ভি-এ নিজৰ নতুন ব্ৰেণ্ড প্ৰতিশ্ৰুতি “ভি পে চব হ্যে ভিআইপি”ক গ্ৰাহকৰ বাবে এক প্ৰকৃত লাভালভলৈ ৰূপান্তৰিত কৰি বৈপ্লৱিক অফাৰ ঘোষণা কৰিছে, যাৰ অধীনত প্ৰধান পোষ্টপেইড, প্ৰিপেইড আৰু এণ্টাৰপ্ৰাইজ প্লেনসমূহৰ সৈতে বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিং সেৱা আগবঢ়োৱা হৈছে। এই যুগান্তকাৰী অফাৰৰ জৰিয়তে গ্ৰাহক আৰু পৰিয়ালৰ সদস্যসকলে এতিয়া বিশ্বজুৰি ১৭০তকৈও অধিক দেশত ভ্ৰমণ কৰাৰ সময়ত সম্পূৰ্ণ বিনামূলীয়াকৈ সংযুক্ত হৈ থাকিব পাৰিব।
দশক দশক ধৰি আন্তঃৰাষ্ট্ৰীয়ভাৱে ভ্ৰমণ কৰাৰ সময়ত সংযুক্ত হৈ থকাৰ অৰ্থ আছিল একাধিক চিম কাৰ্ড সলনি কৰা, যাত্ৰাৰ পূৰ্বে স্থানীয় বা ট্ৰেভেল চিম ক্ৰয় কৰা, নিজৰ ভাৰতীয় ম’বাইল নম্বৰটো ব্যৱহাৰ কৰাৰ সুবিধা হেৰুওৱা, গুৰুত্বপূৰ্ণ অ’টিপিসমূহ নোপোৱা, অসুৰক্ষিত ৰাজহুৱা/বিনামূলীয়া ৱাই-ফাইৰ ওপৰত নিৰ্ভৰ কৰা, আমনিদায়ক নথি-পত্ৰৰ কাম কৰা অথবা অপ্ৰত্যাশিত ৰোমিং বিলৰ চিন্তা কৰা। ভি-এ এতিয়া সেই সমগ্ৰ অভিজ্ঞতাক এক নতুন ৰূপ দিছে আৰু ইয়াক গ্ৰাহকৰ বাবে সহজ কৰি তুলিছে। ভি-এ এতিয়া নিজৰ প্লেনসমূহৰ সৈতে বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিং সংযোজিত কৰিছে, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় সংযোগ ব্যৱস্থা সৰল, সামগ্ৰিক, নিৰৱচ্ছিন্ন আৰু উদ্বেগমুক্ত হৈ পৰিছে।
প্লেনৰ ওপৰত নিৰ্ভৰ কৰি পোষ্টপেইড, প্ৰিপেইড আৰু এণ্টাৰপ্ৰাইজ গ্ৰাহকসকলে এতিয়া বছৰত ৩ বাৰলৈকে ভ্ৰমণৰ সময়ত বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিং উপভোগ কৰিব পাৰিব, য’ত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ডাটা কোটা আৰু আউটগয়িং মিনিটৰ সুবিধা থাকিব আৰু ইয়াৰ ফলত বছৰেকত ৯,০০০ টকালৈকে ৰাহি হ’ব।
ভি-ৰ নতুন ব্ৰেণ্ড কেম্পেইন “ভি পে চব হ্যে ভিআইপি”ৰ সৈতে সংগতি ৰাখি, ভি-এ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় ৰোমিঙৰ উপলব্ধতাক সৰ্বজনীন কৰি তুলিছে। ব্যক্তিগত, পৰিয়াল আৰু ব্যৱসায়িক ভ্ৰমণকাৰীসকলৰ বাবে প্ৰস্তুত কৰা এই অফাৰে ভি এপৰ জৰিয়তে সহজ সক্ৰিয়কৰণ প্ৰক্ৰিয়াৰে পোষ্টপেইড, প্ৰিপেইড আৰু কৰ্পৰেট প্লেন ব্যৱহাৰকাৰীসকলৰ বাবে বিদেশৰ সংযোগ ব্যৱস্থা সৰল কৰি তুলিছে।
এই অফাৰৰ বিষয়ে সদৰি কৰি ভি-ৰ মুখ্য বিপণন বিষয়া অৱনীশ খোছলাই কয় যে, “ভি-ত ‘ভি পে চব হ্যে ভিআইপি’ কেৱল এটা অভিযান নহয়। এয়া এক প্ৰতিশ্ৰুতি, যাক আমি সামগ্ৰিকতা নিশ্চিত কৰাৰ অৰ্থপূৰ্ণ পদক্ষেপৰ জৰিয়তে বাস্তৱায়িত কৰিছোঁ।”
এই অফাৰ শ্বাহৰুখ খান অভিনীত এক নতুন বিজ্ঞাপনৰ জৰিয়তে প্ৰদৰ্শন কৰা হৈছে। নতুন অফাৰৰ অধীনত যোগ্য প্লেনসমূহ ব্যৱহাৰ কৰা গ্ৰাহকসকলে ৫০০১ টকাৰ পৰা আৰম্ভ হোৱা পোষ্টপেইড প্লেন, বাৰ্ষিক প্ৰিপেইড আনলিমিটেড ডাটা প্লেন আৰু ৪৫১ টকাৰ পৰা আৰম্ভ হোৱা কৰ্পৰেট প্লেন(এণ্টাৰপ্ৰাইজ গ্ৰাহকৰ বাবে)ৰ সৈতে বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিং আৰু অন্যান্য বহুতো সুবিধা উপভোগ কৰিব পাৰিব।
কেম্পেইনৰ লিংক: https://youtu.be/Iwulhn37vtY?si=PdA9EMATTqAck-Zr.
বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিঙেৰে ভি-এ ভ্ৰমণ খণ্ডলৈ আনিছে অভূতপূৰ্ব পৰিৱৰ্তন
