অসম

শিৱসাগৰত অবৈধ কয়লা খননৰ প্ৰমাণ দাখিলৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত অবৈধ কয়লা খননৰ প্ৰমাণ দাখিলৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত যদি কোনোবাই অবৈধ কয়লা খনন হোৱা বুলি দাবী কৰে, তেন্তে মোক ভৌগোলিক অৱস্থানসহ আলোকচিত্ৰ প্ৰেৰণ কৰক, মই তৎকালীনভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিম। - বিৰোধীৰ অভিযোগৰ প্ৰত্যুত্তৰত সংবাদ মাধ্যমৰ সন্মুখত এই পোনপটীয়া প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে এই বিষয়টোৰ ওপৰত খনি আৰু ভূতত্ত্ব বিভাগৰ পৰা বাৰে বাৰে তথ্য বিচাৰিছে যদিও বিভাগটোৱে জিলাখনত তেনে কোনো অবৈধ খনন চলি থকা নাই বুলিয়েই নিশ্চিত কৰিছে। এনে অভিযোগৰ সত্যতা নিৰূপণৰ বাবে চৰকাৰ সদায় সাজু বুলি উল্লেখ কৰি প্ৰমাণ দাখিল হ’লে ব্যক্তিগতভাৱে হস্তক্ষেপ কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। একে সময়তে, নাগালেণ্ডত চলি থকা কয়লা খননৰ সৈতে শিৱসাগৰ জিলাৰ নাজিৰাৰ প্ৰসংগ সাঙুৰি বিভ্ৰান্তি…
Read More
দৰা-কইনাসহ একেটা মণ্ডপতে উপস্থিত চাৰিজোৰ যমজ! ব্যতিক্ৰমী বিবাহৰ সাক্ষী হৈ ৰ’ল কেৰালা

দৰা-কইনাসহ একেটা মণ্ডপতে উপস্থিত চাৰিজোৰ যমজ! ব্যতিক্ৰমী বিবাহৰ সাক্ষী হৈ ৰ’ল কেৰালা

একেখন বিবাহ মণ্ডপত একেলগে চাৰিযোৰ যমজৰ উপস্থিতিৰে সৃষ্টি হ’ল এক বিৰল আৰু আশ্চৰ্যকৰ দৃশ্য। দৰা-কইনাৰ পৰা ধৰি বিবাহৰ ধৰ্মীয় বিধি সম্পন্ন কৰা পাদ্ৰী আৰু সহযোগী সকলোৱেই যমজ হোৱা এই অভিনৱ বিবাহখন সম্পন্ন হ’ল দক্ষিণ ভাৰতৰ কেৰালাত। ৩২ বছৰীয়া অখিল থমাছ আৰু নিখিল থমাছ নামৰ দুই যমজ ভাতৃয়ে বিবাহপাশত আৱদ্ধ হয় ৩১ বছৰীয়া মেগী আৰু মাৰিয়া মেৰী নামৰ দুই যমজ ভগ্নীৰ সৈতে। আচৰিত যেন লাগিলেও অৱশ্যে এই সমগ্ৰ ব্যৱস্থা কোনো আকস্মিক ঘটনা নাছিল, বৰঞ্চ আছিল বছৰজোৰা পৰিকল্পনা আৰু গভীৰ সংকল্পৰ ফল। অখিল আৰু নিখিলে কেৱল যমজ যুৱতীৰ সৈতেই বিবাহপাশত আৱদ্ধ হোৱাৰ পণ লৈছিল। উপযুক্ত পাত্ৰীৰ সন্ধানত পৰিয়ালে কেৱল যমজ লোকসকলৰ বাবে…
Read More
ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’ মুকলিৰ পূৰ্বে বাধ্যতামূলক ট্ৰায়েল ৰাণঃ কেবিনেটৰ নতুন নীতি

ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’ মুকলিৰ পূৰ্বে বাধ্যতামূলক ট্ৰায়েল ৰাণঃ কেবিনেটৰ নতুন নীতি

নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’সমূহ আনুষ্ঠানিক উদ্বোধনৰ পাছতেই খহি পৰা, গাঁতৰ সৃষ্টি হোৱা আৰু কৃত্ৰিম বানৰ সমস্যা সমাধানৰ উদ্দেশ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে। নিৰ্ধাৰিত সময়ৰ পূৰ্বেই পথৰ মান অৱনমিত হোৱাৰ দিশটো লক্ষ্য ৰাখি এতিয়াৰে পৰা যিকোনো নতুন ঘাইপথ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বে ২ৰ পৰা ৩ মাহৰ বাবে ‘ৰোড টেষ্ট’ বা ট্ৰায়েল ৰাণ চলোৱাৰ এক সুদূৰপ্ৰসাৰী পৰিকল্পনা প্ৰস্তুত কৰিছে চৰকাৰে। এই পৰীক্ষামূলক সময়ছোৱাত পথচাৰী বা যান-বাহনৰ পৰা কোনো ধৰণৰ টোল সংগ্ৰহ কৰা নহয়। শেহতীয়াকৈ লক্ষ্ণৌ-কানপুৰ আৰু ডেৰাডুন এক্সপ্ৰেছৱে’ৰ দৰে বৃহৎ প্ৰকল্পসমূহ মুকলি কৰাৰ পিছতেই বিভিন্ন আসোঁৱাহ প্ৰত্যক্ষ কৰা হৈছিল। সুৰক্ষিত যাতায়াত সুনিশ্চিত…
Read More
বৰাগাঁৱত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

বৰাগাঁৱত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

ৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত আসাম ইনষ্টিটিউট অৱ মেনেজমেণ্ট  কৰ্তৃপক্ষ, স্থানীয় ৰাইজ আৰু লাইফ কেয়াৰৰ  যৌথ উদ্যোগত এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত শিশু , মহিলা  পুৰুষকে ধৰি প্ৰায়  ৩০০ গৰাকী লোকে অংশগ্ৰহণ কৰে। বিশিষ্ট চিকিৎসক ডাঃ তানিশা বৰুৱাৰ তদাৰকাত অনুষ্ঠিত শিৱিৰত উপস্থিত লোকসকলক ৰোগ নিৰাময়, শৰীৰৰ যত্ন, ৰোগৰ লক্ষণ, নিৰোগী হৈ থকাৰ উপায় আদি সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শ প্ৰদান কৰা হয়। শিৱিৰত  বিভিন্ন শাৰীৰিক সমস্যাৰ জটিলতা সম্পৰ্কে পৰীক্ষা কৰাৰ লগতে ৰোগ প্ৰতিৰোধ আৰু সময়মতে চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰতো ৰাইজক সজাগ কৰা হয়।
Read More
মেঘালয়ত প্ৰত্যাহাৰ ‘ষ্টিং এনাৰ্জী ড্ৰিংক’ৰ ওপৰত আৰোপ কৰা সাময়িক নিষেধাজ্ঞা

মেঘালয়ত প্ৰত্যাহাৰ ‘ষ্টিং এনাৰ্জী ড্ৰিংক’ৰ ওপৰত আৰোপ কৰা সাময়িক নিষেধাজ্ঞা

তিনিদিন পূৰ্বে জাৰি কৰা অন্তৱৰ্তীকালীন নিৰ্দেশনা প্ৰত্যাহাৰ কৰি জনপ্ৰিয় ‘ষ্টিং এনাৰ্জী ড্ৰিংক’ৰ বিক্ৰী আৰু বিতৰণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা তৎকালীনভাৱে উঠাই লৈছে মেঘালয়ৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ে। এজন ছাত্ৰৰ মৃত্যুক লৈ এই কেফেইনযুক্ত পানীয়টোৰ সৈতে সন্দেহজনক সম্পৰ্ক থকাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে যোৱা ১৪ আগষ্টত সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাজ্যজুৰি ইয়াৰ মজুতকৰণ আৰু বিক্ৰী বন্ধৰ নিৰ্দেশ দিয়া হৈছিল। খাদ্য সুৰক্ষা আয়ুক্ত ড০ জোৰাম বেদাই জাৰি কৰা নতুন নিৰ্দেশনাত স্পষ্ট কৰে যে ‘ষ্টিং’ পান কৰাৰ ফলতেই ছাত্ৰজনৰ মৃত্যু হৈছিল বুলি কোনো প্ৰমাণ পোৱা হোৱা নাই। লগতে উৎপাদক প্ৰতিষ্ঠানটোৱে খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬ উলংঘা কৰাৰ কোনো তথ্যও তদন্তত পোহৰলৈ অহা নাই। তুৰাত…
Read More
ৰে’লপথত হাতীৰ জাক! সতৰ্কতাৰ বাবে সুৰক্ষিতভাৱে ৰখাই দিয়া হ’ল ৰাজধানী এক্সপ্ৰেছ

