বাংকিপুৰৰ ১০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ প্ৰতিশ্ৰুতি; বিধায়ক হিচাপে প্ৰশান্ত কিশোৰৰ প্ৰথম ডাঙৰ ঘোষণা

বিধায়ক নিৰ্বাচিত হৈয়েই সমষ্টিবাসী যুৱক-যুৱতীক এক ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে জন সূৰজ পাৰ্টিৰ মুৰব্বী প্ৰশান্ত কিশোৰে। বিহাৰৰ বাংকিপুৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে সমষ্টিটোৰ ১০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপন প্ৰদানৰ লক্ষ্য ঘোষণা কৰাৰ পিছতে এতিয়া চৰ্চালৈ আহিছে এই ঘোষণা।

বিধায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমটো বৃহৎ উদ্যোগ হিচাপে এই সংস্থাপন অভিযানৰ কথা ঘোষণা কৰে প্ৰশান্ত কিশোৰে। সমষ্টিটোৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বায়’ডাটা আৰু ব্যক্তিগত পৰিচয়-পত্ৰ নিজৰ কাৰ্যালয়লৈ পঠিয়াবলৈ পৰিয়ালসমূহক আহ্বান জনায় বিধায়কগৰাকীয়ে।

মঙলবাৰে বাংকিপুৰ বিধানসভা সমষ্টিত আৰম্ভ কৰা জনসম্পৰ্ক অভিযানৰ প্ৰথম দিনাৰ সভাত প্ৰশান্ত কিশোৰে এই ঘোষণা কৰে। প্ৰশান্ত কিশোৰে কয়, “আপোনালোকৰ সন্তানসকলে পঢ়া-শুনা কৰি নিবনুৱা হৈ বহি আছে যদি, তেওঁলোকৰ বায়’ডাটা মোৰ কাৰ্যালয়লৈ পঠিয়াওক। মোৰ যোগাযোগত থকা ডাঙৰ ডাঙৰ লোকসকলৰ সৈতে কথা পাতি সন্তানসকলক চাকৰি দিয়াৰ চেষ্টা কৰিম।”

অৱশ্যে চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া নাই বুলি স্পষ্ট কৰে প্ৰশান্ত কিশোৰে। তেওঁৰ লক্ষ্য ব্যক্তিগত খণ্ডত চাকৰিৰ সুযোগ সৃষ্টি কৰা। অহা এবছৰ-দুবছৰৰ ভিতৰত ১০ হাজাৰ পৰিয়ালৰ সন্তানক ব্যক্তিগত খণ্ডত সংস্থাপন দিয়াৰ লক্ষ্য লোৱা হৈছে বুলি জনায় বিধায়কগৰাকীয়ে।

প্ৰথম পৰ্যায়ত বিহাৰৰ বাহিৰত চাকৰিৰ সুযোগ দিয়াৰ কথাও ঘোষণা কৰে প্ৰশান্ত কিশোৰে। জন সূৰজ পাৰ্টিৰ চৰকাৰ এতিয়াও বিহাৰত গঠন হোৱা নাই বাবে ৰাজ্যৰ ভিতৰত পৰ্যাপ্ত সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পৰা পৰিস্থিতি নাই বুলি কয় বিধায়কগৰাকীয়ে। ভৱিষ্যতে জন সূৰজৰ চৰকাৰ গঠন হ’লে বিহাৰৰ ভিতৰতে যুৱক-যুৱতীৰ বাবে সংস্থাপনৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰ কথাও উল্লেখ কৰে।

বাংকিপুৰক অধিক সংস্থাপনৰ সুযোগ সৃষ্টি হোৱা বিধানসভা সমষ্টি হিচাপে গঢ়ি তোলাৰ দাবীও কৰে প্ৰশান্ত কিশোৰে। শিক্ষা, সংস্থাপন, ১১০০ টকাৰ পেঞ্চন আৰু বিনামূলীয়া খাদ্যশস্যৰ লগতে খোৱাপানী আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সমস্যা সমাধানৰ বাবে চৰকাৰৰ সৈতে মিলি কাম কৰাৰ কথাও কয় বিধায়কগৰাকীয়ে।

উল্লেখ্য যে, শেহতীয়া উপ-নিৰ্বাচনত বিজেপিৰ নীৰজ কুমাৰ সিনহাক ১৯ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি বাংকিপুৰৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে প্ৰশান্ত কিশোৰ। প্ৰায় তিনিটা দশক ধৰি বিজেপিৰ শক্তিশালী ঘাটি হিচাপে পৰিচিত সমষ্টিটোত জয়লাভ কৰাৰ পিছত বাংকিপুৰক আদৰ্শ বিধানসভা সমষ্টি হিচাপে গঢ়ি তোলাৰ লক্ষ্যও ঘোষণা কৰে জন সূৰজ পাৰ্টিৰ সূত্ৰধাৰগৰাকীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *