চৰকাৰী নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগক কেন্দ্ৰ কৰি ঝাৰখণ্ডত চলি থকা ছাত্ৰ আন্দোলনে আজি নতুন ৰূপ ল’ব। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন নেতৃত্বাধীন চৰকাৰৰ সৈতে দেওবাৰে অনুষ্ঠিত আলোচনাত কোনো সমাধানসূত্ৰ নোলোৱাত আজি বিধানসভালৈ প্ৰতিবাদী সমদল উলিয়াবলৈ সাজু হৈছে আন্দোলনকাৰীসকল।
দেওবাৰৰ আলোচনাতো মূল দাবীক লৈ দুয়োপক্ষৰ মাজত মতানৈক্য অব্যাহত থাকে। বিশেষকৈ ঝাৰখণ্ড ষ্টাফ ছিলেকচন কমিছনৰ সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষা বাতিল, নিযুক্তি পৰীক্ষাত হোৱা অনিয়মৰ চিবিআই তদন্ত, শিক্ষাৰ্থীসকলে প্ৰস্তাৱ কৰা পৰীক্ষা সংস্কাৰ ব্যৱস্থা গ্ৰহণ আৰু নিৰ্ধাৰিত নিযুক্তি পঞ্জিকা মানি চলাৰ দাবীত অটল হৈ আছে প্ৰতিবাদকাৰীসকল।
আনহাতে, চৰকাৰে শিক্ষাৰ্থীৰ অধিকাংশ দাবী গ্ৰহণ কৰা বুলি দাবী কৰিছে যদিও চিবিআই তদন্তৰ দাবী মানি লোৱা নাই। চৰকাৰৰ এই স্থিতিৰ বাবেই আলোচনাৰ জটিলতা অব্যাহত আছে। আন্দোলনকাৰীসকলে অৱশ্যে চৰকাৰে ৯৮ শতাংশ দাবী মানি লোৱা বুলি কৰা দাবীও নাকচ কৰিছে।
এই পৰিস্থিতিত আজি পুৰণি বিধানসভা চৌহদৰ পৰা নতুন বিধানসভা ভৱনলৈ সমদল উলিয়াব আন্দোলনকাৰীসকলে। পুৱা ১০.৩০ বজাত পুৰণি বিধানসভা ময়দানত সমবেত হৈ বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সমদলত অংশ লোৱাৰ কথা। আন্দোলনৰ নেতৃত্বই সমদল শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লগতে যান-বাহনৰ চলাচলত যাতে ব্যাঘাত নঘটে, সেই বিষয়তো প্ৰতিবাদকাৰীসকলক সতৰ্ক কৰি দিছে।
ইফালে, আন্দোলনৰ মাজতে আঠদিন ধৰি অনশন চলাই থকা ছাত্ৰ নেতা দেবেন্দ্ৰ নাথ মাহতোৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। তেওঁ ঝাৰখণ্ডৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক আজি বিধানসভাৰ সমদলত অংশ ল’বলৈ আহ্বান জনায়। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম বন্ধ কৰি স্বচ্ছ পৰীক্ষা ব্যৱস্থা নিশ্চিত কৰাৰ দাবীত আন্দোলন অব্যাহত থাকিব বুলি তেওঁ উল্লেখ কৰে।
আন্দোলনকাৰীসকলৰ দাবী সন্দৰ্ভত চৰকাৰেও নিজৰ স্থিতি স্পষ্ট কৰিছে। উচ্চ আৰু কাৰিকৰী শিক্ষা মন্ত্ৰী সুধিব্য কুমাৰে কয় যে চৰকাৰে অধিকাংশ দাবী মানি লৈছে আৰু পৰীক্ষাৰ অনিয়মত জড়িত কোনো লোকক ৰক্ষা কৰাৰ উদ্দেশ্য চৰকাৰৰ নাই। চৰকাৰৰ প্ৰস্তাৱ অনুসৰি চতুৰ্দশ ঝাৰখণ্ড লোকসেৱা আয়োগৰ পৰীক্ষা বাতিল কৰাৰ লগতে পৰীক্ষাৰ্থীসকলৰ দাবী আৰু পৰীক্ষা সংস্কাৰ সন্দৰ্ভত বিশেষজ্ঞ সমিতি গঠনৰ ব্যৱস্থাও কৰা হৈছে।
পৰীক্ষা সংস্কাৰৰ বাবে ধনবাদৰ আইআইটি-আইএছএম, ৰাঁচীৰ আইআইএম আৰু জামছেদপুৰৰ এক্সএলআৰআইৰ প্ৰতিনিধিক লৈ বিশেষজ্ঞ সমিতি গঠনৰ প্ৰস্তাৱ দিছে চৰকাৰে। ঝাৰখণ্ড ষ্টাফ ছিলেকচন কমিছনৰ সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ বিষয়টো পৰ্যালোচনাৰ বাবে অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত সমিতি গঠনৰ কথাও ঘোষণা কৰিছে।
অৱশ্যে চিবিআই তদন্তৰ দাবী মানি লোৱা নাই চৰকাৰে। ঝাৰখণ্ড ষ্টাফ ছিলেকচন কমিছনৰ সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষা উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণৰ অধীনত অনুষ্ঠিত হোৱা বুলি উল্লেখ কৰি এই দাবী নাকচ কৰে চৰকাৰে। ফলত তদন্ত কোন সংস্থাই কৰিব, সেই বিষয়টোৱেই দুয়োপক্ষৰ আলোচনাৰ অন্যতম মূল অমীমাংসিত বিষয় হৈ আছে।
আন্দোলনৰ মাজতে ঝাৰখণ্ড লোকসেৱা আয়োগৰ তিনিগৰাকী সদস্যই দেওবাৰে পদত্যাগ কৰে। ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰে অজিতা ভট্টাচাৰ্য, অনিমা হান্সদা আৰু জামাল আহমদৰ পদত্যাগ গ্ৰহণ কৰে। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন অনিয়মৰ অভিযোগৰ তদন্তৰ অংশ হিচাপে তিনিওগৰাকীক ঝাৰখণ্ড অপৰাধ অনুসন্ধান শাখাই সোধা-পোছাৰ বাবে তলব কৰাৰ পিছতে এই পদত্যাগৰ ঘটনা ঘটে।
ইয়াৰ পূৰ্বে ২২ জুলাইত ঝাৰখণ্ড লোকসেৱা আয়োগৰ অধ্যক্ষ এল খিয়াংটে পদত্যাগ কৰিছিল। পৰীক্ষাৰ অনিয়মৰ অভিযোগৰ তদন্তত এতিয়ালৈকে ১৯জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। খিয়াংটেকো ২৮ জুলাইৰ পৰা কেইবাবাৰো সোধা-পোছা কৰিছে তদন্তকাৰী সংস্থাই।
আনহাতে, আজি বিধানসভালৈ হ’বলগীয়া সমদলক কেন্দ্ৰ কৰি ৰাঁচীত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিছে আৰক্ষীয়ে। বিধানসভা ভৱনৰ ৭৫০ মিটাৰ ব্যাসাৰ্ধত ৬ আগষ্টৰ পৰা ১২ আগষ্টলৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়ছোৱাত পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ নিষেধাজ্ঞা বাহাল থাকিব।
