অসম

নিৰাপত্তাহীনতাৰ অচিলা লৈ মেঘালয়লৈ পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছ সৰবৰাহ বন্ধ এনইপিএমইউৰ; ৰাজধানী শ্বিলঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

নিৰাপত্তাহীনতাৰ অচিলা লৈ মেঘালয়লৈ পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছ সৰবৰাহ বন্ধ এনইপিএমইউৰ; ৰাজধানী শ্বিলঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

মেঘালয়ত অসমৰ বাহন আৰু চালকসকলৰ ওপৰত চলি থকা নিৰ্যাতনৰ প্ৰতিবাদত চুবুৰীয়া ৰাজ্যখনলৈ পেট্ৰ'ল, ডিজেল আৰু এলপিজি কঢ়িওৱা সকলো ধৰণৰ বাহনৰ চলাচল অনিৰ্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰিছে উত্তৰ-পূব পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নে। মেঘালয় চৰকাৰে অসমৰ পঞ্জীয়নভুক্ত বাণিজ্যিক তথা পৰ্যটন বাহনসমূহৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত নকৰালৈকে এই সিদ্ধান্ত বাহাল থাকিব বুলি শুকুৰবাৰে স্পষ্ট কৰি দিয়ে শ্ৰমিক সংগঠনটোৱে। সংগঠনটোৰ সাধাৰণ সম্পাদক ৰমেন ডেকাই জনোৱা অনুসৰি, মেঘালয়ৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত পেট্ৰ'লিয়ামজাত সামগ্ৰী উঠোৱা আৰু নমাোৱা কাৰ্যও সম্পূৰ্ণৰূপে স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰি সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "যিহেতু পেট্ৰ'লিয়ামজাত সামগ্ৰীসমূহ অত্যন্ত দাহ্য পদাৰ্থ, গতিকে বাহন আৰু চালকসকলৰ নিৰাপত্তাৰ…
Read More
শ্বিলঙত প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপৰ মাজতো যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ! ই-বাছৰ চালক-পৰিচালকক নগদ ধনসহ বিশেষ সম্বৰ্ধনা

শ্বিলঙত প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপৰ মাজতো যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ! ই-বাছৰ চালক-পৰিচালকক নগদ ধনসহ বিশেষ সম্বৰ্ধনা

উত্তপ্ত পৰিস্থিতি আৰু আক্ৰমণৰ মুখামুখি হৈও অসীম সাহস আৰু উপস্থিত বুদ্ধিৰে বহু যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিলে এখন চৰকাৰী বাছৰ চালক আৰু পৰিচালকে। শ্বিলং চহৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ সময়ত শিলগুটি নিক্ষেপকাৰী দুৰ্বৃত্তৰ পৰা যাত্ৰীসকলক অক্ষত অৱস্থাত উদ্ধাৰ কৰা এই নিদৰ্শনমূলক কাৰ্যৰ বাবে ‘কা বচ জং ঙী’ (এমএল ০৫ এএইচ ৫০৪৫) নামৰ বৈদ্যুতিক বাছখনৰ চালক ফুলমুনৱেল লিংডো আৰু পৰিচালক বানমানভা মাৰৱিনক শুকুৰবাৰে নগৰ পৰিক্ৰমা বিভাগে বিশেষভাৱে সম্বৰ্ধনা জনায়। বিভাগে দুয়োগৰাকী কৰ্মচাৰীক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰাৰ লগতে নগদ ১০ হাজাৰকৈ টকাৰ পুৰস্কাৰ আগবঢ়ায়। উল্লেখ্য যে, যোৱা ১৯ আগষ্টৰ বিয়লি প্ৰায় ৬ বজাত এয়াৰ ফৰ্চৰ পৰা আইআইএম অভিমুখে যাত্ৰী লৈ গৈ থকা অৱস্থাত…
Read More
গুৱাহাটীৰ খোৱাপানী প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী কৌশিক ৰায়ৰ

গুৱাহাটীৰ খোৱাপানী প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী কৌশিক ৰায়ৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী জল ব’ৰ্ডে ৰূপায়ণ কৰি থকা উত্তৰ গুৱাহাটী আৰু দক্ষিণ-পশ্চিম গুৱাহাটী খোৱাপানী প্ৰকল্প পৰিদৰ্শন কৰি প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয় আৰু সময়মতে সম্পূৰ্ণ কৰাত প্ৰভাৱ পেলোৱা প্ৰত্যাহ্বানসমূহৰ পৰ্যালোচনা কৰে। উত্তৰ গুৱাহাটী খোৱাপানী প্ৰকল্পত পুৱাৰ ভাগত কৰা পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে বিষয়াসকলৰ সৈতে প্ৰকল্পৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে। গুৱাহাটী জল ব’ৰ্ডৰ পৰিচালন সঞ্চালক ৰোহন কুমাৰ ঝাই মন্ত্ৰীক জনায় যে প্ৰকল্পটো কমিচনিঙৰ ওচৰত। পাঁচটা ডিষ্ট্ৰিক্ট মিটাৰ্ড এৰিয়া (DMA)ৰ ভিতৰত তিনিটা DMAৰ ফ্লাছিং আৰু ট্ৰায়েল ৰাণ সম্পূৰ্ণ হৈছে। বিতৰণ জলাধাৰৰ পাদদেশত ঢাল সুৰক্ষা আৰু আনুষংগিক সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত IIT গুৱাহাটীৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভৰ পাছত…
Read More
হাটশিঙিমাৰী, বৰাক, গুৱাহাটীত ড্ৰাগছ বিৰোধী অভিযান, ৮ জনক আটক

হাটশিঙিমাৰী, বৰাক, গুৱাহাটীত ড্ৰাগছ বিৰোধী অভিযান, ৮ জনক আটক

অসম আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে ৰাজ্যজুৰি পৃথক অভিযান চলাই অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে, যাৰ ফলত কেইবাজনো সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰু মাদক দ্ৰব্য জব্দ কৰা হৈছে। খাৰুৱাবান্ধা আৰক্ষীয়ে হাটশিঙিমাৰীত ড্ৰাগছ বিৰোধী অভিযান চলাই নুৰুল আচিদ নামৰ এজন সন্দেহযুক্ত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে তেওঁৰ পৰা ১৬১ টা সন্দেহযুক্ত নিচাযুক্ত টেবলেট আৰু এটা কাহৰ চিৰাপৰ বটল উদ্ধাৰ কৰা হৈছে। তেওঁক জিম্মাত লোৱা হৈছে আৰু জব্দকৃত সামগ্ৰীৰ উৎস বিচাৰি আৰু এই সৰবৰাহ নেটৱৰ্কত আন কোন জড়িত আছে তাক জানিবলৈ তদন্ত চলি আছে। আন এক বৃহৎ অভিযানত বৰাক অঞ্চলত ৩৯ অসম ৰাইফলছ, ২০ বেটেলিয়ন CRPF আৰু বৰবেকৰা থানাৰ যুটীয়া দলে…
Read More
লখিমপুৰৰ ফটিপুৰ লাওগাওঁবস্তিত হাবিজুল ইছলামৰ বিৰুদ্ধে তৃতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হোৱাৰ অভিযোগ দ্বিতীয় পত্নীৰ ; অসম ৰাজ্যিক মহিলা আয়োগত অভিযোগ দাখিল

লখিমপুৰৰ ফটিপুৰ লাওগাওঁবস্তিত হাবিজুল ইছলামৰ বিৰুদ্ধে তৃতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হোৱাৰ অভিযোগ দ্বিতীয় পত্নীৰ ; অসম ৰাজ্যিক মহিলা আয়োগত অভিযোগ দাখিল

অসম চৰকাৰে বহু বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত আইন বলবৎ কৰাৰ পাছতো এই আইনক ভ্ৰুক্ষেপ কৰা নাই একাংশ লোকে । আনকি দুই এঠাইত কোনো কোনোৱে এজনী , দুজনী নহয় তিনীজনীলৈকেও বিয়া কৰোৱা বুলি অভিযোগ উত্থাপিত হৈছে। এইবাৰ এনে এটা অভিযোগ উত্থাপিত হৈছে লখিমপুৰ জিলাৰ বঙালমাৰা থানাৰ অন্তৰ্গত ফটিপুৰ লাওগাওঁবস্তিৰ  পেছাত ব্যৱসায়ী হাবিজুল ইছলাম নামৰ এজন লোকৰ বিৰুদ্ধে প্ৰথম আৰু দ্বিতীয় পত্নী থকাৰ পাছতো তৃতীয়বাৰৰ বাবে পুনৰ বিবাহ পাশত আৱদ্ধ হোৱা বুলি অভিযোগ কৰিছে দ্বিতীয় পত্নী ফাৰহা বেগমে । ইতিমধ্যে দ্বিতীয় পত্নী ফাৰহা বেগমে ন্যায় বিচাৰি অসম ৰাজ্যিক মহিলা আয়োগত  হাবিজুল ইছলামৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল…
Read More
ৰাষ্ট্ৰবাদৰ নামত চকুলো টোকা সকলেই যুৱপ্ৰজন্মৰ ডাঙৰ শত্ৰুঃ মল্লিকাৰ্জুন খাৰ্গে

ৰাষ্ট্ৰবাদৰ নামত চকুলো টোকা সকলেই যুৱপ্ৰজন্মৰ ডাঙৰ শত্ৰুঃ মল্লিকাৰ্জুন খাৰ্গে

যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু গৃহ মন্ত্ৰ্যালয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। গণতান্ত্ৰিকভাৱে অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা নিৰীহ শিক্ষাৰ্থীসকলৰ ওপৰত চৰকাৰে চলোৱা বৰ্বৰ দমন-পীড়নক সমালোচনা কৰি খাৰ্গেয়ে শাসকীয় পক্ষৰ ৰাষ্ট্ৰবাদী স্থিতিক তীব্ৰ প্ৰশ্নবাণেৰে থকা-সৰকা কৰে। সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে কয়, “ৰাষ্ট্ৰবাদক লৈ ঘঁৰিয়ালৰ চকুপানী টোকা লোকসকল প্ৰকৃততে দেশৰ যুৱ প্ৰজন্মৰ আটাইতকৈ ডাঙৰ শত্ৰু। ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা কৰা হ’ল, পেলেট গান চলোৱা হ’ল, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়ালৈকে এটাও শব্দ উচ্চাৰণ নকৰিলে আৰু গৃহমন্ত্ৰীয়েও নিজৰ দায়িত্বৰ পৰা পলাই ফুৰিছে। অমিত শ্বাহে আচলতে কি…
Read More
যন্তৰ-মন্তৰত প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত পেলেট গান ব্যৱহাৰৰ অভিযোগ! ভুক্তভোগীৰ সৈতে থানাত ৰাহুল গান্ধীৰ ধৰ্ণা

যন্তৰ-মন্তৰত প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত পেলেট গান ব্যৱহাৰৰ অভিযোগ! ভুক্তভোগীৰ সৈতে থানাত ৰাহুল গান্ধীৰ ধৰ্ণা

নতুন দিল্লীৰ যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক উত্তেজনাময় পৰিৱেশ। এই ঘটনাত ৰেপিড একশ্যন ফ’ৰ্চৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ মাজতে বুধবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ভুক্তভোগী শিক্ষাৰ্থীসকলক লগত লৈ নতুন দিল্লীৰ পাৰ্লিয়ামেন্ট ষ্ট্ৰীট আৰক্ষী থানাত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তদন্তৰ অগ্ৰগতি আৰু দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাহুল গান্ধীয়ে আৰক্ষী থানাৰ সন্মুখতে দলীয় নেতা-কৰ্মী আৰু ভুক্তভোগীৰ পৰিয়ালৰ সৈতে ধৰ্ণাত বহে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতিবাদৰ সময়ত গুৰুতৰভাৱে আহত হোৱা ১৯ বছৰীয়া ছাত্ৰ চাহিল লোচবে নিজৰ অধিবক্তা আৰু পৰিয়ালৰ সৈতে পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে আনুষ্ঠানিক এজাহাৰ দাখিল কৰিবলৈ…
Read More
হিন্দু-মুছলিম মানসিকতাৰ পৰা ওলাই আহকঃ ‘বন্দে মাতৰম’ক লৈ শৰ্মিলা ঠাকুৰৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কংগনা ৰানাৱটৰ

হিন্দু-মুছলিম মানসিকতাৰ পৰা ওলাই আহকঃ ‘বন্দে মাতৰম’ক লৈ শৰ্মিলা ঠাকুৰৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কংগনা ৰানাৱটৰ

ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম' গোৱাক কেন্দ্ৰ কৰি চলি থকা দেশজোৰা বিতৰ্কৰ মাজতে প্ৰবীণ চলচ্চিত্ৰ অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ বক্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাৱট। বৃহস্পতিবাৰে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনাই প্ৰবীণ অভিনেত্ৰীগৰাকীক 'হিন্দু-মুছলিম মানসিকতা'ৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়। ৮১ বছৰীয়া শৰ্মিলা ঠাকুৰে শেহতীয়াকৈ এক সাক্ষাৎকাৰত 'বন্দে মাতৰম'ৰ কেৱল প্ৰথম দুটা স্তৱকহে গোৱা উচিত বুলি মন্তব্য কৰিছিল। তেওঁ দাবী কৰিছিল যে পৰৱৰ্তী স্তৱকসমূহত থকা হিন্দু দেৱ-দেৱীৰ উল্লেখে এক ঈশ্বৰবাদী লোকসকলৰ বিশ্বাসত বাধাৰ সৃষ্টি কৰিব পাৰে। শৰ্মিলা ঠাকুৰৰ এই সাক্ষাৎকাৰৰ অংশ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কংগনা ৰানাৱটে কয় যে তেওঁ জ্যেষ্ঠ অভিনেত্ৰীগৰাকীৰ বক্তব্যক সন্মান কৰে যদিও এগৰাকী শিল্পী…
Read More
বিদ্যালয়ৰ দুৰৱস্থা পৰিদৰ্শন কৰিবলৈ গৈ ৰাজস্থানত আক্ৰমণৰ সন্মুখীন চিজেপি কৰ্মী! শিক্ষামন্ত্ৰীক ৪৮ ঘণ্টাৰ আল্টিমেটাম

বিদ্যালয়ৰ দুৰৱস্থা পৰিদৰ্শন কৰিবলৈ গৈ ৰাজস্থানত আক্ৰমণৰ সন্মুখীন চিজেপি কৰ্মী! শিক্ষামন্ত্ৰীক ৪৮ ঘণ্টাৰ আল্টিমেটাম

ৰাজহুৱা বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা পৰিদৰ্শন কৰিবলৈ গৈ ৰাজস্থানৰ জয়পুৰত দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণৰ সন্মুখীন হ’ল ‘ককৰোচ জনতা পাৰ্টী’ৰ কৰ্মী-সমৰ্থক। জয়পুৰৰ বগৰু অঞ্চলৰ অন্তৰ্গত ৰামপুৰা কঁৱৰপুৰাত দলটোৰ প্ৰতিনিধি দলটোক স্থানীয় লোক আৰু একাংশ দুৰ্বৃত্তই খেদি খেদি প্ৰহাৰ কৰাৰ লগতে বাহনসমূহত ব্যাপক আক্ৰমণ চলায়। আনহাতে, শাসকীয় দল বিজেপিৰ আশীৰ্বাদপুষ্ট দুৰ্বৃত্তইহে এই আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে চিজেপিৰ সহ-আহ্বায়ক আশুতোষ ৰাংকাই। ঘটনাক কেন্দ্ৰ কৰি দলটোৰ সহ-আহ্বায়ক আশুতোষ ৰাংকাই প্ৰত্যক্ষ অভিযোগ উত্থাপন কৰি কয়, "আমি ৰামপুৰা কঁৱৰপুৰাৰ বিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ গৈছিলোঁ। বিগত কেইবাবছৰ ধৰি সেই বিদ্যালয়খন ম’হৰ গোহালিত চলি আছে। আমি যোৱাৰ পূৰ্বেই তাত বিজেপিৰ গুণ্ডা উপস্থিত আছিল আৰু আমাৰ স্বেচ্ছাসেৱকসকলক মাৰপিট কৰে।…
Read More
শ্বিলঙৰ তাণ্ডৱৰ পিছতে কেএছইউৰ শীৰ্ষ তিনি নেতাক গাৰো পাহাৰৰ কাৰাগাৰলৈ প্ৰেৰণৰ যোজা; অতিৰিক্ত অৰ্ধসামৰিক বাহিনী মোতায়েন

শ্বিলঙৰ তাণ্ডৱৰ পিছতে কেএছইউৰ শীৰ্ষ তিনি নেতাক গাৰো পাহাৰৰ কাৰাগাৰলৈ প্ৰেৰণৰ যোজা; অতিৰিক্ত অৰ্ধসামৰিক বাহিনী মোতায়েন

শ্বিলং মহানগৰীত সৃষ্টি কৰা ব্যাপক হিংসাত্মক পৰিস্থিতিৰ পিছতেই গ্ৰেপ্তাৰ হোৱা খাছী ষ্টুডেণ্টছ ইউনিয়নৰ শীৰ্ষ তিনি নেতাক অনা-খাছী অধ্যুষিত গাৰো পাহাৰ জিলাৰ কাৰাগাৰলৈ প্ৰেৰণৰ যোজা চলাইছে মেঘালয় প্ৰশাসনে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত শুকুৰবাৰে পুৱা কেএছইউৰ উপ-সভাপতি পিনকমেনলাং চানমিয়েট আৰু সাধাৰণ সম্পাদক ৰুবেন নাঝিয়াৰক তুৰা কাৰাগাৰলৈ আৰু সভাপতি ৰেইমণ্ড খাৰজানাক ৱিলিয়ামনগৰ কাৰাগাৰলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৃহস্পতিবাৰে শ্বিলং জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে তিনিওগৰাকী ছাত্ৰ নেতাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, ৫ দফীয়া দাবীৰ সময়সীমা উকলি যোৱাৰ পিছত ছাত্ৰ সংগঠনটোৱে শ্বিলঙত উলিওৱা বাইক ৰেলীৰ সময়তে বুধবাৰে বিয়লি ভয়ংকৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল। পূব…
Read More