অসম

​লোকপিয়ল ২০২৭: ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ

​লোকপিয়ল ২০২৭: ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ

লোকপিয়ল ২০২৭-ৰ প্ৰথম পৰ্যায়ৰ কাম দেশৰ ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সফলতাৰে সম্পূৰ্ণ হৈছে। এই কথা ভাৰত চৰকাৰৰ গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ত মুখ্যতঃ গৃহ-তালিকাভুক্তি আৰু গৃহ-গণনা প্ৰক্ৰিয়া অন্তৰ্ভুক্ত কৰা হৈছে। বাকী থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত অহা ছেপ্টেম্বৰ ২০২৬-ৰ ভিতৰত এই কাম সমাপ্ত হ'ব বুলি আশা কৰা হৈছে। এই প্ৰক্ৰিয়াৰ বাবে কাৰিকৰী আন্তঃগাঁথনি আৰু পিয়ল কৰ্মীসকলৰ প্ৰশিক্ষণৰ উদ্দেশ্যেই ইতিমধ্যে ৪,১০২ কোটি টকা মুকলি কৰি দিয়া হৈছে। লোকপিয়ল ২০২৭-ত জাতিভিত্তিক গণনা কেনেদৰে কৰা হ'ব, তাক প্ৰদৰ্শন কৰা প্ৰথমটো অঞ্চল হ'ব লাডাখ। দ্বিতীয় পৰ্যায়ৰ 'জনসংখ্যা গণনা'ত প্ৰায় ৪০টা বিষয়ক সামৰি লোৱা হ'ব আৰু জাতি প্ৰসংগৰ…
Read More
অসম-অৰুণাচল সীমান্তত পুনৰ উত্তেজনা! শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুৰ

অসম-অৰুণাচল সীমান্তত পুনৰ উত্তেজনা! শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুৰ

অসম-অৰুণাচল সীমান্তত পুনৰ বিৰাজ কৰিছে উত্তেজনাই। শেহতীয়াকৈ দুই ৰাজ্যৰ সীমান্তত সংঘটিত গুলীচালনাত ১২জন লোক আহত হোৱাৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। এনে পৰিস্থিতিত সীমান্তৱৰ্তী অঞ্চলত শান্তি আৰু সম্প্ৰীতি অটুট ৰখাৰ লগতে পাৰস্পৰিক সন্মান বজাই ৰাখিবলৈ আহ্বান জনাইছে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ ঐতিহাসিক সম্পৰ্ক, বন্ধুত্ব আৰু ভাতৃত্ববোধৰ কথা উল্লেখ কৰি মতানৈক্য আলোচনাৰ জৰিয়তে সমাধানৰ পোষকতা কৰে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত তেওঁ দুয়োখন ৰাজ্যৰ লোকক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে সাম্প্ৰতিক মতানৈক্যই দুয়োটা সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া সম্পৰ্কত যাতে প্ৰভাৱ নেপেলায়, তাৰ বাবেও আহ্বান জনায়। পেমা খাণ্ডুৰ এই আহ্বানক…
Read More
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চল ১০ কিলোমিটাৰৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাসৰ দাবী বিভ্ৰান্তিকৰঃ পিযুষ হাজৰিকা

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চল ১০ কিলোমিটাৰৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাসৰ দাবী বিভ্ৰান্তিকৰঃ পিযুষ হাজৰিকা

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ সীমাক লৈ চলি থকা চৰ্চাৰ মাজতে ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰিছে কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পিযুষ হাজৰিকাই। বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চল ১০ কিলোমিটাৰৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস কৰা বুলি চলা চৰ্চাৰ কোনো ভিত্তি নাই। হাজৰিকাই উল্লেখ কৰে যে ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে পৰিৱেশ-সংবেদনশীল অঞ্চল অধিসূচনা কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহৰ বাবে ১ৰ পৰা ৩ কিলোমিটাৰৰ সীমা নিৰ্ধাৰণ কৰিছে। কোনো ৰাজ্যই পৰিৱেশ-সংবেদনশীল অঞ্চল অধিসূচনা নকৰিলে সেই অঞ্চল ১০ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হোৱাৰ ব্যৱস্থা আছে বুলিও মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে। কাজিৰঙাৰ ক্ষেত্ৰত পূৰ্বে অসম চৰকাৰে পৰিৱেশ-সংবেদনশীল অঞ্চল অধিসূচনা কৰা নাছিল বুলি উল্লেখ কৰি হাজৰিকাই কয় যে…
Read More
খাৰ্গেৰ ৰেলীৰ পিছত ৰামলীলা মৈদানত শুদ্ধিকৰণ যজ্ঞ; জাতি আৰু ধৰ্মীয় বিশ্বাসক লৈ সমুখ সমৰত কংগ্ৰেছ-বিজেপি

খাৰ্গেৰ ৰেলীৰ পিছত ৰামলীলা মৈদানত শুদ্ধিকৰণ যজ্ঞ; জাতি আৰু ধৰ্মীয় বিশ্বাসক লৈ সমুখ সমৰত কংগ্ৰেছ-বিজেপি

যি ৰামলীলা মৈদানত কিছুদিন পূৰ্বে ৰেলী অনুষ্ঠিত কৰিছিল কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই, এইবাৰ সেই মৈদানতে যজ্ঞ পাতি শুদ্ধিকৰণ কৰিলে এটা হিন্দু সংগঠনে। ৮ আগষ্টত উত্তৰাখণ্ডৰ হালদ্বানীৰ ৰামলীলা মৈদানত খাৰ্গেৰ ৰেলী অনুষ্ঠিত হোৱাৰ দুদিন পিছতে ১০ আগষ্টত শ্ৰী ৰাম সেনা ধৰ্মাৰ্থ সেৱা ন্যাসে শুদ্ধিকৰণ যজ্ঞ অনুষ্ঠিত কৰাক লৈ এতিয়া তীব্ৰতৰ হৈছে ৰাজনৈতিক বিতৰ্ক। এই ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বিজেপিৰ মাজতো আৰম্ভ হৈছে অভিযোগ-প্ৰত্যাভিযোগ। বুধবাৰে ৰাজ্যসভাত বিষয়টো উত্থাপন কৰে খাৰ্গেই। ৰাজ্যসভাত খাৰ্গেই কয় যে, ৰেলীৰ সময়ত তেওঁ কোনো ধৰ্ম বা সমাজৰ বিৰুদ্ধে মন্তব্য কৰা নাছিল আৰু ভাষণ দিয়াৰ পিছদিনাই মঞ্চত যজ্ঞ অনুষ্ঠিত কৰি শুদ্ধিকৰণ কৰা হৈছিল। বিষয়টো সন্দৰ্ভত খাৰ্গেই কয় যে,…
Read More
নাজিৰা সমষ্টিত কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট আৰু সৰ্বোদয় ট্ৰাষ্টৰ বান সাহায্য বিতৰণ

নাজিৰা সমষ্টিত কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট আৰু সৰ্বোদয় ট্ৰাষ্টৰ বান সাহায্য বিতৰণ

কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্রাষ্ট, অসম শাখা, আৰু সর্বোদয় ট্রাষ্টৰ যৌথ উদ্যোগত ৯ আগষ্টত শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ বানত অধিক ক্ষতিগ্ৰস্ত হোৱা  হাঁহচৰা চেতিয়া গাওঁ, নিমাইজান, দিলিহী গোঁহাইগাওঁ আৰু বানমূখ অঞ্চলৰ ভিতৰুৱা শিৱিৰত বান সাহায্য বিতৰণ কৰা  হয়। উল্লেখ্য যে অসম মহিলা অভিযন্তা সন্থা,  মুষ্টিভিক্ষা অসম , পানবজাৰৰ সর্বোদয় হেলথ কেয়াৰ আৰু চানমাৰীৰ সর্বোদয় নগৰ নামঘৰ মহিলা সমিতিয়ে বান সাহায্য আগবঢ়াইছিল । ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান আৰু বিশিষ্ট্য ব্যক্তিসকলৰ দান বৰঙণিৰে ৩০০  টা পৰিয়ালৰ মাজত আঠুৱা, বিচনা চাদৰ, গামোছা, মেখেলা চাদৰ, কাহী-গিলাছ, বাল্টি-মগ, ফেনাইল, ব্লিছিং-পাউডাৰ, চাবোন, ৰেড কিলাৰ, মমবাতি, টচ-লাইট, লাইটাৰ, স্কুল বেগ, বহী, কলম আদিৰ বাহিৰেও কিছু খাদ্য বস্তুৰ…
Read More
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অসমক ১০ কোটি টকা দিব পশ্চিম বংগ: শুভেন্দু অধিকাৰী

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অসমক ১০ কোটি টকা দিব পশ্চিম বংগ: শুভেন্দু অধিকাৰী

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বুধবাৰে বানপীড়িত অসমৰ বাবে ত্ৰাণ আৰু উদ্ধাৰ কাৰ্যৰ বাবে ১০ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। ৰাজ্য বিধানসভাৰ বিশেষ একদিনীয়া অধিৱেশনত ভাষণ প্ৰসংগত অধিকাৰীয়ে কয়, "পশ্চিম বংগ চৰকাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অসম চৰকাৰক ১০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছো, আৰু ইয়াক অসমৰ মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়াৰ ব্যৱস্থা কৰিম।" ছত্তীছগড় আৰু মণিপুৰকে ধৰি কেইবাখনো ৰাজ্যই অসমৰ বানপীড়িত লোকসকলৰ বাবে সাহায্য ঘোষণা কৰিছে। তেওঁ অসমৰ বিধ্বংসী বানপৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে আৰু তাত আবদ্ধ হৈ থকা বঙালীসকলৰ দুৰৱস্থাৰ কথা উল্লেখ কৰে। অসমৰ বানত ইতিমধ্যে ১০০ ৰো অধিক লোকৰ মৃত্যু হৈছে বুলি…
Read More
নতুন পুৰাতাত্ত্বিক আৱিষ্কাৰে মায়ংৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ ওপৰত পোহৰ পেলাইছে

নতুন পুৰাতাত্ত্বিক আৱিষ্কাৰে মায়ংৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ ওপৰত পোহৰ পেলাইছে

অসমৰ মৰিগাঁও জিলাৰ ঐতিহাসিক কছশিলা শিৱ আশ্ৰমত হোৱা পুৰাতাত্ত্বিক আৱিষ্কাৰসমূহে এই অঞ্চলৰ সমৃদ্ধ আৰু প্ৰাচীন সাংস্কৃতিক ইতিহাসৰ প্ৰমাণ আৰু শক্তিশালী কৰিছে। হাতিমুৰীয়া গাঁৱৰ এই মন্দিৰত নতুন গৃহ নিৰ্মাণৰ বাবে চলি থকা খন কাৰ্যৰ সময়ত শেহতীয়া শিল্পসামগ্ৰীসমূহ উদ্ধাৰ হৈছে। আৱিষ্কাৰসমূহৰ ভিতৰত আছে ৭ম-৮ম শতিকাৰ বুলি ধাৰণা কৰা এটা আধা-সমাপ্ত শিলৰ মূৰ্তি আৰু ১১ম-১২ম শতিকাৰ বুলি অনুমান কৰা টেৰাকোটাৰ মূৰ্তিসমূহ। মায়ং গাঁও সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ সম্পাদক ড° উৎপল কুমাৰ নাথে কয় যে এই আৱিষ্কাৰসমূহে স্থানটোৰ পুৰাত্ত্বিক গুৰুত্বক আৰু অধিক দাঙি ধৰিছে। নাথে কয় যে এই আৱিষ্কাৰ গৱেষক আৰু স্থানীয় লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। তেওঁ লগতে কয় যে পূৰ্বৰ খন কাৰ্যতো…
Read More
মধ্য আকাশত বিকল ইণ্ডিগ’ বিমানৰ ইঞ্জিন! ২২৪ যাত্ৰীসহ চেন্নাইত জৰুৰী অৱতৰণ

মধ্য আকাশত বিকল ইণ্ডিগ’ বিমানৰ ইঞ্জিন! ২২৪ যাত্ৰীসহ চেন্নাইত জৰুৰী অৱতৰণ

আকৌ মধ্য আকাশত বিমানত হাহাকাৰ! ইণ্ডিগ’ৰ যাত্ৰীবাহী বিমানৰ ইঞ্জিন বিকল হোৱাৰ পিছতে হাহাকাৰৰ সৃষ্টি হয় যাত্ৰীৰ মাজত। অৱশ্যে পাইলটৰ তৎপৰতাত চেন্নাই বিমানবন্দৰত সুকলমে জৰুৰী অৱতৰণ কৰে বিমানখনে। বুধবাৰে নিশা কলকাতাৰ পৰা চেন্নাই অভিমুখী বিমানখনত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, কলকাতাৰ পৰা চেন্নাই অভিমুখে উৰা মৰাৰ কিছু সময় পিছতে ইণ্ডিগ’ৰ ৬ই-৭২৩ বিমানখনৰ বাওফালৰ ইঞ্জিনটো অচল হৈ পৰে। বিমানখন চেন্নাইত উপস্থিত হোৱাৰ পূৰ্বে এই সমস্যাৰ সৃষ্টি হোৱাত বিমানবন্দৰ কৰ্তৃপক্ষই নিশা ১১ বাজি ২৯ মিনিটত সম্পূৰ্ণ জৰুৰী অৱস্থা ঘোষণা কৰে। বিমানখনৰ নিৰাপদ অৱতৰণৰ বাবে বিমানবন্দৰত জৰুৰীকালীন সঁহাৰি ব্যৱস্থা সাজু কৰি ৰখা হয়। নিশা ১১ বাজি ৩৭ মিনিটত ২৫ নম্বৰ ৰানৱেত সুৰক্ষিতভাৱে…
Read More
বাংকিপুৰৰ ১০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ প্ৰতিশ্ৰুতি; বিধায়ক হিচাপে প্ৰশান্ত কিশোৰৰ প্ৰথম ডাঙৰ ঘোষণা

বাংকিপুৰৰ ১০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ প্ৰতিশ্ৰুতি; বিধায়ক হিচাপে প্ৰশান্ত কিশোৰৰ প্ৰথম ডাঙৰ ঘোষণা

বিধায়ক নিৰ্বাচিত হৈয়েই সমষ্টিবাসী যুৱক-যুৱতীক এক ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে জন সূৰজ পাৰ্টিৰ মুৰব্বী প্ৰশান্ত কিশোৰে। বিহাৰৰ বাংকিপুৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে সমষ্টিটোৰ ১০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপন প্ৰদানৰ লক্ষ্য ঘোষণা কৰাৰ পিছতে এতিয়া চৰ্চালৈ আহিছে এই ঘোষণা। বিধায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমটো বৃহৎ উদ্যোগ হিচাপে এই সংস্থাপন অভিযানৰ কথা ঘোষণা কৰে প্ৰশান্ত কিশোৰে। সমষ্টিটোৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বায়’ডাটা আৰু ব্যক্তিগত পৰিচয়-পত্ৰ নিজৰ কাৰ্যালয়লৈ পঠিয়াবলৈ পৰিয়ালসমূহক আহ্বান জনায় বিধায়কগৰাকীয়ে। মঙলবাৰে বাংকিপুৰ বিধানসভা সমষ্টিত আৰম্ভ কৰা জনসম্পৰ্ক অভিযানৰ প্ৰথম দিনাৰ সভাত প্ৰশান্ত কিশোৰে এই ঘোষণা কৰে। প্ৰশান্ত কিশোৰে কয়, “আপোনালোকৰ সন্তানসকলে পঢ়া-শুনা কৰি নিবনুৱা হৈ বহি আছে যদি, তেওঁলোকৰ…
Read More
বিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ! আইপিএলৰ সফল ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

বিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ! আইপিএলৰ সফল ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ক্ৰিকেটৰ পথাৰত সফলতাৰ পৰিচয় দিয়া এগৰাকী যুৱ ক্ৰিকেটাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ যৌন নিৰ্যাতনৰ অভিযোগ। বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপনৰ লগতে অপৰাধমূলক ভাবুকি আৰু ব্যক্তিগত মুহূৰ্তৰ দৃশ্যাংশ সংৰক্ষণ কৰাৰ অভিযোগত মঙলবাৰে পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিল্লী কেপিটেলছৰ উইকেটকীপাৰ-বেটছমেনগৰাকীক। গ্ৰেপ্তাৰ হোৱা ক্ৰিকেটাৰগৰাকী হৈছে বংগৰ উইকেটকীপাৰ-বেটছমেন অভিষেক পোৰেল। আৰক্ষীয়ে জনোৱা অনুসৰি, জেৰা কৰাৰ পিছত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ দেখুওৱা হয় ২৩ বছৰীয়া পোৰেলক। চিকিৎসা পৰীক্ষাৰ পিছত চুঁচুৰা আদালতত হাজিৰ কৰোৱা হয় অভিযুক্তক। মোগৰা থানাত দাখিল কৰা অভিযোগ অনুসৰি, ২০২৩ চনত মহিলাগৰাকীৰ সৈতে পৰিচয় গঢ়ি উঠাৰ পিছত বিবাহৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল পোৰেলে। পৰৱৰ্তী সময়ত দুয়োৰে বিবাহক লৈ পৰিয়ালৰ মাজতো আলোচনা হৈছিল…
Read More