অসম

বিহাৰৰ লক্ষীচৰাইৰ অশোকধাম মন্দিৰত পদপিষ্ট হৈ ৭ ভক্তৰ কৰুণ মৃত্যু! আহত বহুতো

বিহাৰৰ লক্ষীচৰাইৰ অশোকধাম মন্দিৰত পদপিষ্ট হৈ ৭ ভক্তৰ কৰুণ মৃত্যু! আহত বহুতো

পবিত্ৰ শাওণ মাহৰ সোমবাৰে ভগৱান শিৱৰ আৰাধনা কৰিবলৈ ওলাই অহা ভক্তৰ সমাগম পৰিণত হ’ল এক হৃদয়বিদাৰক দুৰ্ঘটনাত। বিহাৰৰ লক্ষীচৰাই জিলাৰ প্ৰসিদ্ধ অশোকধাম মন্দিৰ চৌহদত পুৱাই সংঘটিত হ’ল এই অপ্ৰত্যাশিত পদপিষ্টৰ ঘটনা। শাওণৰ সোমবাৰ উপলক্ষে মন্দিৰ প্ৰাংগণত পুৱাৰ ভাগতেই সমবেত হোৱা অগণন ভক্তৰ ভিৰৰ মাজত পদপিষ্ট হৈ মৃত্যুক সাৱটে কমেও ৭ জন লোকে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি, পুৱা প্ৰায় ৬:৩০ বজাৰ পৰা ৬:৪৫ বজাৰ ভিতৰত ওচৰৰ ষ্টেচনত দুখনকৈ যাত্ৰীবাহী ৰে’ল উপস্থিত হোৱাৰ পাছতে মন্দিৰ চৌহদত ভক্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পায়। মানুহৰ প্ৰচণ্ড হেঁচাত মন্দিৰৰ একাষৰ নিৰাপত্তা বেৰিকেড ভাঙি পৰে আৰু ভক্তসকল ইজনৰ গাত সিজন বাগৰি পৰে। স্থানীয় মহকুমা আৰক্ষী বিষয়া শিৱম…
Read More
২০০৪ চনৰ ধেমাজি বিস্ফোৰণৰ বলিসকলক শ্ৰদ্ধাঞ্জলি, ‘শোক দিৱস’ পালন কৰিলে অসম চৰকাৰে

২০০৪ চনৰ ধেমাজি বিস্ফোৰণৰ বলিসকলক শ্ৰদ্ধাঞ্জলি, ‘শোক দিৱস’ পালন কৰিলে অসম চৰকাৰে

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত স্বাধীনতা দিৱসৰ উদযাপনৰ সময়ত বিস্ফোৰণত প্ৰাণ হেৰুৱা সাধাৰণ নাগৰিকসকলক স্মৰণ কৰি দেওবাৰে অসম চৰকাৰে ‘শোক দিৱস’ পালন কৰে। দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত এই শোক অনুষ্ঠানত বলি হোৱাসকলৰ প্ৰতি শ্ৰদ্ধা জনাই জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়। এই মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুৱা লোকসকলৰ স্মৃতিত আৰু উগ্ৰপন্থী হিংসাক ধিক্কাৰ জনাই এক মিনিট মৌন পালন কৰা হয়। ইয়াৰ পাছত অসম চৰকাৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব অনুৰাগ গোৱেলে বিষয়া আৰু কৰ্মচাৰীসকলৰ পৰা সকলো প্ৰকাৰ সন্ত্ৰাসবাদ আৰু উগ্ৰপন্থী হিংসাৰ বিৰুদ্ধে শপত বাক্য পাঠ কৰায়। এই উপলক্ষে বিষয়া আৰু কৰ্মচাৰীসকলে বলি হোৱাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দেশৰ অহিংসা,…
Read More
মালিগাঁৱত জাতীয় পতাকা উত্তোলন, ৮% আয় বৃদ্ধিৰ কথা ঘোষণা এনএফআৰৰ জিএমৰ

মালিগাঁৱত জাতীয় পতাকা উত্তোলন, ৮% আয় বৃদ্ধিৰ কথা ঘোষণা এনএফআৰৰ জিএমৰ

শনিবাৰে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস দেশপ্ৰেমৰ উৎসাহ-উদ্দীপনাৰে উদযাপন কৰে উত্তৰ-পূব সীমান্ত ৰেলৱে (এনএফআৰ)-এ। মালিগাঁওস্থিত এনএফআৰএছএ কমপ্লেক্সত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত এনএফআৰৰ সাধাৰণ প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে জ্যেষ্ঠ ৰেল বিষয়া, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ উপস্থিতিত জাতীয় পতাকা উত্তোলন কৰে আৰু গাৰ্ড অফ অনাৰ গ্ৰহণ কৰে। সম্বোধনত সাধাৰণ প্ৰবন্ধক গৰাকীয়ে দেশৰ স্বাধীনতা সংগ্ৰামী আৰু বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দিনে-ৰাতি কৰ্তব্যত নিয়োজিত ৰেল কৰ্মচাৰীসকলৰ নিষ্ঠাকো প্ৰশংসা কৰে। এই উপলক্ষে আদৰ্শ সেৱা আৰু অৱদানৰ বাবে ২৫ গৰাকী ৰেল কৰ্মচাৰীক উদ্ধৃতি আৰু নগদ পুৰস্কাৰসহ ‘কৰ্মবীৰ পুৰস্কাৰ’ প্ৰদান কৰা হয়। ইয়াৰ পাছত এখন বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয়। উদযাপনৰ অংশ হিচাপে জিএম গৰাকীয়ে…
Read More
খাৰ্গেৰ সভাস্থলত ‘শুদ্ধিকৰণ’ কাণ্ডৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

খাৰ্গেৰ সভাস্থলত ‘শুদ্ধিকৰণ’ কাণ্ডৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ (AICC) সভাপতি মল্লিকাৰ্জুন খাৰ্গে কেইদিনমান আগতে উত্তৰাখণ্ডৰ হলদৱানীত এখন ৰাজহুৱা সভাত অংশ লোৱাৰ পিছত সেই সভাস্থলত BJP য়ে কথিতভাৱে গংগাজল ছটিয়াই "শুদ্ধিকৰণ" কৰাৰ "বৈষম্যমূলক আৰু নিন্দনীয়" কাৰ্যৰ বিৰুদ্ধে আজি গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি (APCC) য়ে। AICC সভাপতিৰ প্ৰতি একাত্মতা প্ৰকাশ কৰাৰ লগতে সাংবিধানিক মূল্যবোধ সুৰক্ষিত কৰাৰ দাবীত গুৱাহাটী চহৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত দিছপুৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা এটা প্ৰতিবাদী পদযাত্ৰা আৰু সত্যাগ্ৰহৰ আয়োজন কৰা হয়। প্ৰতিবাদ কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, প্ৰাক্তন বিধায়ক সত্যৱ্ৰত কলিতা, APCC ৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈ, সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, অসম…
Read More
ISBT ৰ ওচৰত ট্ৰাকত অভিযান: ১.৪০ লাখ YABA টেবলেট আৰু ১০ টা হেৰ’ইনৰ চাবোনৰ বাকচ জব্দ

ISBT ৰ ওচৰত ট্ৰাকত অভিযান: ১.৪০ লাখ YABA টেবলেট আৰু ১০ টা হেৰ’ইনৰ চাবোনৰ বাকচ জব্দ

গুৱাহাটীত প্ৰায় ৩৯.৪ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে আৰু দুজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে আন্তঃৰাজ্যিক বাছ আস্থান (ISBT) ৰ ওচৰত এখন ট্ৰাক আটক কৰি তালাচী চলায়। অভিযানত ১০ টা চাবোনৰ বাকচত ভৰোৱা হেৰ’ইন আৰু ১,৪০,০ টা YABA টেবলেট জব্দ কৰা হয়। অভিযানৰ বিৱৰণ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ট্ৰাকখন আটক কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ বাবে গুৱাহাটী আৰক্ষীক প্ৰশংসা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে দুজন লোককো আটক কৰিছে। শৰ্মাই কয় যে অসম চৰকাৰৰ…
Read More
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি পদক ঘোষণা: অসম আৰক্ষীৰ ১৫ গৰাকী বিষয়া-জোৱানলৈ সন্মান

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি পদক ঘোষণা: অসম আৰক্ষীৰ ১৫ গৰাকী বিষয়া-জোৱানলৈ সন্মান

দেশজুৰি ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ মাজতে ঘোষণা কৰা হয় বিভিন্ন সেৱাৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰপতি পদকপ্ৰাপ্তসকলৰ নাম। সমগ্ৰ দেশৰ মুঠ ১০৫৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ সাহসিকতা আৰু সেৱা পদকেৰে সন্মানিত কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মানীয় তালিকাত অসম আৰক্ষীৰো কেইবাগৰাকী বিষয়া আৰু জোৱানে স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে। ৰাজ্যখনৰ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী তথা গৃহৰক্ষী বিভাগৰ মুঠ ১৫ গৰাকী বিষয়া-জোৱানক বিশিষ্ট সেৱা আৰু প্ৰশংসনীয় সেৱাৰ পদক প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত বিশিষ্ট সেৱাৰ ৰাষ্ট্ৰপতি পদক লাভ কৰে আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জীয়ে। আনহাতে, প্ৰশংসনীয় সেৱাৰ বাবে অসম আৰক্ষীৰ ১১ গৰাকী, অগ্নিনিৰ্বাপক বাহিনীৰ ২ গৰাকী আৰু গৃহৰক্ষী তথা…
Read More
অসম-অৰুণাচল সীমান্তৰ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিল্লীত দুই ৰাজ্যৰ সাংসদৰ জৰুৰী বৈঠক

অসম-অৰুণাচল সীমান্তৰ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিল্লীত দুই ৰাজ্যৰ সাংসদৰ জৰুৰী বৈঠক

আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত শেহতীয়াকৈ সৃষ্টি হোৱা অনাকাংক্ষিত সংঘাতৰ ফলত বৃদ্ধি পাইছে অসম-অৰুণাচলৰ মাজৰ উত্তেজনা। দুয়োখন ৰাজ্যৰ সীমান্তত অসমীয়া লোকক লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে কেইবাটাও দল-সংগঠনে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। এই পৰিস্থিতি প্ৰশমনৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসম আৰু অৰুণাচল প্ৰদেশৰ সাংসদসকল। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ দিল্লীস্থিত আৱাসত অনুষ্ঠিত হয় এই আলোচনা। সামাজিক মাধ্যমত এক ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে কয়, “আমি অৰুণাচল আৰু অসমৰ সাংসদসকলে সদায় মিলিজুলি থকা এক পৰম্পৰা বৰ্তাই ৰাখিছোঁ। এতিয়া অসম-অৰুণাচল সীমান্তত সৃষ্টি হোৱা সমস্যা সন্দৰ্ভত আমি বিশদভাৱে আলোচনা কৰিলোঁ। অসম আৰু…
Read More
নগাঁও লোকসভা উপ-নিৰ্বাচনঃ কংগ্ৰেছৰ সৈতে মিত্ৰতা নুই কৰি এআইইউডিএফৰ প্ৰাৰ্থী ঘোষণা

নগাঁও লোকসভা উপ-নিৰ্বাচনঃ কংগ্ৰেছৰ সৈতে মিত্ৰতা নুই কৰি এআইইউডিএফৰ প্ৰাৰ্থী ঘোষণা

আসন্ন উপ-নিৰ্বাচনৰ ৰণডংকা বাজি উঠাৰ সময়তে নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে এআইইউডিএফে। বৃহস্পতিবাৰে দলটোৱে ৰেজাউল কৰিম সৰকাৰক আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ সকলো সম্ভাৱনা নুই কৰি এআইইউডিএফে সমষ্টিটোত এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত স্পষ্ট কৰে। সংবাদ মাধ্যমৰ আগত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সৈতে কোনো ধৰণৰ নিৰ্বাচনী বুজাবুজি নহ’ব বুলি ঘোষণা কৰে। কংগ্ৰেছে দেশ আৰু অসমক ধ্বংস কৰাৰ অভিযোগ তুলি আজমলে কয়, “ৰেজাউল কৰিমেই হ’ব এআইইউডিএফৰ প্ৰাৰ্থী। আমি কংগ্ৰেছৰ সৈতে কোনো মিত্ৰতা নকৰোঁ। তেওঁলোকে দেশ আৰু ৰাজ্যখন ধ্বংস কৰিলে। প্ৰকৃততে কংগ্ৰেছহে বিজেপিৰ ‘বি-টীম’, আমি নহয়।” দলৰ সিদ্ধান্তক আদৰণি জনাই মনোনীত…
Read More
অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ গভীৰ সমবেদনা ভূটানৰ ৰজাৰ

অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ গভীৰ সমবেদনা ভূটানৰ ৰজাৰ

অসমত অব্যাহত থকা ভয়াৱহ বানপানীৰ ফলত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰিছে ভূটানৰ ৰজা জিগমে খেচাৰ নামগিয়েল ৱাংচুকে। চলিত বানৰ ফলত ৰাজ্যখনত এতিয়ালৈকে ১০৩ গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাত দুখ প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰে ভূটানৰ ৰজাই। মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত ভূটানৰ ৰজাই উল্লেখ কৰে যে বানত পৰিয়ালৰ লোক আৰু ঘৰ-বাৰী হেৰুওৱা লোকসকলৰ প্ৰতি ভূটানৰ জনসাধাৰণ তথা তেওঁ ব্যক্তিগতভাৱে মৰ্মাহত। পত্ৰখনত তেওঁ কয়, “শেহতীয়া বানত যিসকল লোকে পৰিয়াল আৰু বাসস্থান হেৰুৱালে, তেওঁলোকৰ প্ৰতি ভূটানবাসীৰ হৈ মই আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ আৰু মৃতকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনালোঁ।” জলবায়ু পৰিৱৰ্তনৰ…
Read More
উত্তৰাখণ্ডৰ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত ভয়ংকৰ দুৰ্যোগ! পানী আৰু আৱৰ্জনা সোমাই ৭ জন শ্ৰমিকৰ মৃত্যু, আহত ১৪

উত্তৰাখণ্ডৰ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত ভয়ংকৰ দুৰ্যোগ! পানী আৰু আৱৰ্জনা সোমাই ৭ জন শ্ৰমিকৰ মৃত্যু, আহত ১৪

উত্তৰাখণ্ডৰ চামোলী জিলাত নিৰ্মাণৰত এটি জলবিদ্যুৎ প্ৰকল্পত হঠাতে সৃষ্টি হয় এক শোকাৱহ দুৰ্ঘটনা। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭:০৫ বজাত প্ৰকল্পটোৰ সুৰংগৰ ভিতৰত প্ৰৱল বেগেৰে পাহাৰীয়া ঢল আৰু আৱৰ্জনা সোমাই পৰাৰ ফলত ৭ গৰাকী শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হয়। প্ৰাথমিক তথ্য অনুসৰি, তেহৰী হাইড্ৰ’ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেডৰ অধীনস্থ পিপলকোটি অঞ্চলৰ এই সুৰংগটোত কাম কৰি থকা অৱস্থাত প্ৰায় ২২ গৰাকী শ্ৰমিক আবদ্ধ হৈ পৰে। উদ্ধাৰকাৰী দলে বৰ্তমানলৈকে ২১ গৰাকী লোকক সুৰংগৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হৈছে। উদ্ধাৰ কৰা লোকসকলৰ ভিতৰত ৭ জনক চিকিৎসকে মৃত ঘোষণা কৰে আৰু আন ১৪ গৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হৈ ওচৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাস্থলীত তৎপৰতাৰে উদ্ধাৰ অভিযান…
Read More