মহানগৰীৰ লাচিত নগৰস্থিত হোটেল বিলাস ইনত সোমবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হত্যাকাণ্ডৰ অনুসন্ধানৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে মহানগৰ আৰক্ষীয়ে ৷ আৰক্ষী সূত্ৰই জনোৱা মতে ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পুংখানুপুংখ, বৈজ্ঞানিক আৰু ক্ষিপ্ৰ তদন্ত নিশ্চিত কৰাৰ উদ্দেশ্যে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে ।এই বিশেষ তদন্তকাৰী দলটোৱে ঘটনাৰ সৈতে জড়িত ফৰেনছিক সাক্ষ্য-প্ৰমাণ পৰীক্ষা, প্ৰত্যক্ষদৰ্শী আৰু অন্যান্য সাক্ষীৰ ভাষ্য সংগ্ৰহ, গুলীচালনাৰ পূৰ্বে সৃষ্টি হোৱা পৰিস্থিতি আৰু ঘটনাটোৰ সৈতে জড়িত আন সকলো প্ৰাসংগিক দিশ সামৰি বিস্তৃত তদন্ত চলাব । ঘটনাৰ সম্পূৰ্ণ ঘটনাক্ৰম আৰু ইয়াৰ সৈতে জড়িত সকলো পৰিস্থিতি তথা তথ্য উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত আছে ।
হত্যাকাণ্ডৰ অনুসন্ধানৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন
