ৰাষ্ট্ৰবাদৰ নামত চকুলো টোকা সকলেই যুৱপ্ৰজন্মৰ ডাঙৰ শত্ৰুঃ মল্লিকাৰ্জুন খাৰ্গে

যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু গৃহ মন্ত্ৰ্যালয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। গণতান্ত্ৰিকভাৱে অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা নিৰীহ শিক্ষাৰ্থীসকলৰ ওপৰত চৰকাৰে চলোৱা বৰ্বৰ দমন-পীড়নক সমালোচনা কৰি খাৰ্গেয়ে শাসকীয় পক্ষৰ ৰাষ্ট্ৰবাদী স্থিতিক তীব্ৰ প্ৰশ্নবাণেৰে থকা-সৰকা কৰে।

সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে কয়, “ৰাষ্ট্ৰবাদক লৈ ঘঁৰিয়ালৰ চকুপানী টোকা লোকসকল প্ৰকৃততে দেশৰ যুৱ প্ৰজন্মৰ আটাইতকৈ ডাঙৰ শত্ৰু। ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা কৰা হ’ল, পেলেট গান চলোৱা হ’ল, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়ালৈকে এটাও শব্দ উচ্চাৰণ নকৰিলে আৰু গৃহমন্ত্ৰীয়েও নিজৰ দায়িত্বৰ পৰা পলাই ফুৰিছে। অমিত শ্বাহে আচলতে কি লুকুৱাব বিচাৰিছে?”

উল্লেখ্য যে যোৱা ২০ জুলাইত চিজেপিৰ প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ বৰ্বৰ আক্ৰমণৰ বলি হৈ ১৯ বছৰীয়া ছাত্ৰ চাহিল লোচবে এটা চকুৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছিল। এই ঘটনাৰ তদন্ত আৰু আৰক্ষীৰ বিৰুদ্ধে আইনী পদক্ষেপৰ দাবীত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ভুক্তভোগী ছাত্ৰ আৰু তেওঁৰ পৰিয়ালক লগত লৈ নতুন দিল্লীৰ পাৰ্লিয়ামেন্ট ষ্ট্ৰীট থানাত উপস্থিত হৈ ধৰ্ণাত বহে। পাছত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও থানাত উপস্থিত হৈ ভুক্তভোগীসকলৰ প্ৰতি সমৰ্থন আগবঢ়ায়।

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত পেলেট গান আৰু জলকামান প্ৰয়োগৰ বিষয়ে সংসদৰ বাৰিষাকালীন অধিৱেশনতো শাসক আৰু বিৰোধীৰ মাজত প্ৰচণ্ড বাদানুবাদৰ সৃষ্টি কৰিছিল। গৃহমন্ত্ৰী অমিত শ্বাহে এই সমগ্ৰ ঘটনাত নিজৰ উত্তৰদায়িত্ব স্বীকাৰ কৰাৰ পৰা আঁতৰি থকা বুলি বিৰোধীয়ে অভিযোগ তুলিছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এই শেহতীয়া আক্ৰমণে পেলেট গান বিতৰ্কত কেন্দ্ৰীয় চৰকাৰক অধিক অস্বস্তিত পেলাইছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *