যন্তৰ-মন্তৰত প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত পেলেট গান ব্যৱহাৰৰ অভিযোগ! ভুক্তভোগীৰ সৈতে থানাত ৰাহুল গান্ধীৰ ধৰ্ণা

নতুন দিল্লীৰ যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক উত্তেজনাময় পৰিৱেশ। এই ঘটনাত ৰেপিড একশ্যন ফ’ৰ্চৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ মাজতে বুধবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ভুক্তভোগী শিক্ষাৰ্থীসকলক লগত লৈ নতুন দিল্লীৰ পাৰ্লিয়ামেন্ট ষ্ট্ৰীট আৰক্ষী থানাত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তদন্তৰ অগ্ৰগতি আৰু দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাহুল গান্ধীয়ে আৰক্ষী থানাৰ সন্মুখতে দলীয় নেতা-কৰ্মী আৰু ভুক্তভোগীৰ পৰিয়ালৰ সৈতে ধৰ্ণাত বহে।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতিবাদৰ সময়ত গুৰুতৰভাৱে আহত হোৱা ১৯ বছৰীয়া ছাত্ৰ চাহিল লোচবে নিজৰ অধিবক্তা আৰু পৰিয়ালৰ সৈতে পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে আনুষ্ঠানিক এজাহাৰ দাখিল কৰিবলৈ পাৰ্লিয়ামেন্ট ষ্ট্ৰীট থানালৈ যায়। ঘটনাৰ খবৰ পাই ৰাহুল গান্ধীয়ে তাত উপস্থিত হৈ আৰক্ষী উপায়ুক্ত শচীন শৰ্মাক সাক্ষাৎ কৰে আৰু এই ঘটনাৰ তদন্ত কিয় স্তব্ধ হৈ পৰিছে, তাক লৈ প্ৰশ্ন কৰে। পাছত কংগ্ৰেছ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা গান্ধীও থানাত উপস্থিত হৈ ভুক্তভোগী ছাত্ৰ আৰু পৰিয়ালক সাক্ষাৎ কৰি সমৰ্থন আগবঢ়ায়।

ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰি কয় যে পেলেট গানৰ আঘাতৰ ফলত যুৱ ছাত্ৰ চাহিল লোচবৰ এটা চকুৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰাই গৈছে আৰু তেওঁ গুৰুতৰ শাৰীৰিক যন্ত্ৰণাত ভুগি আছে। শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত এনে মাৰাত্মক অস্ত্ৰ প্ৰয়োগ কৰাটো চৰকাৰৰ চূড়ান্ত দমনমূলক নীতি বুলি তেওঁ অভিহিত কৰে। এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহলৈ চিঠি প্ৰেৰণ কৰি দিল্লী আৰক্ষীৰ দায়িত্ব নিৰ্ধাৰণ আৰু জবাবদিহি কৰিবলৈও তেওঁ দাবী জনায়।

উল্লেখ্য যে যোৱা ২০ জুলাইত চিজেপিৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে লাঠীচালনা আৰু জলকামান প্ৰয়োগ কৰাৰ উপৰিও ভিৰ আঁতৰাবলৈ পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছিল। সংসদৰ বৰ্ষাকালীন অধিৱেশনতো এই ঘটনাক লৈ শাসক-বিৰোধীৰ মাজত তুমুল বিতৰ্ক আৰু হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। বৰ্তমান ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত ভুক্তভোগীক ন্যায় আৰু আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত পাৰ্লিয়ামেন্ট ষ্ট্ৰীট থানাত বিপুলসংখ্যক কংগ্ৰেছ কৰ্মী-সমৰ্থকে প্ৰতিবাদ অব্যাহত ৰাখিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *