অসম

জাতিৰ পিতা মহাত্মা গান্ধীৰ হস্তলিখিত পাণ্ডুলিপিৰ বিশ্ব অভিলেখ! নিলামত ১৬.২ কোটি টকাত বিক্ৰী ৬৮৮ টা চিন্তা-দৰ্শন

জাতিৰ পিতা মহাত্মা গান্ধীৰ হস্তলিখিত পাণ্ডুলিপিৰ বিশ্ব অভিলেখ! নিলামত ১৬.২ কোটি টকাত বিক্ৰী ৬৮৮ টা চিন্তা-দৰ্শন

মহাত্মা গান্ধীৰ আদৰ্শ, সত্য আৰু অহিংসাৰ বাৰ্তাবাহী এক অমূল্য ঐতিহাসিক নথিয়ে নিলামৰ ইতিহাসত সৃষ্টি কৰিলে এক নজিৰবিহীন বিশ্ব অভিলেখ! মুম্বাইস্থিত প্ৰতিষ্ঠিত নিলাম সংস্থা 'চেফ্ৰনআৰ্ট'ৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ নিলামত জাতিৰ পিতা মহাত্মা গান্ধীৰ হস্তাক্ষৰ সম্বলিত ৬৮৮ টা চিন্তাধাৰাৰ সংকলন অভিলেখসংখ্যক ১৬.২ কোটি টকাত বিক্ৰী হয়। কোনো ভাৰতীয় ঐতিহাসিক নথিৰ নিলামৰ ক্ষেত্ৰত এয়া সৰ্বকালৰ সৰ্বাধিক মূল্য বুলি চিহ্নিত হৈছে। স্বাধীনতা সংগ্ৰামী তথা গান্ধীজীৰ ঘনিষ্ঠ সহযোগী আনন্দ টি হিংগোৰাণীলৈ লিখা এই দৈনন্দিন টোকাসমূহ তেওঁৰ পত্নী বিদ্যাৰ বিয়োগৰ পাছত প্ৰায় দুবছৰ ধৰি প্ৰস্তুত কৰা হৈছিল। পৰৱৰ্তী সময়ত "এ থট ফৰ দ্য ডে’" নামৰ গ্ৰন্থৰূপে সংকলিত হোৱা এই পাণ্ডুলিপিত সত্য, অহিংসা, ব্ৰহ্মচৰ্য, অপৰিগ্ৰহ, নিৰ্ভীকতা,…
Read More
ষ্টাৰ্ডফ্লেক্সৰ উদ্যোগত উজনি অসমৰ ২,০০০ বানপীড়িত পৰিয়াললৈ বান সাহায্য

ষ্টাৰ্ডফ্লেক্সৰ উদ্যোগত উজনি অসমৰ ২,০০০ বানপীড়িত পৰিয়াললৈ বান সাহায্য

শ্যাম ষ্টীল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অন্যতম ব্ৰেণ্ড ষ্টাৰ্ডফ্লেক্স ৱাটাৰপ্ৰুফিং চল্যুচনে উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ২,০০০ বানপীড়িত পৰিয়ালক সহায় কৰিবলৈ সাহায্য অভিযান হাতত লৈছে।কোম্পানীটোৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অংশ হিচাপে এই পদক্ষেপ হাতত লৈছে। এই অভিযান ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু জিলা প্ৰশাসনৰ সহযোগত ৰূপায়ণ কৰা হৈছে। ১৯ আগষ্টত গুৱাহাটী মহানগৰীত এই সাহায্য কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে।শেহতীয়া পৰিস্থিতি আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি শিৱসাগৰ জিলাৰ নিমাইজান গাঁৱৰ পৰা এই সাহায্য বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীয়ে ক্ৰমান্বয়ে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ সামৰি ল’ব।শ্যাম ষ্টীল ইণ্ডাষ্ট্ৰীজ…
Read More
প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু প্ৰাক্তন সাংসদ ডাঃ অৰুণ কুমাৰ শৰ্মাসহ শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ পৰম হিতৈষীক ৰাজহুৱা সম্বৰ্ধনা

প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু প্ৰাক্তন সাংসদ ডাঃ অৰুণ কুমাৰ শৰ্মাসহ শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ পৰম হিতৈষীক ৰাজহুৱা সম্বৰ্ধনা

গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ পৰম হিতৈষীসকলক ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে  ধামৰ নামনিত থকা শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰাংগনত থকা সভাগৃহত এখন বিশেষ সম্বৰ্ধনা অনুষ্ঠান  অনুষ্ঠিত হয়। শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটিৰ সভাপতি কামিনী কান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা , প্ৰাক্তন সাংসদ ডাঃ অৰুণ কুমাৰ শৰ্মাকে ধৰি লংকেশ্বৰ ধামৰ উন্নয়নত সহযোগিতা আগবঢ়োৱা আৰু বাবে বিশেষ ভাবে সেৱা আগবঢ়াই অহা ব্যক্তি সকলক গামোছা আৰু শৰাইৰে বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। আনহাতে ধাম পৰিচালনা কমিটিৰ সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ…
Read More
শ্বিলঙত প্ৰতিবাদী ৰেলীত অসমৰ বাহনৰ ওপৰত আক্ৰমণ! গ্ৰেপ্তাৰ কেএছইউৰ সভাপতিসহ শীৰ্ষ তিনি নেতা

শ্বিলঙত প্ৰতিবাদী ৰেলীত অসমৰ বাহনৰ ওপৰত আক্ৰমণ! গ্ৰেপ্তাৰ কেএছইউৰ সভাপতিসহ শীৰ্ষ তিনি নেতা

মেঘালয়ৰ ৰাজধানী শ্বিলঙত ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি সংঘটিত ব্যাপক হিংসাত্মক ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে খাছী ষ্টুডেণ্টছ ইউনিয়নৰ শীৰ্ষ তিনি নেতাক। বুধবাৰে নিশা শ্বিলং সদৰ আৰক্ষীয়ে জিম্মাত লয় কেএছইউৰ সভাপতি ৰেইমণ্ড খাৰজানা, উপ-সভাপতি পিনকমেনলাং চানমিয়েট আৰু সাধাৰণ সম্পাদক ৰুবেন নাঝিয়াৰক। ৰাজহুৱা সম্পত্তি ধ্বংস, সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ আৰু শান্তি ভংগৰ অভিযোগত ‘ভাৰতীয় ন্যায় সংহিতা, ২০২৩’ৰ অধীনত এই তিনি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে মেঘালয় আৰক্ষীয়ে। সংগঠনটোৰ ৫ দফীয়া দাবী পূৰণৰ দাবীত শ্বিলং মহানগৰীত উলিওৱা ক’লা পতাকা বাইক ৰেলীৰ সময়তে দিনৰ ভাগত সৃষ্টি হয় ভয়ংকৰ তাণ্ডৱৰ। আৰক্ষীৰ তথ্য অনুসৰি, এই হিংসাত্মক কাৰ্যসূচীত প্ৰায় ৩১খন বাহন ভাঙি চূৰমাৰ কৰাৰ লগতে…
Read More
যোৰহাটত যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত মূল অভিযুক্ত অংকিত দাসক গ্ৰেপ্তাৰ; ধৃতৰ সংখ্যা ৪জনলৈ বৃদ্ধি

যোৰহাটত যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত মূল অভিযুক্ত অংকিত দাসক গ্ৰেপ্তাৰ; ধৃতৰ সংখ্যা ৪জনলৈ বৃদ্ধি

যোৰহাট চহৰৰ এটা ফ্লেটত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্যৰ মাজতে আৰক্ষীয়ে জালত পেলালে আন এজন মূল অভিযুক্তক। বৃহস্পতিবাৰে যোৰহাট সদৰ আৰক্ষী থানাৰ এটা দলে মিলন নগৰৰ পৰা আটক কৰে ঘটনাৰ পিছৰে পৰা আত্মগোপন কৰি থকা মচৰহাট নিবাসী অংকিত দাস নামৰ যুৱকজনক। এই গ্ৰেপ্তাৰৰ লগে লগে চাঞ্চল্যকৰ ঘটনাটোত আৰক্ষীৰ জিম্মাত থকা অভিযুক্তৰ সংখ্যা ৪জনলৈ বৃদ্ধি পায়। বাতৰি অনুসৰি, যোৰহাটৰ দহবৰা চুকৰ ‘গৌৰী এনক্লেভ’ নামৰ এপাৰ্টমেণ্টটোৰ বি-২ নম্বৰ ফ্লেটত যোৱা ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনা এক ড্ৰাগছ পাৰ্টীৰ আয়োজন কৰা হৈছিল। মূল অভিযুক্ত আৰিয়ান গোস্বামীৰ মাতৃ ঝৰ্ণা গোস্বামীৰ নামত থকা এই ফ্লেটটোত মাতৃৰ অনুপস্থিতিত এনে নিচাযুক্ত আড্ডা…
Read More
ঘৰত চুৰি কৰিবলৈ গৈ ধৰা পৰাত শিক্ষয়িত্ৰীক ২৭ বাৰ ছুৰীকাঘাত কৰি হত্যা! দশম শ্ৰেণীৰ দুই ছাত্ৰক আটক

ঘৰত চুৰি কৰিবলৈ গৈ ধৰা পৰাত শিক্ষয়িত্ৰীক ২৭ বাৰ ছুৰীকাঘাত কৰি হত্যা! দশম শ্ৰেণীৰ দুই ছাত্ৰক আটক

ঘৰত চুৰি কৰিবলৈ গৈ ধৰা পৰি নিজৰে শিক্ষয়িত্ৰীক নৃশংসভাৱে ছুৰীৰে হানি হত্যা কৰিলে দুই ছাত্ৰই! তেলেংগানাৰ নালগোন্দা জিলাত সংঘটিত হৈছে এই গাৰ নোম শিয়ৰি উঠা চাঞ্চল্যকৰ ঘটনা। যোৱা ১১ আগষ্টত সংঘটিত ৰূপা ৰেড্ডী নামৰ এগৰাকী ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষাৰ এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত চলাই অৱশেষত আৰক্ষীয়ে একেখন বিদ্যালয়ৰে দশম শ্ৰেণীৰ দুই ছাত্ৰক আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, নিজ বাসগৃহৰ ভিতৰতে উদ্ধাৰ হৈছিল অধ্যক্ষা ৰূপা ৰেড্ডীৰ ৰক্তাক্ত মৃতদেহ। আৰক্ষীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, তেওঁৰ দেহত মুঠ ২৭ টাকৈ গভীৰ ছুৰীকাঘাতৰ স্পষ্ট চিন পোৱা গৈছিল। হত্যাকাণ্ডৰ কোনো প্ৰত্যক্ষদৰ্শী নথকাৰ বাবে প্ৰথম অৱস্থাত এয়া এক ডকাইতি বুলি অনুমান কৰা হয় যদিও অধ্যক্ষাৰ শেষৰটো…
Read More
দিল্লী বিমান বন্দৰত উত্তৰ-পূবমুখী দুই যাত্ৰীৰ পৰা জব্দ প্ৰায় ৬৯ লাখ টকা

দিল্লী বিমান বন্দৰত উত্তৰ-পূবমুখী দুই যাত্ৰীৰ পৰা জব্দ প্ৰায় ৬৯ লাখ টকা

দেশৰ ব্যস্ততম বিমান বন্দৰত তালাচী চলাই উদ্ধাৰ কৰা হ’ল বিপুল পৰিমাণৰ নগদ ধন। নিয়মীয়া নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে চলোৱা এক অভিযানত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ৬৮ লাখ ৫৩ হাজাৰ ৫০০ টকা নগদ ধনসহ দুজন যাত্ৰীক আটক কৰে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী চমুকৈ চিআইএছএফৰ এটা দলে। বিমান বন্দৰৰ ‘ৰেণ্ডম এক্স-বিআইএছ’ ইউনিটত নিয়োজিত জোৱানসকলে এজন যাত্ৰীৰ অস্বাভাৱিক চাল-চলন প্ৰত্যক্ষ কৰি সন্দেহ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত চিচিটিভি ফুটেজ তন্নতন্নকৈ পৰীক্ষা কৰি তেওঁৰ সৈতে থকা আন এজন সহযাত্ৰীকো চিনাক্ত কৰে নিৰাপত্তাৰক্ষীয়ে। আটকাধীন যাত্ৰী দুগৰাকী বিমানযোগে গুৱাহাটী হৈ আগৰতলা অভিমুখে যাত্ৰা কৰাৰ কথা আছিল। বেগ পৰীক্ষাৰ অন্তত তেওঁলোকৰ পৰা ৬৮.৫৩ লাখ টকাৰ…
Read More
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পুৰুষ বাঘ ধৰা পৰিল

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পুৰুষ বাঘ ধৰা পৰিল

পৰিবেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ১৯ আগষ্টত কয় যে অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত এটা পুৰুষ বাঘ কেমেৰা-ট্ৰেপত ধৰা পৰিছে। ইয়াৰ ফলত অঞ্চলটোৰ বৰ্ষাৰণ্য পৰিৱেশত বৃহৎ বন্যপ্ৰাণীটোৰ উপস্থিতি নিশ্চিত হৈছে।জুলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া (ZSI) য়ে ডিগবৈ বন বিভাগৰ অন্তৰ্গত মাৰ্ঘেৰিটা পশ্চিম বনাঞ্চলৰ সহযোগত চলোৱা কেমেৰা-ট্ৰেপ জৰিপৰ সময়ত বাঘটোক ধৰা পৰে।ইয়াৰ পূৰ্বে বন বিষয়াসকলে অঞ্চলটোত বাঘৰ বুলি বিশ্বাস কৰা ভৰিৰ ছাপ দেখিছিল। এতিয়া কেমেৰা-ট্ৰেপৰ ফটোখনে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত বাঘৰ উপস্থিতিৰ বৈজ্ঞানিক প্ৰমাণ দিলে।মল্ল বৰুৱাই কয় যে এই আৱিষ্কাৰে বন বিষয়া আৰু প্ৰান্তীয় কৰ্মচাৰীসকলৰ অবিৰত টহল, নিৰীক্ষণ আৰু নজৰদাৰিৰ ফলাফলক প্ৰতিফলিত কৰিছে।অসমৰ গুৰুত্বপূৰ্ণ বৰ্ষাৰণ্য বাসস্থানসমূহৰ ভিতৰত অন্যতম দিহিং পাটকাইৰ বাবে…
Read More
যুৱ নেতৃত্ব আৰু গণতান্ত্ৰিক অংশগ্ৰহণক উৎসাহ দিবলৈ অসমত SOIMUN 2026 উদ্বোধন

যুৱ নেতৃত্ব আৰু গণতান্ত্ৰিক অংশগ্ৰহণক উৎসাহ দিবলৈ অসমত SOIMUN 2026 উদ্বোধন

স্কোৱাৰ ৱান ইণ্টাৰনেচনেল মডেল ৰাষ্ট্ৰসংঘৰ (SOIMUN) ২০২৬ চনৰ উদ্বোধনী অনুষ্ঠান অসমত অনুষ্ঠিত হয়। যুৱক-যুৱতীসকলক ৰাজহুৱা কূটনীতি, নেতৃত্ব আৰু নীতি-নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে পৰিচিত কৰোৱাই আছিল এই অনুষ্ঠানৰ মূল উদ্দেশ্য। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৫০ ৰো অধিক যুৱ প্ৰতিনিধিয়ে দুদিনীয়া এই সন্মিলনত অংশগ্ৰহণ কৰে। অসম বিধানসভাত অনুষ্ঠিত এই কাৰ্যসূচীয়ে অংশগ্ৰহণকাৰীসকলক সংলাপ আৰু ঐকমত্য গঠন, সমালোচনাত্মক চিন্তা, বৈশ্বিক সজাগতা আৰু সহযোগিতামূলক সমস্যা সমাধানৰ দক্ষতা বিকাশৰ এক মঞ্চ প্ৰদান কৰে। ৰাষ্ট্ৰসংঘৰ কাৰ্যপ্ৰণালীৰ আৰ্হিত অনুষ্ঠিত SOIMUN 2026 ত শিক্ষা সংস্কাৰ, ৰাজহুৱা পৰীক্ষা আইন, মৌলিক অধিকাৰ আৰু স্বাধীনতা আদি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোচনা হয়। প্ৰতিনিধিসকলে বিভিন্ন দেশ আৰু অংশীদাৰৰ প্ৰতিনিধিত্ব কৰি গঠনমূলক…
Read More
গেটৱে’ৰ সমীপত ফেৰীৰ পৰা নদীত পৰা মহিলাক ২.৫ কিলোমিটাৰ নামনিত উদ্ধাৰ NDRF-এ

গেটৱে’ৰ সমীপত ফেৰীৰ পৰা নদীত পৰা মহিলাক ২.৫ কিলোমিটাৰ নামনিত উদ্ধাৰ NDRF-এ

এক শ্বাসৰুদ্ধকৰ অভিযানেৰে ব্ৰহ্মপুত্ৰৰ উত্তাল জলৰাশিত উটি যোৱা এগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ (এনডিআৰএফ) জোৱান। ‘গেটৱে’ অৱ গুৱাহাটী’ৰ সমীপত ফেৰীৰ পৰা হঠাতে নদীৰ গভীৰ পানীত পৰি যোৱা ৫৭ বছৰীয়া মহিলাগৰাকীক প্ৰায় ২.৫ কিলোমিটাৰ নামনিত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাহিনীটো। বুধবাৰে পুৱা প্ৰায় ১১:০৫ বজাত ফেৰীৰ পৰা এগৰাকী যাত্ৰী ব্ৰহ্মপুত্ৰৰ বুকুত পৰি যোৱাৰ খবৰ লাভ কৰে প্ৰথম বেটেলিয়ন এনডিআৰএফে। তথ্য পোৱাৰ লগে লগে উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ড ঘাটত নিয়োজিত ‘ছাব-টীম ১-এল’-ৰ এটা দল পৰিদৰ্শক অনুৰাগ কুমাৰ সিঙৰ নেতৃত্বত অত্যাধুনিক উদ্ধাৰকাৰী সঁজুলিসহ তৎপৰ হৈ পৰে। তীব্ৰ জলস্ৰোত আৰু প্ৰতিকূল পৰিস্থিতিক নেওচি উদ্ধাৰকাৰী দলটোৱে পুৱা প্ৰায় ১১:৪৫…
Read More