আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফে আগবঢ়াইছে ভেল্যু-প্লাছ-মমেণ্টাম ইণ্ডেক্স ফাণ্ড

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে মুকলি কৰিছে বিএছই ৫০০ মমেণ্টাম ভেল্যু ৫০ ইণ্ডেক্স ফাণ্ড। এই পুঁজি হৈছে এক নতুন ভেল্যু-প্লাছ-মমেণ্টাম বিনিয়োগৰ বিকল্প, যাৰ জৰিয়তে গ্ৰাহকসকলক নিৰ্বাচিত ইউএলপি-ৰ মাধ্যমেৰে দীৰ্ঘম্যাদী ইকুইটিৰ সুযোগ লাভৰ সুবিধা প্ৰদান কৰা হ’ব। এই ফাণ্ডে এক নিয়ম-আধাৰিত বিনিয়োগ কৌশলৰ জৰিয়তে বিএছই ৫০০ জগতৰ পৰা নিৰ্বাচিত ৫০টা কোম্পানীৰ এক বৈচিত্ৰ্যপূৰ্ণ গোটত বিনিয়োগৰ সুযোগ প্ৰদান কৰিব। ই আকৰ্ষণীয় মূল্যায়ন আৰু ইতিবাচক মূল্যৰ গতিশীলতাক একত্ৰিত কৰে। বজাৰৰ পৰিৱৰ্তনশীল মূল্যায়ন তথা ট্ৰেণ্ডৰ সৈতে খাপ খুৱাবলৈ প্ৰতি ত্ৰৈমাসিকত ইয়াৰ পৰ্যালোচনা কৰা হ’ব।

এই নতুন ফাণ্ডটো মুকলিৰ বিষয়ে আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ মুখ্য বিনিয়োগ বিষয়া মনীষ কুমাৰে কয় যে, “বিএছই ৫০০ মমেণ্টাম ভেল্যু ৫০ ইণ্ডেক্স ফাণ্ড গ্ৰাহকসকলক এক শৃংখলাবদ্ধ আৰু স্বচ্ছ বিনিয়োগ কৌশলৰ সুবিধা প্ৰদান কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে, যিয়ে বিনিয়োগৰ দুটা গুৰুত্বপূৰ্ণ কাৰক— মূল্য আৰু গতিশীলতাক একত্ৰিত কৰিছে।” তেওঁ লগতে কয়, “এই ৰণকৌশলে এটা প্ৰণালীবদ্ধ পদ্ধতি অনুসৰণ কৰে আৰু প্ৰতি তিনি মাহত ইয়াৰ পৰ্যালোচনা কৰা হয়, যাৰ ফলত বজাৰৰ পৰিৱৰ্তনশীল মূল্যায়ন আৰু ট্ৰেণ্ডৰ সৈতে পোৰ্টফলিঅ’ বিকশিত হ’বলৈ সুবিধা পায়। আমি বিশ্বাস কৰোঁ যে এই পদ্ধতিতে বিনিয়োগৰ শৃংখলা বজাই ৰাখিও গ্ৰাহকসকলক দীৰ্ঘম্যাদী ইকুইটি বৃদ্ধিত অংশগ্ৰহণৰ এক সুকীয়া পথ প্ৰদান কৰিব পাৰিব।”

এই ফাণ্ডে আইচিআইচিআই প্ৰু বিএছই ৫০০ মমেণ্টাম ভেল্যু ৫০ কাষ্টমাইজড ইণ্ডেক্স অনুসৰণ কৰিব আৰু ইয়াক নিৰ্বাচিত ইউএলআইপি-ৰ জৰিয়তে উপলব্ধ কৰোৱা হ’ব। ২০২৬ চনৰ ৩০ জুনলৈকে কোম্পানীটোৰ পৰিচালনাধীন সম্পদ আছিল ৩.৩৪ লাখ কোটি টকা আৰু ইয়াৰ আৰম্ভণিৰে পৰা কোনো ধৰণৰ অনা-কাৰ্যক্ষম সম্পদ নাই বুলি কোম্পানীটোৱে প্ৰতিবেদনত উল্লেখ কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *