কোৰিয়া মাষ্টাৰ্ছত ইতিহাস ৰচনা অসম কন্যা অস্মিতা চলিহাৰ

অৱশেষত অৱসান ঘটিল অসমৰ বেডমিণ্টন খেলুৱৈ অস্মিতা চলিহাৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ। কোৰিয়া মাষ্টাৰ্ছৰ মহিলা একক শাখাৰ খিতাপ জয় কৰি ভাৰতীয় বেডমিণ্টনৰ ইতিহাসত নতুন অধ্যায় সংযোজন কৰিলে অস্মিতাই। চীনৰ চতুৰ্থ বাছনিৰ খেলুৱৈ হান ছিয়ান ছিক পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ মহিলা একক শাখাৰ খিতাপ জয় কৰাৰ পিছতে ভাৰতীয় বেডমিণ্টনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৰিয়া মাষ্টাৰ্ছ জয় কৰা খেলুৱৈ হিচাপে নাম লিপিবদ্ধ কৰে অসম কন্যাগৰাকীয়ে।

দেওবাৰে অনুষ্ঠিত ফাইনেলত অস্মিতাই প্ৰথমখন খেলত ১৪-২১ ব্যৱধানত পৰাস্ত হোৱাৰ পিছতো মেচখনলৈ শক্তিশালী প্ৰত্যাৱৰ্তন কৰে। দ্বিতীয়খন খেলত ২১-১৪ আৰু তৃতীয়খন খেলত ২১-১৪ ব্যৱধানত জয় সাব্যস্ত কৰি চীনা খেলুৱৈগৰাকীক পৰাস্ত কৰে অসমৰ বাঁওহতীয়া শ্বাটলাৰগৰাকীয়ে। এই জয়ৰ জৰিয়তে কেৰিয়াৰৰ সৰ্ববৃহৎ খিতাপটো লাভ কৰে ২৬ বছৰীয়া অস্মিতাই।

খিতাপ জয়ৰ পিছত এই সাফল্য এতিয়াও সম্পূৰ্ণৰূপে উপলব্ধি কৰিব পৰা নাই বুলি প্ৰকাশ কৰে অস্মিতাই। ভাৰতৰ কোনো খেলুৱৈয়ে ইয়াৰ পূৰ্বে কোৰিয়া মাষ্টাৰ্ছ জয় কৰা নাছিল বুলি তেওঁ জানিব পৰা নাছিল বুলিও উল্লেখ কৰে। ঘৰলৈ সমৰ্থন আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জনাই আগন্তুক সময়ত অধিক সফলতা অৰ্জনৰ লক্ষ্য থকাৰ কথাও প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে।

ইফালে, ফাইনেলৰ প্ৰথমখন খেলত পিছ পৰাৰ পিছত খেলৰ পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাই লোৱাটোৱেই জয়ৰ অন্যতম কাৰক হৈ পৰে। কোৰ্টৰ দুয়োটা ফালৰ বতাহৰ গতিবিধিৰ পাৰ্থক্যৰ বাবে আৰম্ভণিতে সমস্যাৰ সন্মুখীন হোৱা অস্মিতাই দ্বিতীয়খন খেলত পৰিস্থিতিৰ সৈতে নিজকে মানি লোৱাৰ পিছত খেলৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনে। তৃতীয়খন খেলত ১১ পইণ্টৰ সীমা অতিক্ৰম কৰাৰ সময়তো পুনৰ কোৰ্টৰ ফাল সলনি কৰি কৌশল সলনি কৰে তেওঁ।

এই সাফল্যৰ আঁৰত দক্ষিণ কোৰিয়াৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা প্ৰশিক্ষক পাৰ্ক টে-ছাঙৰ ভূমিকাও বিশেষভাৱে উল্লেখ কৰে অস্মিতাই। চলিত বৰ্ষত প্ৰতিযোগিতামূলক বেডমিণ্টনলৈ উভতি অহাৰ পিছত অসমৰ আমিনগাঁৱৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰত পাৰ্কৰ অধীনত প্ৰশিক্ষণ লৈ আহিছে অস্মিতাই। পাৰ্কৰ প্ৰশিক্ষণে খেলৰ লগতে মানসিকতাতো উল্লেখযোগ্য পৰিৱৰ্তন আনিছে বুলি কয় তেওঁ।

অস্মিতাই কয়, “মোৰ সকলো কৃতিত্ব পাৰ্ক প্ৰশিক্ষকৰ। তেওঁ নথকা হ’লে মই আগৰ দৰে ইমান শক্তিশালী আৰু উদ্যমী হ’ব নোৱাৰিলোঁহেঁতেন।”

ইয়াৰ পূৰ্বেও আঘাতে অস্মিতাৰ কেৰিয়াৰত বাধা সৃষ্টি কৰিছিল। ২০২৪ চনৰ কোৰিয়া অ’পেনত সোঁ আঁঠুৰ মেনিস্কাছত আঘাত পোৱাৰ পিছত অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল তেওঁ। আঘাতৰ বাবে কেইবামাহো প্ৰতিযোগিতাৰ পৰা আঁতৰি থকাৰ পিছত এই বছৰ পুনৰ প্ৰতিযোগিতামূলক বেডমিণ্টনলৈ উভতি আহে অসমৰ খেলুৱৈগৰাকী।

উল্লেখ্য যে, ২০১৮ চনত ডুবাই আন্তঃৰাষ্ট্ৰীয় চেলেঞ্জ আৰু টাটা অ’পেন ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় চেলেঞ্জৰ খিতাপ জয় কৰিছিল অস্মিতাই। ২০১৯ চনৰ দক্ষিণ এছিয়ান গেমছত মহিলা একক শাখাত সোণৰ পদক জয় কৰাৰ লগতে ২০২৪ চনৰ বেডমিণ্টন এছিয়া দলীয় প্ৰতিযোগিতাত ভাৰতৰ সোণৰ পদক বিজয়ী দলৰ সদস্যও আছিল অসম কন্যা অস্মিতা।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *