অসম খ্ৰীষ্টিয়ান ফ’ৰামে ২০২৬ চনৰ ২৫ মাৰ্চত লোকসভাত উত্থাপন কৰা আৰু বাৰিষা অধিৱেশনত পুনৰ উত্থাপন কৰাৰ সম্ভাৱনা থকা প্ৰস্তাৱিত বিদেশী বিত্তীয় সাহায্য (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক, ২০২৬ ৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
ফ’ৰামৰ মুখপাত্ৰ এলেন ব্ৰুকছে কয়, “আমি উত্তৰ-পূৰ্বৰ সাংসদসকল আৰু কেন্দ্ৰীয় চৰকাৰক এই দমনমূলক বিধানসমূহ পৰিত্যাগ কৰিবলৈ আৰু প্ৰাকৃতিক ন্যায়ৰ নীতি অনুসৰি বিদ্যমান বিদেশী বিত্তীয় সাহায্য (নিয়ন্ত্ৰণ) আইন, ২০১০ সংশোধন কৰিবলৈ আহ্বান জনাইছোঁ।”
ব্ৰুকছে কয় যে প্ৰস্তাৱিত সংশোধনীয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নাগৰিক সমাজৰ সংগঠন, গীৰ্জা আৰু দৰিদ্ৰ, দলিত, জনজাতি আৰু প্ৰান্তীয় জনগোষ্ঠীক সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানসমূহৰ বাবে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব
সম্পত্তি বাজেয়াপ্তকৰ যদি কোনো সংগঠনক বিদেশী সাহায্য গ্ৰহণৰ অনুমতি নিদিয়া হয়, পঞ্জীয়ন সমৰ্পণ কৰে, নবীকৰণ কৰিব নোৱাৰে বা বন্ধ হয়, তেন্তে ১৯৭৬ চনৰ মূল আইনৰ পৰা বিদেশী সাহায্যৰে আংশিক বা সম্পূৰ্ণভাৱে নিৰ্মিত সকলো চল আৰু অচল সম্পত্তি বাজেয়াপ্ত কৰা হ’ব।মনোনীত কৰ্তৃপক্ষ এনে সম্পত্তি দখল কৰি অনিৰ্দিষ্ট নিয়মেৰে নিষ্পত্তি কৰাৰ ক্ষমতাসম্পন্ন “মনোনীত কৰ্তৃপক্ষ” গঠনৰ প্ৰস্তাৱ।
পুঁজি স্থানান্তৰ বাকী থকা বিদেশী পুঁজি ভাৰতৰ সংহত পুঁজিলৈ স্থানান্তৰ কৰা হ’ব। এই কৰ্তৃপক্ষৰ হাতত দেৱানী আদালতৰ দৰে সাক্ষ্য তলব কৰা, দখল লোৱা আৰু অনিৰ্দিষ্ট “ৰাজহিত স্বাৰ্থত” সংগঠনৰ কাম-কাজ পৰিচালনা কৰাৰ ক্ষমতাও থাকিব।
পঞ্জীয়ন বাতিল হোৱা সংগঠনৰ বাকী পুঁজিও সংহত পুঁজিলৈ যাব আৰু সম্পত্তি স্থায়ীভাৱে কৰ্তৃপক্ষৰ হাতত ন্যস্ত হ’ব। কৰ্তৃপক্ষই সেই সম্পত্তি যিকোনো চৰকাৰী সংস্থাক দিব পাৰিব বা বিক্ৰী কৰিব পাৰিব।
ব্ৰুকছে কয়, “এই ব্যৱস্থাসমূহে আগৰ নিয়ম উল্টাই দিছে। আগতে পঞ্জীয়ন নাকচ বা সমৰ্পণ কৰিলে সংগঠনে সম্পত্তি ৰাখিব পাৰিছিল, কেৱল বাকী পুঁজি জব্দ হৈছিল। এই নতুন বিধান নিয়ন্ত্ৰণৰ পৰিসীমা পাৰ হৈ গৈ শাস্তিমূলক বাজেয়াপ্তকৰণৰ ৰূপ লৈছে।”
ৰাকৃতিক ন্যায়ৰ উলংঘন
“প্ৰাকৃতিক ন্যায়ৰ দাবী হ’ল অপৰাধৰ সৈতে অনুপাতে শাস্তি হ’ব লাগিব। তথ্য অনুসৰি শেহতীয়া বছৰবোৰত বিদেশী সাহায্য গ্ৰহণৰ অনুমতি নাকচ হোৱা ১৫,০০০ ৰো অধিক সংগঠনৰ ভিতৰত মাত্ৰ এডজনমানহে দুৰ্নীতিৰ বাবে নাকচ হৈছিল। বেছিভাগেই প্ৰতিবেদন দাখিলত পলম বা হিচাপৰ ভুলৰ দৰে সৰু কাৰিকৰী কাৰণত পঞ্জীয়ন হেৰুৱাইছিল। এনে কাৰণত ১৯৭৬ চনৰ পৰা গঢ়ি তোলা সম্পত্তিৰ পৰা বঞ্চিত কৰাটো অত্যন্ত অযৌক্তিক আৰু ন্যায়ৰ মূল নীতিৰ বিৰুদ্ধে। ন্যায়সঙ্গতভাৱে কেৱল স্বচ্ছ প্ৰক্ৰিয়াৰে দুৰ্নীতিৰে অৰ্জিত বুলি প্ৰমাণিত নিৰ্দিষ্ট সম্পত্তিহে চৰকাৰে ল’ব পাৰে,” ব্ৰুকছে কয়।
হিতাধিকাৰীৰ ওপৰত প্ৰভাৱ
এচিএফৰ মুখপাত্ৰই সকীয়াই দিয়ে যে ইয়াৰ পৰিণতি হিতাধিকাৰীৰ বাবে অতি গুৰুতৰ হ’ব।
“অসমসহ উত্তৰ-পূৰ্বৰ দুৰ্গম জনজাতি অঞ্চলৰ বহু বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ, ঔষধালয় আৰু অন্যান্য প্ৰতিষ্ঠান বিদেশী সাহায্যৰে আংশিক বা সম্পূৰ্ণভাৱে নিৰ্মিত, কাৰণ ৰাজ্যিক আন্তঃগাঁথনি আজিও অতি দুৰ্বল। পাহাৰীয়া আৰু দুৰ্গম অঞ্চলৰ দুই-তৃতীয়াংশ লোক আজিও চৰকাৰী স্বাস্থ্য কেন্দ্ৰত কৰ্মচাৰী, ঔষধ, পৰীক্ষাৰ সুবিধা আৰু বিদ্যুতৰ অভাৱৰ বাবে পৰম্পৰাগত চিকিৎসাৰ ওপৰত নিৰ্ভৰশীল। বিদ্যালয়সমূহত প্ৰায়ে এজন অনিয়মীয়া শিক্ষক থাকে আৰু মধ্যাহ্ন আহাৰ কাগজতহে থাকে। দুৰ্বল গ্ৰাম্য পৰিবহণৰ বাবে গুৱাহাটী আৰু শ্বিলঙৰ দৰে ঠাইৰ ভাল প্ৰতিষ্ঠানৰ পৰাও সম্প্ৰদায়সমূহ বিচ্ছিন্ন হৈ আছে।”
ধৰ্মীয় স্বাধীনতাৰ প্ৰতি ভাবুকি
এই বিধেয়কে ধৰ্মীয় স্বাধীনতাৰ ক্ষেত্ৰতো উদ্বেগৰ সৃষ্টি কৰিছে।
“চৰকাৰী তত্ত্বাৱধানত ‘ধৰ্মীয় চৰিত্ৰ বজাই ৰাখি’ গীৰ্জা, মছজিদ আৰু মন্দিৰ চৰকাৰে পৰিচালনা কৰাৰ বিধানে উপাসনাস্থলৰ স্বায়ত্ত্বতাক ভাবুকি কৰিছে। ৯০ দিনৰ ভিতৰত জিলা ন্যায়াধীশ বা নিৰ্দিষ্ট ন্যায়িক বিষয়ৰ ওচৰতহে আপিল কৰিব পাৰি বুলি কোৱাত আত্মপক্ষ সমৰ্থনৰ ন্যায্য সুযোগ নাকচ কৰা হৈছে,” তেওঁ কয়।
এচিএফৰ দাবী
বাজেয়াপ্তকাৰী ব্যৱস্থাৰ পৰিৱৰ্তে অসম খ্ৰীষ্টিয়ান ফ’ৰামে তলত দিয়া দাবী জনাইছে:
- পঞ্জীয়ন নাকচ বা বাতিলৰ বাবে স্বচ্ছ প্ৰক্ৰিয়াৰে সংগঠনক আত্মপক্ষ সমৰ্থনৰ সুযোগ দি বিদ্যমান FCRA সংশোধন কৰক।
- অনুপাত: সৰু কাৰিকৰী উলংঘাৰ বাবে অনুমতি নাকচ কৰিব নোৱাৰি।
- প্ৰকৃত জনসেৱাৰ বাবে গঢ়া সম্পত্তি ৰক্ষা কৰক, যাতে বিদেশী সাহায্য বন্ধ হলেও প্ৰতিষ্ঠানে দৰিদ্ৰক সেৱা আগবঢ়াব পাৰে।
- দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যত সফলভাৱে চলি থকাৰ দৰে শক্তিশালী ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰু অনুদান নীতি গঢ়ি তোলক, য’ত ৰাজ্যই দৰিদ্ৰসেৱী ব্যক্তিগত শিক্ষা আৰু স্বাস্থ্য প্ৰতিষ্ঠানৰ দৰমহা, পেঞ্চন আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব লয়।
“স্বাস্থ্য আৰু শিক্ষা মৌলিক অধিকাৰ। দুৰ্গম অঞ্চলত এই সেৱা আগবঢ়োৱা সংগঠনসমূহ শত্ৰু নহয়, অংশীদাৰ। তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰিলে ৰাষ্ট্ৰীয় সুৰক্ষা বা সাৰ্বভৌমত্ব শক্তিশালী নহয়, বৰং প্ৰান্তীয় জনগোষ্ঠীৰ বঞ্চনা আৰু বাঢ়িব আৰু উত্তৰ-পূৰ্বৰ শান্তি নিৰ্মাণৰ প্ৰচেষ্টা দুৰ্বল হ’ব,” ব্ৰুকছে কয়।
“সেয়েহে আমি অসম আৰু উত্তৰ-পূৰ্বৰ সকলো সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱিত সংশোধনী বিধেয়ক ২০২৬ ইয়াৰ বৰ্তমান ৰূপত নাকচ কৰিবলৈ আৰু প্ৰাকৃতিক ন্যায়ক ৰক্ষা কৰি, দৰিদ্ৰৰ অধিকাৰ সুৰক্ষিত কৰি, ৰাজ্য আৰু নাগৰিক সমাজৰ মাজত প্ৰকৃত সহযোগিতা সৃষ্টি কৰাৰ দিশত FCRA সংস্কাৰ কৰিবলৈ আহ্বান জনাইছোঁ,” তেওঁ লগতে কয়।