ৰে’লপথত হাতীৰ জাক! সতৰ্কতাৰ বাবে সুৰক্ষিতভাৱে ৰখাই দিয়া হ’ল ৰাজধানী এক্সপ্ৰেছ

এক সম্ভাৱ্য ৰে’ল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এটা বিশাল বন্যহস্তীৰ জাক। ৰে’ল কৰ্তৃপক্ষ আৰু বন বিভাগৰ সতৰ্কতামূলক পদক্ষেপৰ বাবে দ্ৰুতবেগী ৰে’লৰ খুন্দাত হতাহত হোৱাৰ পৰা ৰক্ষা পৰে হাতীৰ জাকটো। হোজাই জিলাৰ হাৱাইপুৰত ৰে’লপথ পাৰ হৈ থকা অৱস্থাত এটি হাতীৰ জাকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছখন কিছু সময়ৰ বাবে স্তব্ধ কৰি ৰখা হয়। নগাঁও দক্ষিণ বন সংমণ্ডলৰ লংকা বনাঞ্চলৰ অন্তৰ্গত ১৬৭/৮ কিলোমিটাৰ অংশত হাতীৰ জাকটোৱে ৰে’লপথ অতিক্ৰম কৰাৰ সময়তে এই সিদ্ধান্ত লোৱা হয়। ছ’চিয়েল মিডিয়াত এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, “বন বিভাগৰ বিষয়া-কৰ্মী, ৰে’লৰ লোকো পাইলট আৰু লামডিং ৰে’ল নিয়ন্ত্ৰণ কক্ষৰ সময়োচিত তৎপৰতাৰ বাবেই হাতীৰ…
Read More
উত্তৰ-পূৱলৈ প্ৰতিদিনে ১ লাখ SCM গেছ: খোৰাঘাটৰ পৰা NEGG লৈ সংযোগ কৰিলে ONGC এ

উত্তৰ-পূৱলৈ প্ৰতিদিনে ১ লাখ SCM গেছ: খোৰাঘাটৰ পৰা NEGG লৈ সংযোগ কৰিলে ONGC এ

মঙলবাৰে অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেচন লিমিটেড (ONGC) এ অসমৰ গোলাঘাট জিলাৰ খোৰাঘাট GGS-1 ত গেছ নিষ্কাষণৰ সুবিধা আৰম্ভ কৰিছে। ইয়াৰ ফলত উত্তৰ-পূৱৰ প্ৰাকৃতিক গেছৰ উপলব্ধতা বৃদ্ধি আৰু অঞ্চলটোৰ শক্তি আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ’ল। নতুনকৈ আৰম্ভ হোৱা এই সুবিধাৰ জৰিয়তে আপাৰ অসম শ্বেল্ফৰ পৰা উৎপাদিত উদ্বৃত্ত সহযোগী প্ৰাকৃতিক গেছ প্ৰক্ৰিয়াকৰণ কৰি ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেড (IGGL) এ নিৰ্মাণ কৰা উত্তৰ-পূৱ গেছ গ্ৰীড (NEGG) ৰ জৰিয়তে নিষ্কাষণ কৰিব পৰা যাব। ইয়াৰ লগতে ডেৰগাঁও-ডিমাপুৰ পাইপলাইনো আৰম্ভ কৰা হৈছে, যাৰ ফলত নাগালেণ্ড উত্তৰ-পূৱ গেছ গ্ৰীডৰ লগতে ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ সৈতেও সংযুক্ত হৈছে। ONGC ৰ মতে, এই নতুন…
Read More
২৪ ঘণ্টাৰ ভিতৰত অসম ত্যাগ কৰিব লাগিব বাংলাদেশী মহম্মদ মাছুদক: জিলা উপায়ুক্তৰ আদেশ

২৪ ঘণ্টাৰ ভিতৰত অসম ত্যাগ কৰিব লাগিব বাংলাদেশী মহম্মদ মাছুদক: জিলা উপায়ুক্তৰ আদেশ

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত এজন বাংলাদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ দিছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলা উপায়ুক্তই। ১৯৫০ চনৰ ইমিগ্ৰেণ্টচ্ (এক্সপালচন ফ্ৰম অসম) আইনৰ ২(খ) ধাৰাৰ অধীনত ১৪ আগষ্টত এই বহিষ্কাৰৰ নিৰ্দেশ জাৰি কৰা হয়। নিৰ্দেশত প্ৰায় ২৪ বছৰীয়া মহম্মদ মাছুদ ওৰফে মিষ্টাৰক নিৰ্দেশ প্ৰাপ্তিৰ ২৪ ঘণ্টাৰ ভিতৰত অসম ত্যাগ কৰি দক্ষিণ শালমাৰা-মানকাচৰ/ধুবুৰী পথেৰে সক্ষম কৰ্তৃপক্ষৰ জৰিয়তে বাংলাদেশলৈ আইনসন্মতভাৱে বিতাড়ন বা প্ৰত্যাৱৰ্তনৰ বাবে যাবলৈ কোৱা হৈছে। বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰ গাঁৱৰ বাসিন্দা মাছুদক ২০২৬ চনৰ ১৩ জানুৱাৰীত জৰ্ডাংগা বিঅ’পি অঞ্চলত বিএছএফ জোৱানে অবৈধভাৱে ভাৰত প্ৰৱেশ কৰাৰ অভিযোগত আটক কৰে। পাছত তেওঁক মানকাচৰ…
Read More
লোকসভাৰ ২৫১ জন আৰু ৰাজ্যসভাৰ ৭৫ জন সংসদ সদস্যৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ পঞ্জীয়ন

লোকসভাৰ ২৫১ জন আৰু ৰাজ্যসভাৰ ৭৫ জন সংসদ সদস্যৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ পঞ্জীয়ন

উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক শেহতীয়া প্ৰতিবেদন অনুসৰি দেশৰ ৰাজনীতিৰ অপৰাধীকৰণৰ এক উদ্বেগজনক ছবি পোহৰলৈ আহিছে। সোমবাৰে শীর্ষ আদালতত উত্থাপন কৰা তথ্য অনুসৰি, লোকসভাৰ ৫৪৩ জন সদস্যৰ ভিতৰত ২৫১ জন সদস্যৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে। একেদৰে ৰাজ্যসভাৰ ২৩৩ জন সদস্যৰ ভিতৰত ৭৫ জন সাংসদৰ বিৰুদ্ধেও বিভিন্ন অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে। জনস্বাৰ্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ক সাহায্য কৰিবলৈ আমিকাছ কিউৰী (Amicus Curiae) হিচাপে নিযুক্ত জ্যেষ্ঠ অধিবক্তা বিজয় হংছাৰিয়াই এই শপতনামা দাখিল কৰে 'এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ' (ADR)-ৰ তথ্যৰ ভিত্তিত যুগুত কৰা এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে লোকসভাৰ ২৫১ জন অপৰাধমূলক গোচৰ থকা সাংসদৰ ভিতৰত ১৭০…
Read More
চাৰি মাহত ১০টা গোচৰৰ বিচাৰ; ২২ জনক ফাঁচীৰ নিৰ্দেশ দি চৰ্চাত উত্তৰ প্ৰদেশৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ

চাৰি মাহত ১০টা গোচৰৰ বিচাৰ; ২২ জনক ফাঁচীৰ নিৰ্দেশ দি চৰ্চাত উত্তৰ প্ৰদেশৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ

আইন আৰু ন্যায় ব্যৱস্থাত এক নজিৰবিহীন ক্ষিপ্ৰতা প্ৰদৰ্শন কৰি সৰ্বভাৰতীয় পৰ্যায়ত শিৰোনাম দখল কৰিছে উত্তৰ প্ৰদেশৰ এখন ফাষ্ট ট্ৰেক আদালতে। মুজাফ্ফৰনগৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰৰ আদালতে বিগত মাত্ৰ চাৰিটা মাহত ১০টা জটিল অপৰাধজনিত গোচৰৰ ৰায়দান সম্পূৰ্ণ কৰি ২২ গৰাকী অভিযুক্তক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে ২০২২ চনত বাৰাণসীৰ জ্ঞানবাপী চৌহদৰ ভিডিঅ'গ্ৰাফী জৰীপৰ ঐতিহাসিক নিৰ্দেশ দি দেশজুৰি ব্যাপক চৰ্চালৈ আহিছিল এইগৰাকী ন্যায়াধীশ। লক্ষ্ণৌৰ স্থায়ী বাসিন্দা ৪৬ বছৰীয়া ৰবি কুমাৰ দিবাকৰে ২০০৯ চনত আজমগড়ত অতিৰিক্ত দেৱানী ন্যায়াধীশ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত চুলতানপুৰত সেৱা আগবঢ়োৱাৰ পিছত ২০২৫ চনৰ নৱেম্বৰ মাহৰ পৰা মুজাফ্ফৰনগৰত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ…
Read More