৮:৩০ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ৪ বজাৰ ভিতৰত অনকাপলে, ভিজিয়ানাগৰম, আৰু বিশাখাপট্টনম জিলাৰ কেইবাখনো ঠাইত ২০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱা বুলি জানিব পৰা গৈছে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *