৯৬,৮৪২ টা বানপীড়িত পৰিয়াললৈ ১৫,০০০ টকাকৈ ১৪৬.২৬ কোটি টকা বিতৰণ: ড০ হিমন্ত বিশ্ব শৰ্মা

উজনি অসমত জুলাই মাহত অহা ভয়াবহ বানপানীৰ পাছত বানপীড়িত পৰিয়ালসমূহৰ বাবে দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন বিত্তীয় সাহায্য বিতৰণ প্ৰক্ৰিয়া মুকলি কৰে ৰাজ্য চৰকাৰে। আজি এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৯৬,৮৪২ টা বানপীড়িত পৰিয়াললৈ ১৫,০০০ টকাকৈ হস্তান্তৰ কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত বৰ্তমানলৈকে মুঠ ১৪৬.২৬ কোটি টকা বিতৰণ কৰা হৈছে। বানত হোৱা ক্ষয় ক্ষতি সন্দৰ্ভত কয় যে চৰকাৰী জৰীপ অনুসৰি ২৬,৬৮১ টা ঘৰ আৰু ১৮,৮৮ৰ টা গোহালি ঘৰ আংশিক বা সম্পূৰ্ণৰূপে ক্ষতিগ্রস্ত হৈছে। ইয়াৰ উপৰি ৪১,০০০ টা তাঁতশালৰ সামগ্ৰী নষ্ট হৈছে, ৫,৯৮,৬৯১ টা গৰু-মহ আদি জীৱ-জন্তুৰ ক্ষতি হৈছে আৰু ৯৩,২৫৬ জন কৃষকৰ খেতি পথাৰ বানৰ কৱলত পৰিছে। বৰ্তমানলৈকে প্ৰায় ৪৮০ কোটি টকাৰ ক্ষয়-ক্ষতি নিৰূপণ কৰা হৈছে।

অৱশ্যে সম্পূৰ্ণ জৰীপৰ অন্তত এই ক্ষতিৰ পৰিমাণ ১,০০০ কোটি টকাৰো অধিক হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। তেওঁ কয় যে বানত এতিয়ালৈকে ১০৪ জন লোকৰ মৃত্যু হৈছে। নিহত প্ৰতিজন লোকৰ নিকট আত্মীয়লৈ ৯ লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ক্ষয়-ক্ষতি জৰীপৰ সময়সূচী আৰু পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ​প্ৰথম পৰ্যায়ৰ জৰীপ (আগষ্ট ২৮-২৯)ৰ কাম সম্পূৰ্ণ কৰি তথ্যসমূহ ৱেব প’ৰ্টেলত উপলব্ধ কৰা হ’ব, যাতে সাধাৰণ ৰাইজে নিজৰ নাম আৰু ক্ষতিৰ তালিকা পৰীক্ষা কৰিব পাৰে।  ৰাইজৰ ওজৰ-আপত্তি বা অভিযোগৰ ভিত্তিত ছেপ্টেম্বৰৰ ১০ তাৰিখৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ চলোৱা হ’ব আৰু ১৫ ছেপ্টেম্বৰৰ ভিতৰত নতুন তালিকা আপডেট কৰা হ’ব। ক্ষতিগ্ৰস্ত হোৱা যোগ্য পৰিয়ালসমূহক ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ অধীনত ঘৰ যোগান ধৰিবলৈ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন জনাব বুলি উল্লেখ কৰে।

ইয়াৰ লগতে তেওঁ কয় যে গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত দ্ৰুত ক্ষতি মূল্যাংকনৰ কাম পূৰ্ণগতিত চলি আছে। বৰ্তমানলৈকে প্ৰায় ৭৫% সমীক্ষা সম্পূৰ্ণ হৈছে, য’ত ১,০০০ তকৈও অধিক জৰীপকাৰী নিয়োজিত হৈ আছে। অহা ১০ বা ১১ ছেপ্টেম্বৰৰ ভিতৰত দ্বিতীয় পৰ্যায়ৰ সমীক্ষা সামৰণি পৰিব আৰু প্ৰয়োজন হ’লে তৃতীয় পৰ্যায়ৰ সমীক্ষা চলোৱা হ’ব। দুর্গা পূজাৰ পূৰ্বেই ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য ধন প্ৰদান কৰাই চৰকাৰৰ মূল লক্ষ্য। তেওঁ কয় যে ক্ষতিগ্রস্ত ৭৯৩ খন বিদ্যালয়ৰ মেৰামতিৰ কাম চলি আছে, যাতে অতি সোনকালে পাঠদান পুনৰ আৰম্ভ কৰিব পৰা যায়। ইয়াৰ লগতে ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ পৰ্যাপ্ত চিকিৎসা আৰু পশু-চিকিৎসা শিৱিৰ স্থাপন কৰা হৈছে বুলি উল্লেখ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *