অসম

ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনক লৈ ৰাজনৈতিক আক্ৰমণ আৰম্ভ বিজেপিৰ; আৰক্ষীৰ বলপ্ৰয়োগৰ প্ৰতিবাদত ৰাজ্যজোৰা বন্ধৰ আহ্বান

ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনক লৈ ৰাজনৈতিক আক্ৰমণ আৰম্ভ বিজেপিৰ; আৰক্ষীৰ বলপ্ৰয়োগৰ প্ৰতিবাদত ৰাজ্যজোৰা বন্ধৰ আহ্বান

অবিজেপি শাসিত ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনক ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰিবলৈ তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। ৰাজ্যখনত নিযুক্তি পৰীক্ষাত সংঘটিত অনিয়মৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে অব্যাহত ৰখা প্ৰতিবাদৰ মাজতে সোমবাৰে আৰক্ষী আৰু প্ৰশাসনে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে জলকামান, কন্দুৱা গেছ আৰু লাঠীচালনা কৰাৰ পিছতে মঙলবাৰে ৰাজ্যজোৰা বন্ধৰ আহ্বান জনায় বিজেপিয়ে। বন্ধৰ প্ৰভাৱত ৰাঁচীসহ ঝাৰখণ্ডৰ কেইবাটাও অঞ্চলত স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। অধিকাংশ বিদ্যালয় আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে ৰাজধানী ৰাঁচী আৰু আন কেইবাখনো চহৰত যান-বাহনৰ চলাচল যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হয়। ৰাঁচীৰ কিশোৰগঞ্জ, আৰগোৰা আৰু কানকে অঞ্চলত বিজেপি কৰ্মীয়ে পথ অৱৰোধ কৰে। হৰমু চক আৰু কিশোৰগঞ্জ চকতো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা হয়। ইফালে,…
Read More
৭.৪ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল কলম্বিয়া; নিহত ১৩২, আহত ৫৭০ৰো অধিক

৭.৪ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল কলম্বিয়া; নিহত ১৩২, আহত ৫৭০ৰো অধিক

নিমিষতে মৃত্যুৰ বিভীষিকাই জোকাৰি গ'ল এখন চহৰ! ৰিখটাৰ স্কেলত ৭.৪ প্ৰাবল্যৰ এটা ভূমিকম্পই ধ্বংসলীলা চলোৱাত প্ৰাণ হেৰুৱায় অতি কমেও ১৩২ জন লোকে। সোমবাৰে কলম্বিয়াৰ পশ্চিম প্ৰান্তত সংঘটিত এই ভয়ংকৰ ভূমিকম্পই শ শ অট্টালিকা ক্ষতিগ্ৰস্ত কৰাৰ লগতে বহু লোকক ধ্বংসস্তূপৰ তলত আবদ্ধ কৰি পেলায়। শেহতীয়া তথ্য অনুসৰি, ভূমিকম্পটোত নিহতৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি পাইছে। আহত হৈছে ৫৭০ৰো অধিক লোক। ধ্বংসস্তূপৰ মাজত আবদ্ধ লোকসকলক বিচাৰি উলিয়াবলৈ উদ্ধাৰকাৰী দলৰ সৈতে স্থানীয় বাসিন্দাসকলেও অভিযান অব্যাহত ৰাখিছে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থাই জানিবলৈ দিয়া মতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল চোকো অঞ্চলৰ ছান হোছে দেল পালমাৰৰ সমীপত। ৰাজধানী বোগোটাৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ পশ্চিমে অৱস্থিত অঞ্চলটোত ভূমিকম্পৰ তীব্ৰ…
Read More
অসমৰ বানত নিহতৰ সংখ্যা ১০১ জনলৈ বৃদ্ধি; ১০ জিলাত বানৰ কবলত ১.২৬ লাখৰো অধিক লোক

অসমৰ বানত নিহতৰ সংখ্যা ১০১ জনলৈ বৃদ্ধি; ১০ জিলাত বানৰ কবলত ১.২৬ লাখৰো অধিক লোক

১০১ জনলৈ বৃদ্ধি পালে অসমৰ বানত নিহতৰ সংখ্যা। পানী শুকুৱাৰ পিছত জিলাই জিলাই উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো মৃতদেহ। শেহতীয়াকৈ পুনৰ এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এই বলিয়া বানত নিহতৰ সংখ্যা ১০১ জনলৈ বৃদ্ধি পায়। ১০ আগষ্টৰ শেহতীয়া বান প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ ১০খন জিলাত এতিয়াও ১,২৬,৪৩১ জন লোক বানৰ কবলত আছে। নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, কাৰ্বি আংলং, লখিমপুৰ, কাছাৰ, চৰাইদেউ আৰু যোৰহাটত অব্যাহত আছে বানৰ প্ৰভাৱ। ইয়াৰ মাজতে ২৫টা ৰাজহ চক্ৰৰ ৪৫৮খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। আক্রান্ত লোকৰ সংখ্যাই গোলাঘাটৰ ভয়াবহ পৰিস্থিতিৰ ছবিখন স্পষ্ট কৰিছে। জিলাখনত ৭১,০৬১ জন লোক বানৰ কবলত পৰিছে। শিৱসাগৰত ২১,৬০০ জন আৰু নগাঁৱত ১৬,৯০৮ জন…
Read More
২০২৭ চনৰ মাৰ্চত সম্পূৰ্ণ হ’ব গুৱাহাটী বিজ্ঞান নগৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

২০২৭ চনৰ মাৰ্চত সম্পূৰ্ণ হ’ব গুৱাহাটী বিজ্ঞান নগৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰৰ গুৱাহাটী বিজ্ঞান নগৰী পৰিদৰ্শন কৰে আৰু চলি থকা কামসমূহ পৰ্যবেক্ষণ কৰে।তেওঁ কেন্দ্ৰটোৰ পৰৱৰ্তী পৰ্যায়ৰ উন্নয়নৰ বাবে পৰিকল্পিত কামসমূহৰ অগ্ৰগতিৰ মূল্যায়নৰ বাবে বিভাগীয় বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। পৰিদৰ্শনৰ পিছত সংবাদ মাধ্যমৰ আগত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে গুৱাহাটী বিজ্ঞান নগৰী ১৫০ বিঘাতকৈও অধিক মাটিত নিৰ্মাণ কৰি থকা হৈছে। পাঁচ মাহ পূৰ্বে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছত ইয়াত কেইবাটাও নতুন সংযোজনৰ কাম বৰ্তমান চলি আছে বুলি অৱগত কৰি তেওঁ আশা প্ৰকাশ কৰে যে ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত বিজ্ঞান নগৰীৰ কাম সম্পূৰ্ণৰূপে শেষ হ’ব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে বিজ্ঞান নগৰীখনক…
Read More
কংগোত ইবোলাৰ সংক্ৰমণক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

কংগোত ইবোলাৰ সংক্ৰমণক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগো (ডি আৰ কংগো) দ্ৰুতগতিত বৃদ্ধি পোৱা ইবোলা ভাইৰাছৰ সংক্ৰমণক লৈ বিশ্ব স্বাস্থ্য সংস্থাই (WHO) গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। স্বাস্থ্য বিষয়া আৰু স্বাস্থ্যকৰ্মীসকলে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাইছে যদিও, ৰোগ বিধ্বংসী সংক্ৰমণৰ গতি তেওঁলোকৰ প্ৰচেষ্টাতকৈয়ো দ্ৰুততৰ হৈ পৰিছে। আফ্ৰিকাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সঞ্চালক ড° মহম্মদ জনাবীয়ে পৰিস্থিতিৰ গম্ভীৰতা প্ৰকাশ কৰি কয়-আমি ভাইৰাছটোক অনুসৰণ কৰি লৈছোঁ, কিন্তু ভাইৰাছটো আমাতকৈ বহু আগবাঢ়ি আছে। ডি আৰ কংগোট চলিত বৰ্ষৰ ১৫ মে'ত আনুষ্ঠানিকভাৱে ইবোলা মহামাৰীৰ ঘোষণা কৰা হৈছিল। কিন্তু শেহতীয়া গৱেষণা আৰু অধ্যয়ন অনুসৰি, এই ভাইৰাছ প্ৰচলন ফেব্ৰুৱাৰী মাহৰ পৰাই আৰম্ভ হৈছিল— অৰ্থাৎ চৰকাৰী ঘোষণাৰ প্ৰায় তিনি মাহ আগৰ…
Read More
কোৰিয়া মাষ্টাৰ্ছত ইতিহাস ৰচনা অসম কন্যা অস্মিতা চলিহাৰ

কোৰিয়া মাষ্টাৰ্ছত ইতিহাস ৰচনা অসম কন্যা অস্মিতা চলিহাৰ

অৱশেষত অৱসান ঘটিল অসমৰ বেডমিণ্টন খেলুৱৈ অস্মিতা চলিহাৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ। কোৰিয়া মাষ্টাৰ্ছৰ মহিলা একক শাখাৰ খিতাপ জয় কৰি ভাৰতীয় বেডমিণ্টনৰ ইতিহাসত নতুন অধ্যায় সংযোজন কৰিলে অস্মিতাই। চীনৰ চতুৰ্থ বাছনিৰ খেলুৱৈ হান ছিয়ান ছিক পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ মহিলা একক শাখাৰ খিতাপ জয় কৰাৰ পিছতে ভাৰতীয় বেডমিণ্টনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৰিয়া মাষ্টাৰ্ছ জয় কৰা খেলুৱৈ হিচাপে নাম লিপিবদ্ধ কৰে অসম কন্যাগৰাকীয়ে। দেওবাৰে অনুষ্ঠিত ফাইনেলত অস্মিতাই প্ৰথমখন খেলত ১৪-২১ ব্যৱধানত পৰাস্ত হোৱাৰ পিছতো মেচখনলৈ শক্তিশালী প্ৰত্যাৱৰ্তন কৰে। দ্বিতীয়খন খেলত ২১-১৪ আৰু তৃতীয়খন খেলত ২১-১৪ ব্যৱধানত জয় সাব্যস্ত কৰি চীনা খেলুৱৈগৰাকীক পৰাস্ত কৰে অসমৰ বাঁওহতীয়া শ্বাটলাৰগৰাকীয়ে। এই জয়ৰ জৰিয়তে কেৰিয়াৰৰ সৰ্ববৃহৎ খিতাপটো লাভ কৰে…
Read More
ঝাৰখণ্ডত নিযুক্তি পৰীক্ষাৰ অনিয়মক লৈ ছাত্ৰ আন্দোলন; আজি বিধানসভালৈ প্ৰতিবাদী সমদল ছাত্ৰ সমাজৰ

ঝাৰখণ্ডত নিযুক্তি পৰীক্ষাৰ অনিয়মক লৈ ছাত্ৰ আন্দোলন; আজি বিধানসভালৈ প্ৰতিবাদী সমদল ছাত্ৰ সমাজৰ

চৰকাৰী নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগক কেন্দ্ৰ কৰি ঝাৰখণ্ডত চলি থকা ছাত্ৰ আন্দোলনে আজি নতুন ৰূপ ল’ব। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন নেতৃত্বাধীন চৰকাৰৰ সৈতে দেওবাৰে অনুষ্ঠিত আলোচনাত কোনো সমাধানসূত্ৰ নোলোৱাত আজি বিধানসভালৈ প্ৰতিবাদী সমদল উলিয়াবলৈ সাজু হৈছে আন্দোলনকাৰীসকল। দেওবাৰৰ আলোচনাতো মূল দাবীক লৈ দুয়োপক্ষৰ মাজত মতানৈক্য অব্যাহত থাকে। বিশেষকৈ ঝাৰখণ্ড ষ্টাফ ছিলেকচন কমিছনৰ সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষা বাতিল, নিযুক্তি পৰীক্ষাত হোৱা অনিয়মৰ চিবিআই তদন্ত, শিক্ষাৰ্থীসকলে প্ৰস্তাৱ কৰা পৰীক্ষা সংস্কাৰ ব্যৱস্থা গ্ৰহণ আৰু নিৰ্ধাৰিত নিযুক্তি পঞ্জিকা মানি চলাৰ দাবীত অটল হৈ আছে প্ৰতিবাদকাৰীসকল। আনহাতে, চৰকাৰে শিক্ষাৰ্থীৰ অধিকাংশ দাবী গ্ৰহণ কৰা বুলি দাবী কৰিছে যদিও চিবিআই তদন্তৰ দাবী মানি লোৱা নাই। চৰকাৰৰ এই স্থিতিৰ…
Read More
ট্ৰেক ছেটলমেণ্টৰ বাবে NFR ৰ ডাঙৰ ঘোষণা: ১০-১১ আগষ্টত উত্তৰ-পূৰ্বৰ ৰেল সেৱাত প্ৰভাৱ

ট্ৰেক ছেটলমেণ্টৰ বাবে NFR ৰ ডাঙৰ ঘোষণা: ১০-১১ আগষ্টত উত্তৰ-পূৰ্বৰ ৰেল সেৱাত প্ৰভাৱ

নিউ হাৰংগাজাও ষ্টেচনৰ ওচৰত ৰেলপথৰ Line-1 আৰু Line-2 ছেটল হোৱাৰ বাবে চলি থকা মেৰামতি কামৰ বাবে উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে (NFR) য়ে কেইবাখনো ৰেলৰ চলাচল বাতিল আৰু পুনৰ্নিৰ্ধাৰণ কৰিছে।লামডিং-বদৰপুৰ পাহাৰীয়া খণ্ডত ৰেল চলাচল বৰ্তমান Line-3 ৰে উন্নত সুৰক্ষা ব্যৱস্থাৰে চলি আছে।মেৰামতি কামৰ বাবে NFR য়ে ৰেল সেৱাত অতিৰিক্ত পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে।NFR ৰ এজন বিষয়াই কয়, “১০ আগষ্ট, ২০২৬ তাৰিখে যাত্ৰা আৰম্ভ কৰা ১৫৬১৭ নং গুৱাহাটী - দুল্লাভচেৰা এক্সপ্ৰেছ আৰু ১১ আগষ্ট, ২০২৬ তাৰিখে যাত্ৰা আৰম্ভ কৰা ১৫৬১৮ নং দুল্লাভচেৰা - গুৱাহাটী এক্সপ্ৰেছ বাতিল কৰা হৈছে।”তেওঁ আৰু কয়, “১০ আগষ্ট, ২০২৬ তাৰিখে যাত্ৰা আৰম্ভ কৰা ১৫৬১৫ নং গুৱাহাটী - শিলচৰ এক্সপ্ৰেছ…
Read More
ইতিহাস সৃষ্টি: অশ্মিতা চলিহাৰ ক’ৰিয়া মাষ্টাৰ্ছ জয়, প্ৰতিযোগিতাখন জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয়

ইতিহাস সৃষ্টি: অশ্মিতা চলিহাৰ ক’ৰিয়া মাষ্টাৰ্ছ জয়, প্ৰতিযোগিতাখন জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয়

অসমৰ বেডমিণ্টন খেলুৱৈ অশ্মিতা চলিহাই দেওবাৰে ক’ৰিয়া মাষ্টাৰ্ছৰ ফাইনেলত চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত হান কিয়ান শ্বিক এখন গেমত পৰাজয়ৰ পিছত ঘূৰি আহি পৰাস্ত কৰি ইতিহাস ৰচনা কৰে। এই প্ৰতিযোগিতাখন জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় অশ্মিতা।২৬ বছৰীয়া বাঁওহাতী খেলুৱৈগৰাকীয়ে হানক ১৪-২১, ২১-১৪, ২১-১৪ পইণ্টত ৫৩ মিনিটত পৰাস্ত কৰি কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ খিতাপটো দখল কৰে। লগতে ভাৰতৰ পৰা সুপাৰ ৩০০ বিজয়ীৰ অভিজাত ক্লাবতো স্থান লাভ কৰে। গুৱাহাটীৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰত অনুশীলন কৰা অশ্মিতাই দেওবাৰে এই তালিকাত যোগ দিয়ে। পূৰ্বে প্ৰাক্তন বিশ্বৰ এ নম্বৰ ছাইনা নেহৱাল আৰু প্ৰাক্তন বিশ্ব চেম্পিয়ন পি ভি সিন্ধুৱে এই পৰ্যায়ত বহু খিতাপ জয় কৰিছে। ইয়াৰ উপৰি…
Read More
বিদেশী সাহায্য সংশোধনী বিধেয়ক ২০২৬: অসম খ্ৰীষ্টিয়ান ফ’ৰামৰ তীব্ৰ বিৰোধিতা, “দমনমূলক” বুলি অভিহিত

বিদেশী সাহায্য সংশোধনী বিধেয়ক ২০২৬: অসম খ্ৰীষ্টিয়ান ফ’ৰামৰ তীব্ৰ বিৰোধিতা, “দমনমূলক” বুলি অভিহিত

অসম খ্ৰীষ্টিয়ান ফ'ৰামে ২০২৬ চনৰ ২৫ মাৰ্চত লোকসভাত উত্থাপন কৰা আৰু বাৰিষা অধিৱেশনত পুনৰ উত্থাপন কৰাৰ সম্ভাৱনা থকা প্ৰস্তাৱিত বিদেশী বিত্তীয় সাহায্য (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক, ২০২৬ ৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ফ'ৰামৰ মুখপাত্ৰ এলেন ব্ৰুকছে কয়, "আমি উত্তৰ-পূৰ্বৰ সাংসদসকল আৰু কেন্দ্ৰীয় চৰকাৰক এই দমনমূলক বিধানসমূহ পৰিত্যাগ কৰিবলৈ আৰু প্ৰাকৃতিক ন্যায়ৰ নীতি অনুসৰি বিদ্যমান বিদেশী বিত্তীয় সাহায্য (নিয়ন্ত্ৰণ) আইন, ২০১০ সংশোধন কৰিবলৈ আহ্বান জনাইছোঁ।" ব্ৰুকছে কয় যে প্ৰস্তাৱিত সংশোধনীয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নাগৰিক সমাজৰ সংগঠন, গীৰ্জা আৰু দৰিদ্ৰ, দলিত, জনজাতি আৰু প্ৰান্তীয় জনগোষ্ঠীক সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানসমূহৰ বাবে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিবসম্পত্তি বাজেয়াপ্তকৰ যদি কোনো সংগঠনক বিদেশী সাহায্য গ্ৰহণৰ অনুমতি…
Read More