কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্রাষ্ট, অসম শাখা, আৰু সর্বোদয় ট্রাষ্টৰ যৌথ উদ্যোগত ৯ আগষ্টত শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ বানত অধিক ক্ষতিগ্ৰস্ত হোৱা হাঁহচৰা চেতিয়া গাওঁ, নিমাইজান, দিলিহী গোঁহাইগাওঁ আৰু বানমূখ অঞ্চলৰ ভিতৰুৱা শিৱিৰত বান সাহায্য বিতৰণ কৰা হয়।
উল্লেখ্য যে অসম মহিলা অভিযন্তা সন্থা, মুষ্টিভিক্ষা অসম , পানবজাৰৰ সর্বোদয় হেলথ কেয়াৰ আৰু চানমাৰীৰ সর্বোদয় নগৰ নামঘৰ মহিলা সমিতিয়ে বান সাহায্য আগবঢ়াইছিল । ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান আৰু বিশিষ্ট্য ব্যক্তিসকলৰ দান বৰঙণিৰে ৩০০ টা পৰিয়ালৰ মাজত আঠুৱা, বিচনা চাদৰ, গামোছা, মেখেলা চাদৰ, কাহী-গিলাছ, বাল্টি-মগ, ফেনাইল, ব্লিছিং-পাউডাৰ, চাবোন, ৰেড কিলাৰ, মমবাতি, টচ-লাইট, লাইটাৰ, স্কুল বেগ, বহী, কলম আদিৰ বাহিৰেও কিছু খাদ্য বস্তুৰ লগতে বিভিন্ন বেমাৰৰ ঔষধ-পাতি বিতৰণ কৰা হয়।
বিতৰণ কাৰ্যসূচীত সহযোগ আগবঢ়ায় স্থানীয় উদীয়মান যুৱক কৃষ্ণজ্যোতি কলিতা, জোন গগৈ, গোপাল দিহিঙীয়া আৰু নিতু গগৈয়ে।
