অসমৰ বানত নিহতৰ সংখ্যা ১০১ জনলৈ বৃদ্ধি; ১০ জিলাত বানৰ কবলত ১.২৬ লাখৰো অধিক লোক

১০১ জনলৈ বৃদ্ধি পালে অসমৰ বানত নিহতৰ সংখ্যা। পানী শুকুৱাৰ পিছত জিলাই জিলাই উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো মৃতদেহ। শেহতীয়াকৈ পুনৰ এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এই বলিয়া বানত নিহতৰ সংখ্যা ১০১ জনলৈ বৃদ্ধি পায়।

১০ আগষ্টৰ শেহতীয়া বান প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ ১০খন জিলাত এতিয়াও ১,২৬,৪৩১ জন লোক বানৰ কবলত আছে। নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, কাৰ্বি আংলং, লখিমপুৰ, কাছাৰ, চৰাইদেউ আৰু যোৰহাটত অব্যাহত আছে বানৰ প্ৰভাৱ। ইয়াৰ মাজতে ২৫টা ৰাজহ চক্ৰৰ ৪৫৮খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে।

আক্রান্ত লোকৰ সংখ্যাই গোলাঘাটৰ ভয়াবহ পৰিস্থিতিৰ ছবিখন স্পষ্ট কৰিছে। জিলাখনত ৭১,০৬১ জন লোক বানৰ কবলত পৰিছে। শিৱসাগৰত ২১,৬০০ জন আৰু নগাঁৱত ১৬,৯০৮ জন লোক ক্ষতিগ্ৰস্ত হৈছে। যোৰহাটতো ১৩,১৬৬ জন লোক বানৰ কবলত আছে। আনহাতে, চৰাইদেউত ২,৫৩৯ জন, কাৰ্বি আংলঙত ৮৫২ জন আৰু দৰঙত ৩০৫ জন লোক বানাক্ৰান্ত হৈছে।

বানৰ পানীয়ে কেৱল জনজীৱনেই নহয়, কৃষিক্ষেত্ৰতো ব্যাপক ক্ষতি কৰিছে। ৰাজ্যৰ বানাক্ৰান্ত জিলাসমূহত ১১,২৮৭.০৪ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ইয়াৰে নগাঁৱত ৪,১৯৪.১ হেক্টৰ কৃষিভূমি বুৰ গৈছে। শিৱসাগৰত ২,২১০ হেক্টৰ আৰু গোলাঘাটত ২,০৪০.৯৪ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে।

ইফালে, নদীৰ জলস্তৰক লৈও অব্যাহত আছে সতৰ্কতা। কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি, গোলাঘাট আৰু নুমলীগড়ত ধনশিৰি দক্ষিণ নদীৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। একেদৰে শ্ৰীভূমিত কুশিয়াৰা নদীৰ জলস্তৰো বিপদসীমা অতিক্ৰম কৰিছে। অৱশ্যে কোনো এখন নদীয়ে এতিয়ালৈ সৰ্বোচ্চ বান সীমা অতিক্ৰম কৰা নাই।

বানৰ মাজতে আশ্ৰয়হীন লোকসকলৰ বাবে ৮৯টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি ৰখা হৈছে। শিবিৰসমূহত আশ্ৰয় লৈ আছে ৮,৪৪৭ জন বানপীড়িত লোক। ইয়াৰে ৩,৬৪৮ জন পুৰুষ, ৩,৫৯৩ গৰাকী মহিলা আৰু ১,১৪৩টা শিশু।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *