প্ৰিমিয়াম অডিঅ’ বজাৰ দখলৰ লক্ষ্যৰে চেনহেইষ্টাৰৰ নতুন মমেণ্টাম ৫ ছিৰিজ মুকলি

চেনহেইষ্টাৰ কোম্পানীয়ে ভাৰতত নিজৰ শেহতীয়া মমেণ্টাম ৫ ছিৰিজ মুকলি কৰিছে, যাৰ অধীনত মমেণ্টাম ৫ ৱায়াৰলেচ হেডফোন আৰু মমেণ্টাম ট্ৰু ৱায়াৰলেচ ৫ ইয়েৰবাডছ ক্ৰমে ৩৯,৯৯০ টকা আৰু ২৯,৯৯০ টকাৰ প্ৰাৰম্ভিক মূল্যত বজাৰত মুকলি কৰিছে। ২৪ ছেপ্টেম্বৰৰ পৰা ইয়াৰ প্ৰি-অৰ্ডাৰ আৰম্ভ হৈছে আৰু ১ অক্টোবৰৰ পৰা অনলাইন তথা অফলাইন মাধ্যমসমূহৰ জৰিয়তে খুচুৰা বিক্ৰী আৰম্ভ হ’ব। মমেণ্টাম ৫ ৱায়াৰলেচত আছে এইছডি ৬০০ৰ দ্বাৰা অনুপ্ৰাণিত ৪২এমএম ড্ৰাইভাৰ্ছ, ডলবী এটমছ স্পেচিয়েল ট্ৰেকিং, লচলেচ ক’ডেক চাপৰ্ট আৰু এটা এইট-মাইক্ৰ’ফোন হাইব্ৰিড এএনচি চিষ্টেম। ব্যৱহাৰকাৰীক এএনচিৰ সৈতে ৫৭ ঘণ্টালৈকে বেটাৰী লাইফ প্ৰদান কৰে আৰু ইয়াত ব্যৱহাৰকাৰীয়ে নিজেই সলনি কৰিব পৰা ৭০০এমএএইছ বেটাৰী আছে।

ইয়াৰ ন ৰূপত ডিজাইন কৰা কেৰিং কেচটো ২০% অধিক চেপেটা, আনহাতে পেকেজিঙৰ আকাৰ ১৬% হ্ৰাস কৰা হৈছে। মমেণ্টাম ট্ৰু ৱায়াৰলেচ ৫-এ ২৪-বিট/৯৬কেহাৰ্টজ হাই-ৰিজল্যুচন অডিঅ’, ডলবী এটমছ থ্ৰীডি চাউণ্ড, এডাপ্টিভ হাইব্ৰিড এএনচি, ব্লুটুথ ৬.০ আৰু ব্যৱহাৰকাৰীয়ে নিজেই সলনি কৰিব পৰা ইউজাৰ ৰিপ্লেচেবল বেটাৰীৰ সুবিধা প্ৰদান কৰে। এই ইয়েৰবাডছসমূহে ১২ ঘণ্টালৈকে প্লেবেক প্ৰদান কৰে, যি চাৰ্জিং কেচৰ সৈতে ৪০ ঘণ্টালৈকে বৃদ্ধি হয়।

গুৱাহাটী মহানগৰীত এই শুভাৰম্ভণিয়ে চেনহেইষ্টাৰক প্ৰিমিয়াম পাৰ্চনেল-অডিঅ’ খণ্ডত প্ৰতিষ্ঠা কৰিলে, যি উচ্চ-মানদণ্ডৰ হাই-ৰিজল্যুচন অডিঅ’, উন্নত এএনচি আৰু দীৰ্ঘদিনীয়া ব্যৱহাৰযোগ্যতা বিচৰা গ্ৰাহকসকলৰ বাবে বিশেষ ধৰণে প্ৰস্তুত কৰা হৈছে। সামগ্ৰীসমূহৰ প্ৰিমিয়াম মূল্যই গুৱাহাটীৰ ক্ৰমবৰ্ধমান হাই-এণ্ড স্মাৰ্টফোন আৰু কনেক্টেড অডিঅ’ উপকৰণৰ বজাৰখনক আকৰ্ষিত কৰিব। অফাৰৰ সময়ছোৱাত প্ৰি-অৰ্ডাৰ কৰা গ্ৰাহকসকলে ৫,৯৯০ টকা মূল্যৰ বিনামূল্যে চেনহেইষ্টাৰ বিটিডি ৬০০ ব্লুটুথ ইউএছবি ডংগল লাভ কৰিব, যি অংশগ্ৰহণকাৰী প্লেটফৰ্মসমূহৰ ওপৰত নিৰ্ভৰ কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *