শনিবাৰে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস দেশপ্ৰেমৰ উৎসাহ-উদ্দীপনাৰে উদযাপন কৰে উত্তৰ-পূব সীমান্ত ৰেলৱে (এনএফআৰ)-এ।
মালিগাঁওস্থিত এনএফআৰএছএ কমপ্লেক্সত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত এনএফআৰৰ সাধাৰণ প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে জ্যেষ্ঠ ৰেল বিষয়া, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ উপস্থিতিত জাতীয় পতাকা উত্তোলন কৰে আৰু গাৰ্ড অফ অনাৰ গ্ৰহণ কৰে।
সম্বোধনত সাধাৰণ প্ৰবন্ধক গৰাকীয়ে দেশৰ স্বাধীনতা সংগ্ৰামী আৰু বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দিনে-ৰাতি কৰ্তব্যত নিয়োজিত ৰেল কৰ্মচাৰীসকলৰ নিষ্ঠাকো প্ৰশংসা কৰে। এই উপলক্ষে আদৰ্শ সেৱা আৰু অৱদানৰ বাবে ২৫ গৰাকী ৰেল কৰ্মচাৰীক উদ্ধৃতি আৰু নগদ পুৰস্কাৰসহ ‘কৰ্মবীৰ পুৰস্কাৰ’ প্ৰদান কৰা হয়। ইয়াৰ পাছত এখন বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয়।
উদযাপনৰ অংশ হিচাপে জিএম গৰাকীয়ে নেতাজী বিদ্যাপীঠ ৰেলৱে হায়াৰ চেকেণ্ডাৰী স্কুলৰ নৱীকৰণ কৰা সুবীৰ ৰাহা স্মৃতি প্ৰেক্ষাগৃহ, নতুনকৈ নিৰ্মাণ কৰা শ্ৰেণীকোঠা, এখন নতুন প্ৰাৰ্থনা শ্বেড আৰু উন্নীত কৰা বাহ্যিক ৰূপৰো উদ্বোধন কৰে।
ইয়াৰ উপৰি তেওঁ মালিগাঁও কেন্দ্ৰীয় চিকিৎসালয়ৰ সম্প্ৰসাৰিত আৰু নৱীকৰণ কৰা দুৰ্ঘটনা বিভাগৰো উদ্বোধন কৰে।
২০২৬ চনত এনএফআৰৰ উল্লেখযোগ্য সাফল্যৰ কথা উল্লেখ কৰি জিএম গৰাকীয়ে কয় যে ‘১০০ শতাংশ সুৰক্ষা, শূন্য বিপদ’ নীতিক আগত ৰাখি সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। আধুনিক চিগনেলিং আৰু অত্যাধুনিক প্ৰযুক্তি, ৰেল, ৰেলপথ আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ উন্নত পৰ্যবেক্ষণ, লেভেল ক্ৰছিং গেট বিলোপ আৰু নতুন ফুট অ’ভাৰ ব্ৰীজ নিৰ্মাণৰ জৰিয়তে এনএফআৰে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰিছে।
১৩০ টাতকৈও অধিক বৈদ্যুতিক ইঞ্জিনত কবচ প্ৰণালী সংযোজন কৰা হৈছে। লগতে ৩০ টা হট বক্স ডিটেক্টৰ আৰু তিনিটা স্বয়ংক্ৰিয় ৰেল পৰীক্ষণ ব্যৱস্থাও স্থাপন কৰা হৈছে। যাত্ৰী সংযোগো যথেষ্ট বৃদ্ধি পাইছে। বন্দে ভাৰত স্লীপাৰ, অমৃত ভাৰতকে ধৰি ১৪ যোৰ নতুন ৰেল সেৱা আৰম্ভ কৰা হৈছে। অতিৰিক্ত যাত্ৰীৰ চাপ পূৰণ কৰিবলৈ ৬৭৪ ট্ৰিপ বিশেষ ৰেল পৰিচালনা কৰা হৈছে। কামাখ্যাৰ পৰা দেশৰ প্ৰথমখন বন্দে ভাৰত স্লীপাৰ এক্সপ্ৰেছ আৰু আগৰতলাৰ পৰা কৰিমগঞ্জলৈ প্ৰথমখন মেমু সেৱা আৰম্ভই উত্তৰ-পূবত আধুনিক ৰেল সংযোগত নতুন মাইলৰ খুঁটি স্থাপন কৰিছে।
ব্যৱসায় আৰু পণ্য পৰিবহণতো এনএফআৰে উৎসাহজনক বৃদ্ধি লাভ কৰিছে। ২০২৬ চনৰ এপ্ৰিলৰ পৰা জুলাইলৈ বিভাজিত আয় ২,৭৪৪ কোটি টকা হৈছে, যি পূৰ্বৰ বছৰ একে সময়ৰ তুলনাত ৮ শতাংশ বেছি। টিকট পৰীক্ষণৰ পৰা আয় ৩৭ শতাংশ বৃদ্ধি পাইছে। দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ আয় এই সময়ছোৱাত ১৮ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে, যি এতিয়ালৈকে সৰ্বাধিক।
হাবাইপুৰ আৰু বাইহাটাত দুখন গতি শক্তি কাৰ্গো টাৰ্মিনেলসহ সাতখন নতুন পণ্য টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে। ২০২৬ চনৰ জুলাইত ভাৰতৰ পৰা নেপাললৈ প্ৰথমখন কণ্টেইনাৰ ৰেল গৈ উপস্থিত হোৱাটো সীমান্ত পাৰ পণ্য পৰিবহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। যোগীঘোপা ৰেলৱে ষ্টেচন ইয়াৰ্ড আৰু যোগীঘোপা মাল্টি ম’ডেল লজিষ্টিক পাৰ্কৰ মাজত ৰেল সংযোগৰ কামো সম্পূৰ্ণ হৈছে।
আন্তঃগাঁথনি উন্নয়ন, বিদ্যুতীকৰণ আৰু পৰিৱেশ বান্ধৱতাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ২০২৬ চনৰ জানুৱাৰীৰ পৰা জুলাইলৈ এনএফআৰে ২৩.৭ মেগাৱাট পিক সৌৰ শক্তি ক্ষমতা আৰম্ভ কৰিছে, যি ভাৰতীয় ৰেলৰ সকলো জ’নৰ ভিতৰত সৰ্বাধিক।
এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এনএফআৰ কামাখ্যাগুৰি, মাজবাট, জলপাইগুৰি ৰোড আৰু হলদিবাৰীকে ধৰি চাৰিখন পুনৰ্নিৰ্মিত অমৃত ষ্টেচনৰ উদ্বোধন কৰে। এই ষ্টেচনসমূহত যাত্ৰীসকলৰ বাবে উন্নত সা-সুবিধা আৰু আধুনিক আন্তঃগাঁথনি উপলব্ধ কৰা হৈছে।
