26
May
কুঁৱা খননৰ সময়তে হঠাৎ খহি পৰা মাটিৰ তলত আৱদ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল ৫ জনকৈ শ্ৰমিকে। মঙলবাৰে দুপৰীয়া প্ৰায় ১২ বজাত মধ্য প্ৰদেশৰ পান্না জিলাৰ অজয়গড় ব্লকৰ অন্তৰ্গত বিহাৰপুৰৱা গাঁৱত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা শ্ৰমিক কেইজনক ক্ৰমে আশীষ যাদৱ, ৰাজকুমাৰ যাদৱ, ৰামপাল যাদৱ, চুন্নু যাদৱ আৰু চুনভাদ পাল বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত এটা ৰাজহুৱা জলসিঞ্চন কুঁৱাৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা। পান্না জিলাৰ আৰক্ষী অধীক্ষক নিবেদিতা নাইডুৱে প্ৰকাশ কৰা অনুসৰি, শ্ৰমিক কেইজনে কাম কৰি থকা অৱস্থাতে হঠাতে ওপৰৰ পৰা বৃহৎ মাটিৰ…
